• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ অন্যতম ইছলামিক শিক্ষা প্ৰতিষ্ঠান জয়নগৰ মাদ্ৰাছাত অৰাজক পৰিস্থিতি

সাতজনকৈ অভিজ্ঞ শিক্ষকক বাধ্যতামূলক অব্যাহতি দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
January 8, 2021 11:47 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ উত্তৰ-পূবৰ ভিতৰতে অন্যতম ইছলামিক শিক্ষা প্ৰতিষ্ঠান ঐতিহ্যমণ্ডিত দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সভাপতিকে ধৰি একাংশ সদস্যৰ কেতবোৰ কাণ্ডৰ বাবেই সম্প্ৰতি অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে।

শেহতীয়াকৈ মাদ্ৰাছাখনত সুদীৰ্ঘ বছৰ ধৰি শিক্ষকতা কৰি অহা সাতগৰাকীকৈ অভিজ্ঞ শিক্ষকক বাধ্যতামূলক অৱসৰ দিয়াক লৈ এই অৰাজক পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।

Apply Now

দীৰ্ঘদিন ধৰি বিতৰ্কত থকা মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি নজৰুল ইছলামৰ অনুগত একাংশ সদস্যই বয়স আৰু বেমাৰৰ অজুহাত দেখুৱাই অতি কৌশলেৰে অব্যাহতি দিছে সাত গৰাকী শিক্ষকক।

এই সাতগৰাকী শিক্ষক হৈছে মুফতি শ্বেখ মহম্মদ আলী, মৌলানা মাজাহাৰুল ইছলাম, মৌলানা আব্দুল জব্বৰ, মৌলানা আয়ুব আলী, মৌলানা আব্দুল হান্নান, মৌলানা জাকিৰ হুছেইন আৰু মৌলানা মুছদ্দৰ আলী।

আনকি, আন পাঁচ গৰাকী শিক্ষকক পাঠদান কাৰ্যৰ পৰা অব্যাহতি দি কৰ্মচাৰীৰ কামত নিয়োগ কৰিছে।

এই সমগ্ৰ বিষয় সন্দৰ্ভত স্থানীয় প্ৰায় শতাধিক ৰাইজৰ স্বাক্ষৰ সম্বলিত এক অভিযোগ পত্ৰ হোজাই জিলা উপায়ুক্তক ইতিমধ্যে দাখিল কৰিছে।

উক্ত অভিযোগ পত্ৰত উল্লেখ কৰা অনুসৰি, মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে উল্লেখিত শিক্ষক কেইগৰাকীক আঁতৰাই নিজৰ অঙহী বঙহীৰ লোকক উক্ত পদ সমূহত নিযুক্তি দিছে।

ইছলামত শিক্ষকৰ কোনো অৱসৰৰ নিয়ম নাই যদিও এই কাৰ্য কৰি সভাপতিয়ে ইছলামিক নীতি-নিয়মৰ পৰিপন্থী কাম কৰাৰো অভিযোগ তুলিছে ৰাইজে।

অকল ইমানেই নহয়, সভাপতি গৰাকীয়ে মাদ্ৰাছা পৰিচালনাৰ ক্ষেত্ৰত মাদ্ৰাছা গৃহৰ অতিকৈ স্থানীয় তথা মাদ্ৰাছা প্ৰতিষ্ঠাৰ লগত জৰিত একাংশ লোকক আওকাণ কৰি একনায়কত্ববাদ নীতিৰে মাদ্ৰাছাখন পৰিচালনা কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে।

পৰিচালনা সমিতিৰ দায়িত্বহীন কাণ্ডৰ বাবে ২০১৭ চনৰ পৰা মাদ্ৰাছা পৰিচালনা সমিতিৰ চৰকাৰী পঞ্জীয়নৰ নবীকৰণ হোৱা নাই।

আনহাতে, অৰ্থলিপ্সু সভাপতি গৰাকীয়ে এদিন মাদ্ৰাছা চৌহদত প্ৰৱেশ কৰিলে পাঁচ হাজাৰ টকাকৈ মাননি লোৱাৰ কথাও চৰ্চা চলিছে।

ইপিনে, মাদ্ৰাছাখনৰ বেংক একাউণ্টত থকা ৬ কোটি টকা পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকে কৌশলেৰে উঠাই হস্তগত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ আন এক গুৰুতৰ অভিযোগৰ কথা অভিযোগ পত্ৰখনত উল্লেখ কৰিছে।

সম্পূৰ্ণ ৰাজনীতিৰ আওতাৰ বাহিৰত থাকিব লগা ১৯৩২ চনতে প্ৰতিষ্ঠিত মাদ্ৰাছাখন দীৰ্ঘদিন ধৰি আজমল এণ্ড কোম্পানীৰ ইংগিতত চলি অহাৰ কথাও সৰ্বত্ৰ চৰ্চা চলিছে‌।

সেয়ে সম্পূৰ্ণ অৰাজনৈতিক তথা নিৰপেক্ষ আৰু ধাৰ্মিক লোকৰ দ্বাৰা এখন সুস্থ পৰিচালনা সমিতি গঠন কৰি ঐতিহ্যমণ্ডিত মাদ্ৰাছাখন পৰিচালনা কৰিবলৈ দাবী জনাইছে ৰাইজে।

মুৰুলী বৰুৱা

মুৰুলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd