• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অপৰাজেয়! আজি শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৭ সংখ্যক মৃত্যু বাৰ্ষিকী; একাঁজলি শ্ৰদ্ধাঞ্জলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2023 9:42 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৯৬চনৰ ১৭ মে’ত গুৱাহাটীৰ ৰাজগড়ত আততায়ীৰ গুলীত নিহত হৈছিল ৰাজ্যখনৰ এগৰাকী বলিষ্ঠ সাংবাদিক পৰাগ কুমাৰ দাসৰ। আজি তেওঁৰ ২৭ সংখ্যক মৃত্যু বাৰ্ষিকী। ৰাজ্যখনৰ অজস্ৰ গুণমুগ্ধই আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত সাংবাদিকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাইছে।

বুধবাৰ নামৰ সাপ্তাহিক কাকতখনৰ জৰিয়তে অসমৰ সাংবাদিকতাত জাতীয়তাবাদৰ নতুন দৃষ্টিভংগীৰ উন্মেষ ঘটোৱা প্ৰয়াত সাংবাদিকগৰাকীয়ে পৰৱৰ্তী সময়ত অসমীয়া প্ৰতিদিন কাকতৰ জন্মলগ্নৰে পৰা কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখযোগ্য যে ১৯৯৬ চনৰ ১৭ মে’ত সেইসময়ৰ ৰাজগড়স্থিত জাতীয় বিদ্যালয়ৰ পৰা পুত্ৰ ৰোহনক আনিবলৈ যাওঁতে আততায়ীৰ ২৩ জাই গুলীয়ে থকাসৰকা কৰিছিল সাংবাদিক পৰাগ কুমাৰ দাসক। শূন্য দূৰত্বৰ পৰা চাৰিজনীয়া আততায়ীৰ দলটোৱে গুলীয়াই নিহত কৰিছিল সাংবাদিকতাৰ প্ৰতিবাদী কণ্ঠ পৰাগ কুমাৰ দাসক।

Apply Now

লগতে পঢ়ক: ভাষণ দি থকা মুখ্যমন্ত্ৰীৰ মঞ্চলৈ নিজৰ ১ বছৰীয়া সন্তানক দলিয়াই দিলে পিতৃয়ে! কিন্তু কিয়?

আজিও প্ৰয়াত সাংবাদিকগৰাকীক অজস্ৰ গুণমুগ্ধই পৰাগ কুমাৰ দাসৰ হত্যাৰ ঘটনাৰ প্ৰকৃত ন্যায়ৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও সময়ৰ সোঁতত বিষয়টো পাহৰণিৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম হোৱাহে দেখা গৈছে।

দিল্লী স্কুল অৱ ইক’নমিকছৰ এসময়ৰ মেধাৱী ছাত্ৰ পৰাগ কুমাৰ দাসে ‘গুৱাহাটী ষ্টক এক্সচেঞ্জৰ লোভনীয় চাকৰি বাদ দি স্বতন্ত্ৰ সাংবাদিকতা আৰু মানৱ অধিকাৰ সংগ্ৰামৰ কৰ্মীৰূপে কাম কৰিছিল। মানৱ অধিকাৰ সংগ্ৰাম সমিতি, উত্তৰ পূৱ মানৱ অধিকাৰ সমন্বয়ৰক্ষী সমিতি, বাক স্বাধীনতা সংগ্ৰাম সমিতি আৰু গণতান্ত্ৰিক সংগ্ৰাম সমিতিৰ নেতাৰ লগতে প্ৰথম দুটাৰ সচিব প্ৰধানৰূপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

মানৱ অধিকাৰ কৰ্মীৰূপে তেওঁ ৰাষ্ট্ৰৰ আৰু সেনাৰ নিগৃহীত লোকৰ অধিকাৰ হকে যুঁজিছিল। উল্লেখ্য যে, সেই সময়ত আলফাৰ ওপৰত ৰাষ্ট্ৰই নমাই অনা দমনমূলক কাৰ্যৰ তেওঁ তীব্ৰ বিৰোধিতা কৰিছিল। নিৰীহ মানুহৰ অধিকাৰৰ হকে যুঁজাৰ লগতে  সেনাৰ দ্বাৰা লাঞ্চিত ধৰ্ষিতাসকলৰ ন্যায় প্ৰাপ্তিৰ বাবেও সংগ্ৰাম কৰি জনসচেতনতা বৃদ্ধিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল।

দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীভূত ক্ষমতা বিন্যাসৰ প্ৰবল বিৰোধী পৰাগ কুমাৰ দাসে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ বাবে সোচ্চাৰ হোৱা দেখা গৈছিল।

লগতে পঢ়ক: উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ইউক্ৰেইনৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

অসমৰ স্বাধীনতাৰ প্ৰশ্নত বহু সময়ত তেওঁ আলফাৰ সংগ্ৰামখনক তীক্ষ্ণ নজৰ দিয়া পৰিলক্ষিত হৈছিল। য’ত আলফাৰ আদৰ্শক সমৰ্থন নকৰিলেও তেওঁ কিছু নীতিক নিজস্ব দৰ্শনেৰে পৰ্যালোচনা কৰি অসমৰ হিতৰ বাবে মাত মতা দেখা গৈছিল।

পৰাগ কুমাৰ দাসে আলফাৰ সাৰ্বভৌম স্বাধীন অসম সমৰ্থন নকিৰেলও কেন্দ্ৰৰ পৰা অসমৰ অৰ্থনৈতিক স্বাধীনতাৰ দাবী কৰিছিল। বিশেষতঃ অসমৰ সম্পদৰ ওপৰত অসমৰ অধিকাৰ দাবী তুলিছিল।

তেওঁ বহুবাৰ ৰাষ্ট্ৰ ৰোষত পৰিবলগীয়া হৈছিল। ১৯৯২ আৰু ১৯৯৩ চনত পৰাগ কুমাৰ দাসক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আৰু টাডাৰ অধীনত গ্ৰেপ্তাৰ কৰি চৰকাৰে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।

পৰাগ কুমাৰ দাসে বিভিন্ন কাকত আলোচনীত চৰকাৰী নীতি আৰু ৰাজনৈতিক ব্যৱস্থাটোক কঠোৰ সমালোচনা কৰাৰ লগতে অন্তৰ্ভেদী যোৱাকৈ অব্যৱস্থাটোৰ অস্ত্ৰোপচাৰ কৰিছিল।

লগতে পঢ়ক: বিবাহিত জীৱনত ইজনে সিজনক সন্তুষ্ট আৰু সুখী কৰাৰ উপায় কি? চাওক চাণক্য নীতি

তেওঁৰ স্বাধীনতাৰ প্ৰস্তাৱ শীৰ্ষক গ্ৰন্থখন চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিল।

তেওঁৰ তীক্ষ্ণধী কলমেৰে বিভিন্ন নিৱন্ধ-প্ৰৱন্ধৰ লগতে নিৰ্গত হৈছিল ক্ৰমে ছাংলট ফেন্লা, স্বাধীনতাৰ প্ৰস্তাৱ, নিষিদ্ধ কলম আৰু অন্যান্য, আমি যি কথা কৈছিলো(সাংবাদিক অজিত কুমাৰ ভূঞাৰ সৈতে যুটীয়াভাৱে), ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি, মোক স্বাধীনতা লাগে, স্বাধীন অসমৰ অৰ্থনীতি আদি গ্ৰন্থ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd