• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পানপুৰ এলেকাক পৰ্যটকৰ বাবে মুকলি কৰিলে বিধায়ক পদ্ম হাজৰিকাই

উত্তম শইকীয়া by উত্তম শইকীয়া
November 22, 2020 6:41 am
FB_IMG_1605967384503~2
753
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন বনাঞ্চলৰ পিচত আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশ্বনাথ বন সংমণ্ডলৰ পানপুৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰা হয়৷

কালি পুৱা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ফিটা কাটি পানপুৰ বনাঞ্চল আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰে৷

এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিধায়ক গৰাকীৰ উপৰিও শোনিতপুৰ আৰু বিশ্বনাথ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং আৰু প্ৰনৱ কুমাৰ শৰ্মা,  গোৰ্খা উন্নয়ন পৰিষদৰ ৰাজ্যিক সদস্য মতি কুমাৰ নেৱাৰ আৰু কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, নদুৱাৰ,  বিশ্বনাথ বন সংমণ্ডলৰ ডি এফ অ’ মুকুট দাসৰ উপৰিও পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ প্ৰতিনিধিৰ লগতে কহঁৰা আৰু বাগৰিৰ জীপ চাফাৰী সন্থাৰ প্ৰতিনিধিও উপস্থিত থাকে৷

উদ্বোধনৰ পিচতেই পানপুৰত প্ৰৱেশ কৰা পৰ্যটকে অঞ্চলটোত হাতী, গঁড়ৰ, হৰিণৰ জাকৰ লগতে জলচৰ পৰিভ্ৰমীও পক্ষীও দৰ্শন কৰে৷

অনুষ্ঠানতে বিধায়ক পদ্ম হাজৰিকাই কাজিৰঙাৰ কৰ্তৃপক্ষৰহৈ বিশ্বনাথ বন সংমণ্ডলৰ অধীনৰ চাকিঘাট অঞ্চলৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিসমূহক প্ৰথম কিস্তিৰ ২৫ লাখকৈ টকাৰ চেক প্ৰদান কৰে ৷

উল্লেখ যে কোভিড ১৯ ৰ সংক্ৰমনৰ মাজতে ২১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা এটা মাহত মুঠ ১১,৯৬৮ গৰাকী পৰ্যটকে প্ৰৱেশ কৰি বন্যপ্ৰাণীৰ লগতে নৈশৰ্গিক দৃশ্যও উপভোগ কৰে৷

ইয়াৰে ভিতৰত মুঠ ২৭ গৰাকী বিদেশী পৰ্যটকো থকা বুলি কাজিৰঙাৰ কৰ্তৃপক্ষই জনাইছে৷

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd