• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2025 5:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি সময়ত ৰাজ্যত চৰ্চাত আছে গৰু । সাংসদ, বিধায়ক, মন্ত্রীপত্নী, নেতা-পালিনেতা, মন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰ, পশু চিকিৎসক আদিয়ে গো-পালনৰ বিবিধ চৰকাৰী সা-সুবিধা, ৰাজসাহায্য লোৱাৰ কথা পোহৰলৈ অহাৰ পাছতেই সামাজিক মাধ্যমৰ পৰা ৰাজনীতিলৈ সকলোতে গৰুৰ প্ৰসংগই চৰ্চা লাভ কৰিছে।

চৰকাৰী মদদপুষ্ট শক্তিয়ে ৰাজসাহায্য লাভ কৰাৰ বিপৰীতে ৰাজ্যৰ গো-পালন, দুগ্ধ উৎপাদনৰ ছবিখন দেখিবলৈ পোৱা গৈছে অতি শোচনীয় ! জানিব পৰা মতে, বহু গো পালকে গো-পালন এৰি আন অন্য কৰ্মৰ লগত জড়িত হ’বলৈ ধৰিছে ৷ এই তথ্য সদৰী কৰিছে The Assam State Co-Operative Milk Marketing Federation Ltd-এ ।

Apply Now

ETV ভাৰতৰ আগত ফেডাৰেচনৰ তদৰ্থ কমিটীৰ সভাপতি বিৰিঞ্চি কাশ্যপৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ কয়, ‘‘শেহতীয়াকৈ জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ নামত ৰাজ সাহায্য পোৱাটো এতিয়াহে পোহৰলৈ আহিছে । বিগত ৫ বছৰত এনে উদাহৰণ বহুত পোৱা যাব । মন্ত্ৰী, বিধায়ক, মন্ত্ৰীৰ নিজৰ মানুহে এনেবোৰ সুবিধা লাভ কৰিছে ।’’

বিৰিঞ্চি কাশ্যপে আৰু কয়, ‘‘যুৱ প্ৰজন্মক আত্মনিৰ্ভৰ কৰাৰ কথা চৰকাৰে শ্ল’গান দি আহিছে । প্ৰকৃতাৰ্থত সেয়া হোৱা নাই । প্ৰকৃতাৰ্থত যিসকল গো- পালকে গো-পালন কৰি আছে তেওঁলোকৰ মন ভাগি গৈছে । গৰুৰ খাদ্যৰ মূল্যবৃদ্ধিয়ে তেওঁলোকক জুৰুলা কৰি পেলাইছে । সেয়ে বিভিন্ন অঞ্চলৰ সাধাৰণ গো-পালকে গৰু বিক্ৰী কৰি অন্য ব্যৱসায় আৰম্ভ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । প্ৰকৃত গো-পালকসকল চৰকাৰী আঁচনি লাভৰ পৰা বঞ্চিত হৈ আছে ।’’

তেওঁ লগতে কয়, ‘‘তদুপৰি সমবায়ৰ জৰিয়তে গো-পালকে গাখীৰ বিক্ৰী কৰিলে লিটাৰে প্ৰতি ৫ টকাকৈ ৰাজসাহায্য লাভ কৰিব বুলি দুবছৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা আজিলৈ কাৰ্যকৰী নহ’ল । দানা, চাপৰ আদিৰ দাম উৎপাদনকাৰী প্রতিষ্ঠানে নিজৰ খেয়াল-খুচি মতে যেতিয়াই-তেতিয়াই বঢ়াই দিয়ে । তেওঁলোকক নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ কোনো‌ধৰণৰ নীতি নিয়ম নাই । গ্ৰাম্য অৰ্থনীতি আগবঢ়াই নিবলৈ পথাৰত ধান, গোহালিত গৰু আৰু পুখুৰীত মাছৰ লাগিবই । এই তিনিটা ক্ষেত্ৰত যিসকল থলুৱা লোকে কাম কৰিবলৈ আহিছে, তেওঁলোকৰ কামিহাঁড় ভাঙি দিছে । বনিক গোষ্ঠীক ধনী কৰিছে ।”

তেওঁ লগতে কয়, ‘‘National Programme For Dairy Development চমুকৈ NDDB-এ গৰুখুটিলৈ ৩০০ গীৰ গাই আনিছিল । ৰুগীয়া গৰু দিছিল । ইয়াৰ পিছতো অসম চৰকাৰ আৰু wamul আৰু NDDB ৰ ত্ৰিপক্ষিক চুক্তি কৰিছে । অসমত লুণ্ঠন কৰিবলৈ বাছি লৈছে NDDB-এ ।’’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am
১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd