কোকিলাৰ গোলাপাৰাত নেশ্যনেল কংগ্ৰেছ ব্ৰিগেডৰ দ্বাৰা এন আৰ চি সহায়ক কেন্দ্ৰ মুকলি
বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাত এন এছ কে কেন্দ্ৰৰ কাষত থকা বজাৰত কংগ্ৰেছৰ ভাতৃ সংগঠন দ্যা নেশ্যনেল কংগ্ৰেছ ব্ৰিগেডৰ বঙাইগাঁও জিলা সমিতিৰ সহযোগত বুধবাৰে এটা এন আৰ চি সহায়ক কেন্দ্ৰ মুকলি কৰা হয়।
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সহায়ৰ বাবে স্থাপন কৰা সহায়ক কেন্দ্ৰটো মুকলি কৰে সমাজকৰ্মী শুকুৰ মামুদে।
সহায়ক কেন্দ্ৰটো মুকলি কৰাৰ পিছতে দ্যা নেশ্যনেল কংগ্ৰেছ ব্ৰিগেডৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি নজৰুল ইছলামৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ সম্পাদক মোজাম্মেল হুছেইনে।
তদুপৰি গোলাপাৰ-বাংলাপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য মছলেম উদ্দিন আহমেদ উপস্থিত থাকি সহায়ক কেন্দ্ৰৰ লগত সহযোগিতা কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে নাম্বাৰপাৰা-চাকলা গাওঁ পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য নুৰুল ইছলাম উপস্থিত থাকি ৰাইজৰ সমস্যা সমাধান কৰাৰ বাবে সহায়ক কেন্দ্ৰটো মুকলি হোৱাত কংগ্ৰেছৰ ভাতৃ সংগঠনটোক ধন্যবাদ জনাই সৰ্বস্তৰৰ ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান জনায়।