• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৫ ফেব্ৰুৱাৰিত মুখ্য মন্ত্ৰীয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিব ৬ নং দফাৰ উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন : হিমন্ত বিশ্ব

"বিদ্যালয়ৰ আগৰ পৰা উঠোৱা হ’ল মোক্তাব শব্দ"

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 22, 2020 6:56 pm
Himanta Biswa

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাজ্য চৰকাৰৰ বিত্ত, গড়কপ্টানী, শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তিনিটা বিশেষ ঘোষণাৰ বাবে জনতা ভৱনত সংবাদমেল সম্বোধন কৰে।

মন্ত্ৰীজনৰ ঘোষণা- অহা ২৫ ফেব্ৰুৱাৰিত ৬ নং দফা ৰূপায়ণৰ পৰামৰ্শ দিয়াৰ নিমিত্তে গঠন কৰা উচ্চস্তৰীয় কমিটীয়ে দিনৰ ১২ বজাত মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি প্ৰতিবেদনখন প্ৰদান কৰিব।

Apply Now

প্ৰতিবেদন গ্ৰহণ কৰাৰ সময়ত ৰাজ্য চৰকাৰৰ সমগ্ৰ কেবিনেট মন্ত্ৰীসকল উপস্থিত থাকিব। প্ৰতিবেদনখন গ্ৰহণ কৰিয়েই লগে লগে দিল্লীলৈ প্ৰেৰণ কৰা হ’ব।

ইপিনে, প্ৰয়োজন সাপেক্ষে কমিটিখনৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অধিক আলোচনাত মিলিত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

সংবাদমেলত দ্বিতীয়টো ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয়, “নামৰ আগত মোক্তাব লিখা ৬৩খন বিদ্যালয় আছে। পূৰ্বতে তাত মোক্তাবী শিক্ষা দিয়া হৈছিল, বৰ্তমান তাত মোক্তাবী শিক্ষা দিয়া নহয়। গতিকে ৰাজ্য চৰকাৰে এই বিদ্যালয়সমূহৰ নামৰ পৰা মোক্তাব শব্দটো কৰ্তনৰ বাবে নিৰ্দেশ দিছে”।

তেওঁ লগতে কয়, “এই বিদ্যালয়বোৰৰ পৰা অন্য ডাঙৰ স্কুলত নাম লগাবলৈ গ’লে “মোক্তাব” শব্দটোৰ বাবেই ধৰ্মীয় শিক্ষা লৈ অহা বুলি ধাৰণা হোৱাত ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণ শিক্ষাত সুবিধা লাভ কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈ আহিছিল। গতিকে আজি এক নিৰ্দেশনাৰ জৰিয়তে মোক্তাব শব্দটো বিদ্যালয়সমূহৰ পৰা উঠাই দিবলৈ আহ্বান জনোৱা হৈছে”।

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে  সংবাদমেলত তৃতীয়টো ঘোষণা কৰি কয়, “২০১৯-২০ বৰ্ষৰ বাজেটত ঘোষণা কৰা অনুসৰি ‘অসম দৰ্শন’ আঁচনিৰ জৰিয়তে অসমৰ ১০০ বছৰ বা তাতকৈ বেছি পুৰণি ৯১৫খন ধৰ্মীয় উপাসনাস্থলীৰ উন্নয়ন কৰা হ’ব”।

মন্ত্ৰীগৰাকীয়ে জনায়, এইবোৰৰ ভিতৰত দেৱালয় ৭৮টা, মন্দিৰ ৪৫৯টা, সত্ৰ ১৮৬খন, নামঘৰ ১২৩টা, মছজিদ বা মাঝাৰ ৪৭টা আৰু গীৰ্জা ২৬টা আছে।

অসমত থকা ৭৪টা দেৱালয়ক বাৰ্ষিক দি অহা পুঁজিৰ পৰিমাণ দুই লাখ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও মন্ত্ৰীজনে জনায়।

তদুপৰি, ১০০ বছৰ পুৰণি মন্দিৰ, মছজিদ, গীৰ্জালৈ আন্তঃগাঁথনি উন্নয়নৰ বাবে বছৰি ১০ লাখ টকাকৈ সাহায্য আগ বঢ়োৱা হ’ব। আন্তঃগাঁথনি উন্নয়নৰ বিশেষ এটা পৰ্য্যায়লৈকে বছৰি এই সাহায্য লাভ কৰি থাকিব। এই উদ্দেশ্যে বাজেটত ৯১.৫ কোটি টকা ধাৰ্য্য কৰা হৈছে, মন্ত্ৰীজনে কয়।

“ইয়াৰপোৰি ধৰ্মীয় অনুষ্ঠানলৈ পথৰ যোগাযোগ ব্যৱস্থা উন্নয়নৰ বাবে গড়কপ্টানী বিভাগে বহু কাৰ্য্যাৱলী ৰূপায়ণ কৰিব আৰু ইয়াৰ বাবে ইতিমধ্যে ৬১৫ কোটি টকা আগ বঢ়োৱা হৈছে”, মন্ত্ৰীজনে কয়।

ইতিমধ্যে অসম দৰ্শন আঁচনি ৰূপায়ণৰ বাবে বিত্ত বিভাগে ৭১০ কোটি টকা আবণ্টন দিছে বুলিও জানিবলৈ দিয়ে।

অহা ২৪ ফেব্ৰুৱাৰিত ধৰ্মীয় অনুষ্ঠানসমূহক আনুষ্ঠানিকভাৱে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এই আৰ্থিক সাহায্যসমূহ প্ৰদান কৰিব বুলি জানিবলৈ দি তেওঁ কয় যে প্ৰত্যেকটো ধৰ্মীয় অনুষ্ঠানৰ পৰা ১০গৰাকী প্ৰতিনিধি এই সভাত উপস্থিত থাকিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am
মুকলি হ’ব হৰমুজ, দেওবাৰেই ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি, ডাঙৰ ঘোষণা ট্ৰাম্পৰ

মুকলি হ’ব হৰমুজ, দেওবাৰেই ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি, ডাঙৰ ঘোষণা ট্ৰাম্পৰ

June 14, 2026 10:25 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 14, 2026 10:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd