উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে যোৱা ৮ জানুৱাৰী, ২০২৫ তাৰিখে লক্ষ্ণৌত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কৰা মন্তব্যই বৰ্তমান দেশৰ ৰাজনৈতিক আৰু সাংস্কৃতিক মহলত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। আদিত্যনাথে উল্লেখ কৰে যে ভাৰতবৰ্ষ বুলিলে কেৱল বৰ্তমানৰ ভাৰতক নুবুজায়, বৰঞ্চ পাকিস্তান আৰু বাংলাদেশো ইয়াৰ অন্তৰ্ভুক্ত আৰু ইয়েই প্ৰকৃততে অখণ্ড ভাৰত। এই মন্তব্য কেৱল এটা আকস্মিক মন্তব্য নহয়, বৰঞ্চ ভাৰতীয় জনতা পাৰ্টি আৰু আৰ এছ এছে দীৰ্ঘদিন ধৰি আগবঢ়াই অহা অখণ্ড ভাৰতৰ ধাৰণাৰে এক অংশ। এই ধাৰণাই চুবুৰীয়া স্বাধীন দেশসমূহক ভাৰতৰ অংশ বুলি গণ্য কৰাৰ লগতে এক হিন্দু ৰাষ্ট্ৰৰ পৰিকল্পনাক প্ৰতিনিধিত্ব কৰে বুলি সমালোচকসকলে মত পোষণ কৰিছে।
এই ঘটনাৰ কিছুদিন পিছতে ১১ জানুৱাৰী, ২০২৬ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ সোমনাথত শৌৰ্য যাত্ৰাৰ নেতৃত্ব দিয়ে। সোমনাথ মন্দিৰ অভিমুখী পথত ধৰ্মীয় প্ৰতীক যেনে ত্ৰিশূল, ঔঁ আৰু ডম্বৰুৰ আকৃতিৰ আলোকসজ্জা কৰা হৈছিল। আনকি ড্ৰোন শ্ব’ৰ জৰিয়তেও অখণ্ড সোমনাথ আৰু অখণ্ড ভাৰতৰ ধাৰণাটো প্ৰদৰ্শন কৰা হয়। এই সমগ্ৰ আয়োজনটো কেৱল ধৰ্মীয় অনুষ্ঠান হৈ থকা নাছিল, বৰঞ্চ ইয়াত ধৰ্মীয় প্ৰতীক, ৰাষ্ট্ৰবাদ আৰু ইতিহাসৰ এক নতুন ব্যাখ্যাৰ সংমিশ্ৰণ দেখা গৈছিল। চৰকাৰীভাৱে স্পষ্টকৈ নক’লেও এনে ধৰণৰ প্ৰদৰ্শনে অখণ্ড ভাৰতৰ আদৰ্শকেই ৰাজহুৱাভাৱে প্ৰচাৰ কৰা বুলি ধাৰণা কৰা হৈছে।
অৱশ্যে যোগী আদিত্যনাথৰ এই দাবীক ইতিহাসবিদসকলে তীব্ৰ বিৰোধিতা কৰিছে। প্ৰখ্যাত ইতিহাসবিদ ড° ৰুচিকা শৰ্মাৰ মতে, মুখ্যমন্ত্ৰীৰ এই মন্তব্য তথ্যহীন আৰু ইতিহাসৰ পৰিপন্থী। তেওঁ উল্লেখ কৰে যে সমগ্ৰ উপ-মহাদেশখনৰ বাবে প্ৰাচীন কালত ব্যৱহৃত প্ৰথমটো নাম ভাৰত নাছিল, বৰঞ্চ হিন্দ হে আছিল। আদিত্যনাথে মহাভাৰতৰ যি শ্লোকৰ উদ্ধৃতি দিছে, সেই শ্লোকত থকা ভৰত শব্দটোৱে এটা জনগোষ্ঠীকহে বুজাইছিল, কোনো একত্ৰিত ৰাষ্ট্ৰক নহয়। আনকি ইতিহাসৰ প্ৰাচীন উৎসসমূহত আৰবসকলৰ আগমনৰ পূৰ্বে এই উপ-মহাদেশখনক এক ভৌগোলিক গোট হিচাপে স্বীকৃতি দিয়াৰ কোনো প্ৰমাণ পোৱা নাযায়।
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ মধ্যযুগীয়ইতিহাসৰ অধ্যাপক হৰবংশ মুখিয়ায়োএই ধাৰণাটোক এক ৰাজনৈতিক শ্লোগান বুলি অভিহিত কৰিছে। তেওঁৰ মতে অখণ্ড ভাৰতৰ ধাৰণাটো প্ৰাচীন ইতিহাসৰ নহয়, বৰঞ্চ বিংশ শতিকাৰ হিন্দুত্ববাদী চিন্তাবিদ বিনায়ক দামোদৰসাভাৰকাৰৰ পৰাহে সৃষ্টি হৈছে। সাভাৰকাৰে হিন্দুত্বৰ ভিত্তিত এখন অখণ্ড ভাৰতৰ কল্পনা কৰিছিল, য’ত মুছলমান আৰু খ্ৰীষ্টানসকলক ভাৰতীয় সভ্যতাৰ অনুকূল নহয় বুলি গণ্য কৰা হৈছিল। ইতিহাসবিদসকলে প্ৰশ্ন উত্থাপন কৰিছে যে যদি ভাৰত পূৰ্বৰে পৰাই এক একত্ৰিত গোট আছিল, তেন্তে বিভাজনৰ প্ৰয়োজন কিয় হৈছিল।
আন এজন বিশিষ্ট ইতিহাসবিদ ড০ চামচুল ইছলামে উল্লেখ কৰে যে হিন্দুত্ববাদী নেতাসকলে এসময়ত বিভাজনক সমৰ্থন কৰিছিল। ১৯৩৫ চনত যেতিয়া ব্ৰিটিছে বাৰ্মাক ভাৰতৰ পৰা পৃথক কৰাৰ কথা কৈছিল, তেতিয়া হিন্দু মহাসভাই সেই বিভাজনক স্বীকাৰ কৰি লৈছিল। ইয়াৰ উপৰিও লালা লাজপত ৰায়ৰ দৰে নেতাসকলেও এসময়ত মুছলমানসকলৰ বাবে পৃথক ৰাষ্ট্ৰৰ পোষকতা কৰিছিল। এতিয়া সেই একেই আদৰ্শৰ উত্তৰাধিকাৰীসকলে পুনৰ অখণ্ড ভাৰতৰ কথা কোৱাটো এক বিৰোধাভাস হিচাপে দেখা দিছে।
আৰ এছ এছৰ বিভিন্ন পুথিত আফগানিস্তান, পাকিস্তান, বাংলাদেশ, ম্যানমাৰ, নেপাল, ভূটান, শ্ৰীলংকা আৰু তিব্বতক ভাৰতৰ অংশ হিচাপে শিকোৱা হয়। মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডচেৰ অন্তিম ইচ্ছাও আছিল অখণ্ড ভাৰতৰ পুনৰ নিৰ্মাণ কৰা। বৰ্তমান সময়ত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতেও বহুবাৰ অখণ্ড ভাৰতৰ স্বপ্ন ১০-১৫ বছৰৰ ভিতৰত বাস্তৱায়িত হ’ব বুলি দাবী কৰি আহিছে। যদিও চৰকাৰী পক্ষই ইয়াক এক সাংস্কৃতিক ধাৰণা বুলি অভিহিত কৰে, তথাপিও ইয়াৰ আঁৰত থকা ৰাজনৈতিক উদ্দেশ্যক লৈ বিশেষজ্ঞসকলৰ মাজত গভীৰ উদ্বিগ্নতাৰ সৃষ্টি হৈছে।





