• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল এই সমীক্ষাত দাবী কৰা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ গ্ৰাফ নামি গৈছে। জানুৱাৰী মাহত ৫৫ শতাংশৰ পৰা তেওঁৰ জনপ্ৰিয়তাৰ গ্ৰাফ হঠাতে ৪৮.৭ শতাংশলৈ হ্ৰাস পাইছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2026 10:23 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু অৱশ্যেই জেন জি আন্দোলন। এই তিনি কাৰকৰ ফলতে মোডী চৰকাৰৰ ওপৰত ‘আস্থা’ৰ পতন ঘটিছে নেকি?  চি-ভোটাৰৰ এক সমীক্ষাৰ পিছতে এই প্ৰশ্ন উত্থাপন হৈছে।

আগষ্ট মাহত কৰা ‘মুড অৱ দ্য নেচন’ (MOTN) সমীক্ষাত তেওঁলোকে সমগ্ৰ দেশৰ ১ লাখ ১৬ হাজাৰ ৬৪৪ জন নাগৰিকৰ মতামত গ্ৰহণ কৰিছিল। ইয়াৰে ৪৭ শতাংশই মোডীৰ যুগত ‘গণতন্ত্ৰ বিপদত পৰিছে’ বুলি ভাবে। গণতন্ত্ৰৰ বিপদ নাই বুলি কোৱাসকলৰ সংখ্যা ৪২ শতাংশ। বাকীসকলে কোনো মন্তব্য দিব বিচৰা নাছিল। কিন্তু যোৱা জানুৱাৰী মাহত সমীক্ষাৰ ফলাফল সম্পূৰ্ণ বিপৰীত আছিল।

আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল এই সমীক্ষাত দাবী কৰা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ গ্ৰাফ নামি গৈছে। জানুৱাৰী মাহত ৫৫ শতাংশৰ পৰা তেওঁৰ জনপ্ৰিয়তাৰ গ্ৰাফ হঠাতে ৪৮.৭ শতাংশলৈ হ্ৰাস পাইছে।

Apply Now

কেৱল প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তাই নহয়, বিজেপিৰ আসনৰ সংখ্যাও কিছু হ্ৰাস পোৱাৰ ইংগিত দেখা গৈছে। এই সকলোবোৰৰ কাৰণ মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু নতুন প্ৰজন্মৰ মাজত ক্ৰমবৰ্ধমান ক্ষোভ বুলি কোৱা হৈছে।

তেওঁলোকে স্পষ্টকৈ কৈছে যে দেশৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে নিবনুৱা সমস্যা। ২৩ শতাংশ লোকে মুদ্ৰাস্ফীতিক আটাইতকৈ ডাঙৰ বিফলতা হিচাপে দেখিছে। আৰু ৫৬ শতাংশ লোকৰ মতে মোডী চৰকাৰৰ অৰ্থনৈতিক নীতিৰ দ্বাৰা কেৱল বৃহৎ ব্যৱসায়ীহে লাভৱান হৈছে।

এই সমীক্ষাটোত লগতে দাবী কৰা হৈছে যে যদি এতিয়া লোকসভা নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে বিজেপিয়ে নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ ১১খন আসন কম পাব। কিন্তু জানুৱাৰী মাহৰ সমীক্ষাই কি ইংগিত দিছিল? যাদুকৰী সংখ্যা ২৭২ অতিক্ৰম কৰি ২৮৭খন আসন। পশ্চিম বংগৰ নিৰ্বাচনত জয়ী নহ’লে এই সংখ্যা হয়তো আৰু হ্ৰাস পালেহেঁতেন।

এই সমীক্ষাত ইংগিত পোৱা গৈছে যে বিজেপিৰ আসনৰ সংখ্যা হ্ৰাস পালেও কংগ্ৰেছে অতিৰিক্ত ২৬খন আসন লাভ কৰিব পাৰে। কিন্তু শেহতীয়া সমীক্ষাতো কেন্দ্ৰত এন ডি এ চৰকাৰৰ স্থিতিশীলতাৰ ওপৰত কোনো ডাঙৰ সন্দেহৰ ইংগিত পোৱা নাই। কাৰণ, এন ডি এ ৩২৬ খন আসন লৈ থাকিব। অৰ্থাৎ এতিয়া ভোটদান হ’লে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ তুলনাত অংশীদাৰসকলৰ আসনৰ সংখ্যা বৃদ্ধি পাব। গতিকে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ সংখ্যা ২৯৩ অতিক্ৰম কৰি ৩২৬টা হ’ব।

বিজেপিৰ বাবে ‘মুড অৱ দ্য নেচন’ত চিন্তাৰ কাৰণ এটাই- মোডীৰ জনপ্ৰিয়তাৰ পতন। প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীৰ কাম-কাজক লৈ অসন্তুষ্টি বৃদ্ধি পোৱা বুলিও সমীক্ষাটোৱে ইংগিত দিয়ে। জানুৱাৰী মাহৰ সমীক্ষাত ৩৫.৬ শতাংশই তেওঁৰ কাম ‘অসাধাৰণ’ বুলি মতামত প্ৰকাশ কৰিছিল। এইবাৰ সেই সংখ্যা ৩০.১ শতাংশলৈ হ্ৰাস পাইছে।

কেৱল সেয়াই নহয়, ৰাম মন্দিৰ চুৰিৰ ঘটনাই একেসময়তে কেন্দ্ৰৰ মোডী চৰকাৰ আৰু উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ ভাবমূৰ্তিত ডাঙৰ আঘাত দিছে। সমীক্ষাত অংশগ্ৰহণ কৰা ৪৬.৬ শতাংশ লোকে কয় যে মোডী আৰু যোগী চৰকাৰৰ সন্দৰ্ভত প্ৰণামী চুৰিৰ ঘটনাই তেওঁলোকৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে। ৪৩.২ শতাংশ লোকে এন ডি এৰ শাসনত দুৰ্নীতি বৃদ্ধি হোৱা বুলি কৈছে।

উল্লেখযোগ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জনপ্ৰিয়তা জানুৱাৰী মাহৰ দৰেই ২৭ শতাংশত আৱদ্ধ আছে। তদুপৰি নতুন প্ৰজন্মৰ মাজত তেওঁৰ প্ৰতি আগ্ৰহ বাঢ়িছে। চৰকাৰৰ বিৰুদ্ধে অনাস্থা বাঢ়ি গৈ থাকিলে দুয়োটা শিবিৰৰ মূল নেতা দুজনৰ মাজত জনপ্ৰিয়তাৰ ব্যৱধান আৰু অধিক কমি যাব।

টিভিকেৰ নেতা তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ে মোডী আৰু ৰাহুলৰ পিছতে জনপ্ৰিয়তাৰ ক্ষেত্ৰত (৯.২ শতাংশ) তৃতীয় স্থান লাভ কৰি সকলোকে আচৰিত কৰি তুলিছে। অৰবিন্দ কেজৰিৱাল, মমতা বেনাৰ্জী, অখিলেশ যাদৱৰ দৰে অভিজ্ঞ ৰাজনীতিবিদকো তেওঁ অতিক্ৰম কৰি গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am
১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

September 6, 2026 9:16 am
সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd