NORTHEAST NOW (Assamese)

পঢ়া-শুনাত ভাল হোৱাৰ শাস্তি! পৰীক্ষা দিবলৈ যোৱাৰ পথত দলিত ছাত্ৰৰ আঙুলি কাটিলে দুষ্কৃতিকাৰীয়ে

March 11, 2025 6:30 pm · এন ই নাও নিউজ, গুৱাহাটী

পুনৰ দলিতৰ ওপৰত হোৱা এক বৰ্বৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। পৰীক্ষা দিবলৈ যোৱাৰ পথত এজন দলিত ছাত্ৰৰ আঙুলি কাটি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে।

তামিলনাডুত সংঘটিত হৈছে এই নৃশংস ঘটনা।

সূত্ৰ অনুসৰি স্কুলীয়া ছাত্ৰগৰাকীয়ে কিছুদিন পূৰ্বে কাবাডী মেচত আন ছাত্ৰৰ দল এটাক পৰাস্ত কৰিছিল। যাৰ বাবে প্ৰতিশোধ ল’বলৈ তেওঁৰ আঙুলি কাটি পোলোৱা হ’ল।

কিন্তু ছাত্ৰজনৰ পৰিয়ালৰ মতে, এনে নৃশংস ব্যৱহাৰ বৰ্ণবাদৰ বাবেই হৈছিল।

আহত ছাত্ৰজনৰ নাম দেৱেন্দ্ৰন। একাদশ শ্ৰেণীৰ ছাত্ৰজনৰ পিতৃ পেছাত দৈনিক মজুৰি শ্ৰমিক। পঢ়া-শুনাৰ উপৰিও দেৱেন্দ্ৰন কাবডী খেলতো ভাল। যোৱা সোমবাৰে তেওঁ বাছেৰে পৰীক্ষা দিবলৈ ওলাইছিল। কিন্তু হঠাৎ তিনিজন মানুহে বাছখন ঘেৰি ধৰিলে। দেৱেন্দ্ৰনক বাছৰ পৰা টানি আনি বাওঁহাতৰ আঙুলি কাটি পেলালে। লগতে দেৱেন্দ্ৰৰ পিতৃ থাংগা গণেশে বাধা দিবলৈ যাওঁতে দুষ্কৃতিকাৰীয়ে তেওঁকো আক্ৰমণ কৰে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় দেৱেন্দ্ৰন। বৰ্তমান চিকিৎসকে তেওঁৰ কটা আঙুলিটো অস্ত্ৰোপচাৰৰ জৰিয়তে পুনৰ সংলগ্ন কৰাৰ চেষ্টা চলাইছে।

এই ঘটনাত ইতিমধ্যে তিনিজন নাবালকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Related News