• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জ্ঞানৰ ডিঙি আৰু হিন্দুত্বৰ তৰোৱাল: দিল্লী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমক লৈ বিতৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 31, 2025 2:21 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্য ৱায়াৰ হিন্দীত প্ৰকাশিত লেখাৰ অসমীয়া অনুবাদ

দিল্লী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ স্থায়ী সমিতিয়ে শেহতীয়াকৈ অৰ্থনীতি আৰু ইতিহাস বিভাগক পাঠ্যক্ৰম পুনৰ বিবেচনা কৰিবলৈ নিৰ্দেশ দিছে। অৰ্থনীতি বিভাগৰ ‘লিংগ আৰু অৰ্থনীতি’ শীৰ্ষক এক পাঠ্যৰ ওপৰত সমিতিৰ সদস্যসকলে আপত্তি দৰ্শাইছে। তেওঁলোকৰ মতে, অৰ্থনীতিৰ সৈতে লিংগভিত্তিক অপৰাধৰ কোনো সম্পৰ্ক নাই। যদিও বিভাগীয় মুৰব্বীয়ে বুজাবলৈ চেষ্টা কৰিছিল যে মহিলাৰ বিৰুদ্ধে হোৱা হিংসাই দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলায়, তথাপিও দিল্লী বিশ্ববিদ্যালয়ৰ স্থায়ী সমিতি সেই যুক্তি মানি ল’বলৈ মান্তি হোৱা নাই। আনকি ‘বৈষম্যৰ অৰ্থনীতি’ (Economics of Discrimination) নামৰ এটা গুৰুত্বপূৰ্ণ বিষয়ো পাঠ্যক্ৰমৰ পৰা আঁতৰাই দিবলৈ কোৱা হৈছে, কাৰণ ‘বৈষম্য’ শব্দটোৱেই হেনো তেওঁলোকৰ বাবে শ্ৰুতিকটূ।

Apply Now

ইতিহাস বিভাগৰ ক্ষেত্ৰতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। স্থায়ী সমিতিয়ে প্ৰশ্ন কৰিছে যে বিশ্ব ইতিহাস পঢ়োৱাৰ কি প্ৰয়োজন আছে, যিহেতু দেশৰ ইতিহাসেই ইমান বিশাল! বিভাগটোৰ মতে, ইতিহাসৰ ছাত্ৰ-ছাত্ৰীসকলে বিশ্বৰ জ্ঞান আহৰণ নকৰিলে তেওঁলোক ‘নাদৰ ভেকুলী’ হৈ পৰাৰ ভয় থাকে। তথাপিও সমিতিয়ে ‘প্ৰাচীন ভাৰতীয় সমাজ আৰু অৰ্থনীতি’ বিষয়টোৰ পৰা ‘সমাজ’ শব্দটো আঁতৰাই দিবলৈ কৈছে। ইয়াৰ লগতে বহুতো প্ৰতিষ্ঠিত লেখক যেনে— শিৰীণ মুচভি, ইন্দ্ৰাণী চেটাৰ্জী আৰু ৰিচাৰ্ড ইটনৰ কিতাপসমূহ পাঠ্যক্ৰমৰ পৰা বাদ দিবলৈ নিৰ্দেশ দিয়া হৈছে। এইদৰেই মনোবিজ্ঞান, ভূগোল আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ পাঠ্যক্ৰমটো গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ পৰামৰ্শ দিয়া হৈছে।

ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা পাকিস্তান, চীন, ধৰ্মীয় ৰাষ্ট্ৰীয়তাবাদ আৰু ইছলামৰ সৈতে জড়িত অধ্যায়বোৰ আঁতৰাবলৈ কোৱা হৈছে। সমাজতত্ত্ব বিভাগক মাৰ্ক্স বা ৱেবাৰৰ দৰে বিদেশী চিন্তাবিদৰ সলনি ভাৰতীয় দৰ্শনৰ মূল্যবোধত গুৰুত্ব দিবলৈ কোৱা হৈছে। ভূগোল বিভাগৰ পৰা অনুসূচিত জাতি আৰু জনজাতিৰ সামাজিক অৱস্থানৰ দৰে বিষয়বোৰ আঁতৰাই তাৰ ঠাইত ‘ঋষি-মুনি’ৰ দৰে শব্দ ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে। দিল্লী আৰক্ষীৰ অভিযোগ অনুসৰি, পল ব্ৰাছৰ দৰে লেখকৰ কিতাপ পঢ়িলে মগজু নষ্ট হয়; গতিকে বিশ্ববিদ্যালয়ৰ বিষয়াসকলেও এতিয়া শিক্ষাৰ্থীক তেনে লেখকৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে।

হিন্দী সাহিত্যৰ ক্ষেত্ৰতো একেই অৱস্থা দেখা গৈছে। প্ৰেমচন্দৰ ‘গোদান’ উপন্যাসখনৰ এটা অংশক লৈ আপত্তি কৰা হৈছে, কাৰণ তাত এজন হিন্দুৰ দ্বাৰা গৰু হত্যাৰ কথা আছে। এনেবোৰ ৰচনা পঢ়োৱাটো ‘ধৰ্মবিৰোধী’ বুলি গণ্য কৰা হৈছে। তাৰ পৰিৱৰ্তে হিন্দু ৰাষ্ট্ৰবাদৰ অনুকূল সাহিত্যৰ সন্ধান চলিছে। স্নাতক স্তৰত শিক্ষাৰ্থীসকলক স্বচ্ছতা বা আনন্দৰ দৰে কিছুমান অনা-শৈক্ষিক বিষয় পঢ়িবলৈ বাধ্য কৰা হৈছে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে নিজকে প্ৰতাৰিত অনুভৱ কৰিছে। দিল্লী বিশ্ববিদ্যালয়ৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ নতুন নিয়মৰ বাবে বহু ছাত্ৰ-ছাত্ৰী এতিয়া বিমোৰত পৰিছে।

গৱেষণা বা পিএইচডিৰ (PhD) ক্ষেত্ৰতো পৰিস্থিতি শোচনীয় হৈ পৰিছে। কেৱল নেট (NET) বা জেআৰএফ (JRF) উত্তীৰ্ণসকলক অগ্ৰাধিকাৰ দিয়া হৈছে, যিটো পৰীক্ষা বহু সময়ত কেৱল মুখস্থ বিদ্যাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া গৱেষণাৰ বিষয়বোৰো আচৰিত ধৰণৰ হৈ পৰিছে। একাংশ ৰাজনীতিবিদৰ সাহিত্যৰ ওপৰত জোৰকৈ গৱেষণা কৰোৱা হৈছে। দেশৰ চৰকাৰী বিশ্ববিদ্যালয়বোৰ এতিয়া জ্ঞান আৰু হিন্দুত্ববাদী আদৰ্শৰ এক যুদ্ধক্ষেত্ৰত পৰিণত হৈছে। অথচ ব্যক্তিগত বিশ্ববিদ্যালয় বা বিদেশী বিশ্ববিদ্যালয়ৰ চৌহদত এনে ধৰণৰ কোনো বাধ্যবাধকতা নাই।

এই ব্যৱস্থাই জ্ঞানৰ ক্ষেত্ৰত এক নতুন বৈষম্যৰ সৃষ্টি কৰিছে। যিসকলে আধুনিক আৰু বিশ্বমানৰ গৱেষণাৰ পৰা আঁতৰি কেৱল সংকীৰ্ণ দৃষ্টিভংগীৰে শিক্ষা ল’ব, তেওঁলোকে ভৱিষ্যতে বিশ্বৰ কোনো আগশাৰীৰ প্ৰতিষ্ঠানত স্থান পোৱাটো কঠিন হৈ পৰিব। চৰকাৰী বিশ্ববিদ্যালয়ৰ শিক্ষকসকলেও এতিয়া তেওঁলোকৰ সন্তানক ব্যক্তিগত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছে যাতে তেওঁলোকে সঠিক শিক্ষা পায়। জ্ঞানৰ জগতত এতিয়া এক অমানিশা নামি আহিছে আৰু দেশৰ জনসাৰধাণে হয়তো এতিয়াও উপলব্ধি কৰিব পৰা নাই যে তেওঁলোকৰ সন্তানৰ ভৱিষ্যতৰ সৈতে কেনেধৰণৰ অন্যায় কৰা হৈছে। জ্ঞানৰ এই হত্যাৰ বাবে পৰোক্ষভাৱে তেওঁলোকেই দায়ী, যিয়ে এইসকল লোকৰ হাতত ক্ষমতা দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm
‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

August 17, 2026 7:46 pm
বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd