• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমগ্ৰ গুৱাহাটী পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ গঠন কৰা হ’ল ‘ফ্লায়িং স্কোৱাড’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 9, 2019 2:23 pm
Flying Squad

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰস্তাৱিত স্মাৰ্ট চিটী গুৱাহাটীৰ লেতেৰা নলা-নৰ্দমা পৰিস্কাৰ তথা ৰাস্তাই ঘাটে পৰি ৰোৱা আৱৰ্জনা আঁতৰ কৰা উদ্দেশ্যে নতুনকৈ গঠন কৰা হ’ল ‘ফ্লায়িং স্কোৱাড’ৰ দল। মুঠ ৬ টা ফ্লায়িং স্কোৱাদ দলৰ একোটাকৈ দলত থাকিব ৬ জনকৈ গুৱাহাটী পৌৰ নিগমৰ অধীনত কৰ্মৰত শ্ৰমিক।

মঙলবাৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই আনুষ্ঠানিকভাৱে মুকলি কৰিলে এই ফ্ৰায়িং স্কোৱাডৰ টীমসমূহ।

Apply Now

উল্লেখযোগ্য যে, বৰ্তমান ৭০০ শ্ৰমিক গুৱাহাটী মহানগৰ পৰিস্কাৰ-পৰিচ্ছন্ন কৰাৰ দায়িত্বত নিয়োজিত হৈ আছে। কিন্তু সেয়া পৰ্য্যাপ্ত নহয়। সেয়েহে নতুনকৈ ৬ টা ফ্লায়িং স্কোৱাডৰ টীম গঠন কৰা হ’ল বুলি জানিবলৈ দিয়ে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰে।

তদুপৰি, এয়া মহানগৰ পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবৰ বাবে গুৱাহাটী পৌৰ নিগমৰ প্ৰথম পদক্ষেপ বুলি সাংবাদিকৰ আগত উল্লেখ কৰে মালাকাৰে। লগতে একো একোটা স্কোৱাডৰ দলে প্ৰতিদিনে একো-একোটা অঞ্চলত পৰিদৰ্শনৰ বাবে যাব আৰু য’তে লেতেৰা আৱৰ্জনা দেখা পায় বা যিসমূহ নলা জাৱৰ-যোথৰৰে পৰিপূৰ্ণ হৈ আছে, সেইসমূহ চাফা কৰিব বুলিও মালাকাৰে জনায়। গুৱাহাটী পৌৰ নিগমৰ একো একোজন কাৰ্য্যবাহী অভিযন্তা এই স্কোৱাডসমূহৰ নেতৃত্বত থাকিব বুলিও জানিবলৈ দিয়ে।

আজিৰ পৰাই মহানগৰীৰ ভিন্ন প্ৰান্তত কাৰ্য্যক্ষম হ’ব স্কোৱাডৰ দলকেইটা।

আনহাতে, উক্ত উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমৰ আগত কয় ‘বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ মাধ্যমেৰে মহানগৰীত প্ৰত্যেকদিনা সৃষ্টি হোৱা আৱৰ্জনা সংগ্ৰহৰ ব্যৱস্থা চলি আহিছে। কিন্তু তাৰ মাজতো কোনো কোনো অঞ্চলত দুই-এদিন আৱৰ্জনা থাকিও যায়। সেই আৱৰ্জনাবোৰ থাকিলে নাগৰিকৰ যথেষ্ট অসুবিধা হয়। গতিকে মহানগৰৰ ৬ টা সংযোজনত ৬ টাকৈ ফ্লায়িং স্কোৱাড নিযোগ কৰা হৈছে। তেওঁলোকে যিকোনো মুহূৰ্তত সজাগ থাকিব, নাগৰিকসকলে এটা যোগাযোগ নম্বৰত ফোন কৰিলে তেওঁলোক আৱৰ্জনা থকা স্থানত গৈ উপস্থিত হ’ব আৰু তাৎক্ষণিকভাৱে আৱৰ্জনাসমূহ পৰিস্কাৰ কৰিব।‘

তেওঁ লগতে মহানগৰবাসীৰ প্ৰতি আহ্বান জনাই কয় যে ৰাইজ সজাগ হ’ব লাগিব আৰু মহানগৰখন পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখাত তেওঁলোকৰ সহযোগিতা নিত্যান্তই প্ৰয়োজন হ’ব।

আজিৰ এই অনুষ্ঠানতে দীপৰ বিলৰ ডাম্পিং গ্ৰাউণ্ডৰ চাৰিওকাষে বেৰ দিয়াৰ কথাও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

‘প্ৰতিদিনেই প্ৰায় ৫০০ টন জাৱৰ আমাৰ দীপৰ বিলৰ কাষৰ ডাম্পিং গ্ৰাউণ্ডত পৰেগৈ। এই জাৱৰখিনি পেলাবৰ বাবে বিকল্প ঠাই নাই। জিলা প্ৰশাসনৰ তৰফৰ পৰা ৰাজহ বিভাগক অনুৰোধ কৰাত চন্দ্ৰপুৰত এক ঠাই তেওঁলোকে দেখুৱাইছিল। কিন্তু সেই ঠাইখিনিও পানীত তল যায়। তেতিয়া পানীৰ সোঁতে সেই আৱৰ্জনাখিনি ব্ৰহ্মপুত্ৰৰ মাজেৰে লৈ যাব। যেতিয়ালৈকে দীপৰ বিলৰ জাৱৰখিনি স্থানান্তৰ কৰিব পৰা ভাল ঠাই এডোখৰ নিৰ্বাচন কৰিব পৰা নাযায়, তেতিয়ালৈকে ১০ কোটি টকা খৰচ কৰি ডাম্পিং গ্ৰাউণ্ডৰ চাৰিওকাষে বেৰ দিয়াৰ ব্যৱস্থা কৰিছো। যাতে আৱৰ্জনাসমূহ য’তে-ত’তে  সিঁচৰিত হৈ নাযায়।’‘এইদৰে মন্ত্ৰীগৰাকীয়ে কয়।

আনহাতে, মহানগৰ চাফ-চিকুণৰ দায়িত্বত থকা স্বেচ্ছাসেৱী সংগঠনসমূহে কিদৰে তেওঁলোকৰ কাম-কাজ কৰিছে, সেই সম্পৰ্কেও নীৰিক্ষণ কৰিব বুলি মালাকাৰে জনায়।

ইফালে মহানগৰবাসীৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে গুৱাহাটী পৌৰ নিগমে আয়োজন কৰিব সজাগতামূলক অভিযান। অহা ১৩ জুলাইৰ পৰা প্ৰত্যেক দিনা ৪ টাকৈ ৱাৰ্ডত চলোৱা হ’ব সজাগতা অভিযান।

গুৱাহাটী পৌৰ নিগমৰ ৪ জন উচ্চ পদস্থ বিষয়াই প্ৰত্যেক দিনাই ৪ টাকৈ ৱাৰ্ডত অনুষ্ঠিত কৰিব সজাগতামূলক সভা। ১৩ জুলাইৰ পৰা ২৬ নং ৱাৰ্ডৰ পৰা আৰম্ভ হ’ব এই অভিযান।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd