সমগ্ৰ উত্তৰ-পূবৰ ভিতৰতে অন্যতম ইছলামিক শিক্ষা প্ৰতিষ্ঠান ঐতিহ্যমণ্ডিত দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সভাপতিকে ধৰি একাংশ সদস্যৰ কেতবোৰ কাণ্ডৰ বাবেই সম্প্ৰতি অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে।
শেহতীয়াকৈ মাদ্ৰাছাখনত সুদীৰ্ঘ বছৰ ধৰি শিক্ষকতা কৰি অহা সাতগৰাকীকৈ অভিজ্ঞ শিক্ষকক বাধ্যতামূলক অৱসৰ দিয়াক লৈ এই অৰাজক পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।
দীৰ্ঘদিন ধৰি বিতৰ্কত থকা মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি নজৰুল ইছলামৰ অনুগত একাংশ সদস্যই বয়স আৰু বেমাৰৰ অজুহাত দেখুৱাই অতি কৌশলেৰে অব্যাহতি দিছে সাত গৰাকী শিক্ষকক।
এই সাতগৰাকী শিক্ষক হৈছে মুফতি শ্বেখ মহম্মদ আলী, মৌলানা মাজাহাৰুল ইছলাম, মৌলানা আব্দুল জব্বৰ, মৌলানা আয়ুব আলী, মৌলানা আব্দুল হান্নান, মৌলানা জাকিৰ হুছেইন আৰু মৌলানা মুছদ্দৰ আলী।
আনকি, আন পাঁচ গৰাকী শিক্ষকক পাঠদান কাৰ্যৰ পৰা অব্যাহতি দি কৰ্মচাৰীৰ কামত নিয়োগ কৰিছে।
এই সমগ্ৰ বিষয় সন্দৰ্ভত স্থানীয় প্ৰায় শতাধিক ৰাইজৰ স্বাক্ষৰ সম্বলিত এক অভিযোগ পত্ৰ হোজাই জিলা উপায়ুক্তক ইতিমধ্যে দাখিল কৰিছে।
উক্ত অভিযোগ পত্ৰত উল্লেখ কৰা অনুসৰি, মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে উল্লেখিত শিক্ষক কেইগৰাকীক আঁতৰাই নিজৰ অঙহী বঙহীৰ লোকক উক্ত পদ সমূহত নিযুক্তি দিছে।
ইছলামত শিক্ষকৰ কোনো অৱসৰৰ নিয়ম নাই যদিও এই কাৰ্য কৰি সভাপতিয়ে ইছলামিক নীতি-নিয়মৰ পৰিপন্থী কাম কৰাৰো অভিযোগ তুলিছে ৰাইজে।
অকল ইমানেই নহয়, সভাপতি গৰাকীয়ে মাদ্ৰাছা পৰিচালনাৰ ক্ষেত্ৰত মাদ্ৰাছা গৃহৰ অতিকৈ স্থানীয় তথা মাদ্ৰাছা প্ৰতিষ্ঠাৰ লগত জৰিত একাংশ লোকক আওকাণ কৰি একনায়কত্ববাদ নীতিৰে মাদ্ৰাছাখন পৰিচালনা কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে।
পৰিচালনা সমিতিৰ দায়িত্বহীন কাণ্ডৰ বাবে ২০১৭ চনৰ পৰা মাদ্ৰাছা পৰিচালনা সমিতিৰ চৰকাৰী পঞ্জীয়নৰ নবীকৰণ হোৱা নাই।
আনহাতে, অৰ্থলিপ্সু সভাপতি গৰাকীয়ে এদিন মাদ্ৰাছা চৌহদত প্ৰৱেশ কৰিলে পাঁচ হাজাৰ টকাকৈ মাননি লোৱাৰ কথাও চৰ্চা চলিছে।
ইপিনে, মাদ্ৰাছাখনৰ বেংক একাউণ্টত থকা ৬ কোটি টকা পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকে কৌশলেৰে উঠাই হস্তগত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ আন এক গুৰুতৰ অভিযোগৰ কথা অভিযোগ পত্ৰখনত উল্লেখ কৰিছে।
সম্পূৰ্ণ ৰাজনীতিৰ আওতাৰ বাহিৰত থাকিব লগা ১৯৩২ চনতে প্ৰতিষ্ঠিত মাদ্ৰাছাখন দীৰ্ঘদিন ধৰি আজমল এণ্ড কোম্পানীৰ ইংগিতত চলি অহাৰ কথাও সৰ্বত্ৰ চৰ্চা চলিছে।
সেয়ে সম্পূৰ্ণ অৰাজনৈতিক তথা নিৰপেক্ষ আৰু ধাৰ্মিক লোকৰ দ্বাৰা এখন সুস্থ পৰিচালনা সমিতি গঠন কৰি ঐতিহ্যমণ্ডিত মাদ্ৰাছাখন পৰিচালনা কৰিবলৈ দাবী জনাইছে ৰাইজে।