• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষিভূমি ৰক্ষাৰ দাবীত ১২ চেপ্তেম্বৰত মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত হ’ব ৰাজ্যিক কৃষক অভিৱৰ্তন 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2023 9:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ পূৰ্বে কৃষকৰ আয় দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দি শাসন ক্ষমতালৈ অহাৰ পিছত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ কৃষক বিৰোধী কৃষি নীতিয়ে কৃষি উৎপাদন ব্যয়হে কেবাগুণ বৃদ্ধি কৰিলে৷ স্বামীনাথন আয়োগৰ পৰামৰ্শ আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি দিয়া নৰেন্দ্ৰ মোডী চৰকাৰে তিনিখন কৃষক বিৰোধী কৃষি আইন গ্ৰহণ কৰি কৃষিক কৃষকৰ পৰা কাঢ়ি নি কৰ্প’ৰেটক গতাই দিবলৈ ষড়যন্ত্ৰ কৰিছিল৷ 

দেশৰ পাঁচশৰো অধিক কৃষক সংগঠনৰ যৌথ মঞ্চ সংযুক্ত কিষাণ মৰ্চাই ঐতিহাসিক দিল্লী আন্দোলন কৰি কৃষক বিৰোধী আইন তিনিখন প্ৰত্যাহাৰ কৰিবলৈ নৰেন্দ্ৰ মোডী চৰকাৰক বাধ্য কৰিছিল৷ সংযুক্ত কিষাণ মৰ্চাৰ লগত হোৱা চুক্তিৰ আন বহু গুৰুত্বপূৰ্ণ দাবী কেন্দ্ৰীয় চৰকাৰে পালন নকৰি দেশৰ কৃষক সমাজৰ লগত বিশ্বাসঘাটতকতা কৰিলে৷ 

Apply Now

চুক্তিৰ অন্যতম চৰ্ত অনুযায়ী ফচলৰ নিম্নতম সহায়ক মূল্য নিৰ্ধাৰণৰ বাবে গঠন কৰা কমিটিত দিল্লীৰ কৃষক আন্দোলন বিৰোধী ব্যক্তি সমূহকহে স্থান দিলে৷ সংযুক্ত কিষাণ মৰ্চাই বাৰাম্বাৰ সকীয়নি দিয়া স্বত্বেও নৰেন্দ্ৰ মোডি,  অমিত শ্বাহৰ কেন্দ্ৰীয় চৰকাৰে চুক্তি অৱজ্ঞা কৰি আহিছে৷ সেয়ে সংযুক্ত কিষাণ মৰ্চাই সমগ্ৰ দেশজুৰি দ্বিতীয় পৰ্যায়ৰ কৃষক আন্দোলন ঘোষণা কৰিছে৷

অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৃষি নীতিক অন্ধভাৱে অনুসৰণ কৰি কৃষি আৰু কৃষক বিৰোধী অৱস্থান গ্ৰহণ কৰিছে৷ গ্ৰামাঞ্চলত দৰিদ্ৰতা বৃদ্ধি পাইছে৷ লেণ্ড বেঙ্কৰ জৰিয়তে কৃষকৰ সলনি কৰ্প’ৰেটক মাটি দিয়াৰ ষড়যন্ত্ৰ চলোৱা হৈছে৷ বেছিভাগ ভোগ, দখলীকৃত মাটিৰ পট্টা দিয়া হোৱা নাই বা বৈষম্য কৰা হৈছে৷ বাৰাম্বাৰ দাবী কৰি অহা স্বত্বেও যোৱা ষাঠি বছৰে ৰাজ্যত ভূমিৰ জৰীপ নহ’ল৷ বনাঞ্চল অধিকাৰ আইন, ২০০৬ক অৱজ্ঞা কৰা হৈছে৷ কৃষিভূমি সংকুচিত হোৱাৰ ফলত খাদ্য সংকটৰ আশঙ্কা সৃষ্টি হৈছে৷ কৃষকক অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে৷ 

সিমানেই নহয়, বহু সময়ত উচ্ছেদক সাম্প্ৰদায়িকীকৰণ কৰি কৃষকক ধৰ্মীয় মেৰুকৰণৰ লক্ষ্য কৰি লৈছে৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শেহতীয়া ভূমি নীতিয়ে ৰাজ্যৰ কৃষি খণ্ড আৰু কৃষক সমাজক হতাশ কৰিছে৷ বান-গৰাখহনীয়াই আজিও ৰাজ্যৰ অৰ্থনীতিক ক্ষতিগ্ৰস্ত কৰাৰ লগতে গ্ৰাম্যজীৱন আৰু অৰ্থনীতিক পঙ্গু কৰি ৰাখিছে৷

নিম্নতম সহায়ক মূল্য (এমএছপি)ত দহ লক্ষ মেট্ৰিকটন ধান ক্ৰয় কৰিব বুলি ঘোষণা কৰা ৰাজ্য চৰকাৰে চাৰি লক্ষ মেট্ৰিকটনহে ক্ৰয় কৰি কৃষকক আভুৱা ভাৰি আহিছে৷ জটিল ক্ৰয় প্ৰক্ৰিয়াৰ বাবে অসমত বেছিভাগ কৃষকে এমএছপিত ধান বিক্ৰী কৰিব পৰা নাই৷ ধানৰ প্ৰতি কুইণ্টলত ২০৪০ টকা ঘোষিত এমএছপিৰ বিপৰীতে বেছিভাগ কৃষকে ৮০০-১২০০ টকা প্ৰতি কুইণ্টলত ধান বিক্ৰী কৰিবলৈ বাধ্য হৈছে৷ মাটিৰ প্ৰমাণপত্ৰ প্ৰদৰ্শনৰ নিয়ম বান্ধি আধিয়াৰৰ পৰা ধান ক্ৰয় কৰাৰ বাট বন্ধ কৰিছে৷ ধানৰ বাহিৰে আন ফচলত এমএছপি ঘোষণা কৰা নহয়৷ ফলত বেছিভাগ ক্ষেত্ৰতে উৎপাদন ব্যয়খিনিৰ পৰাও কৃষক বঞ্চিত হৈ আহিছে৷ দুগ্ধ উৎপাদন, গো-পালন, গাহৰি, কুকুৰা, মীন আদি সকলো ক্ষেত্ৰতে একে অৱস্থা বিদ্যমান৷ চাহ উদ্যোগত বৃহৎ চাহ খেতিয়কৰ স্বাৰ্থ ৰক্ষাত ব্যস্ত ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কক কেচা চাহপাতৰ উচিত মূল্যৰ পৰা বঞ্চিত কৰি আহিছে৷ বটলিফ ফেক্টৰীৰ মালিকে ক্ষুদ্ৰ চাহ খেতিয়কক ১০-১২ টকা প্ৰতি কিলোগ্ৰামত কেচা চাহপাত বিক্ৰী কৰিবলৈ বাধ্য কৰাইছে, এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ সম্পূৰ্ণ নিৰুদ্বিগ্ন৷ ৰাজহুৱা খণ্ডৰ জাগীৰোড আৰু কাছাৰ কাগজ কল বন্ধ হোৱাৰ পিছত পাহাৰীয়া জিলা দুখনৰ লগতে ৰাজ্যৰ হাজাৰ হাজাৰ বাঁহ খেতিয়কৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনিছে৷ সীমান্তৰ সিপাৰৰ পৰা অহা চোৰাং চুপাৰীৰ বাবে বৰাক উপত্যকাকে ধৰি ৰাজ্যৰ চুপাৰী উৎপাদকসকলৰ জীৱিকা বিপৰ্য্যস্ত হোৱাৰ লগতে আৰক্ষীৰ অযথা হাৰাশাস্তিৰ সন্মূখীন হৈছে৷  

শেহতীয়াকৈ তৈল পাম কৃষি আৰম্ভ কৰি লাখ লাখ হেক্টৰ ভূমি মুষ্টিমেয় চাৰিটা কৰ্প’ৰেট যথাক্ৰমে ৰামদেৱৰ পতঞ্জলী ফুড লিমিটেড, গডৰেজ এগ্ৰভেট লিমিটেড, থ্ৰী এফ অইল পাম, কে ই কাল্টিভেছনক গতাই দিছে৷ মাত্ৰ কেইমাহমানৰ পূৰ্বে শ্বিলঙত পঞ্জীয়ন কৰা, গুৱাহাটীত মূখ্য কাৰ্যালয় দেখুওৱা কে ই কাল্টিভেছন নামৰ ৰহস্যজনক কোম্পানীকো হাজাৰ হাজাৰ বিঘা ভূমি আৱণ্টন দিয়া হৈছে৷

কৃষিৰ কৰ্প’ৰেটকৰণক বাধা দিয়া, সকলো ফচলৰ বাবে এমএছপি, ভোগ দখল কৰা মাটিৰ পট্টা দিয়া, বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবীকে ধৰি দেশ তথা ৰাজ্যৰ কৃষক আৰু কৃষিৰ এশ এবুৰি সমস্যা সমাধানৰ দাবীত  সংযুক্ত কিষাণ মৰ্চাই অহা ১২ চেপ্তেম্বৰ, ২০২৩ত গুৱাহাটীত ৰাজ্যিক কৃষক অভিৱৰ্তনৰ আহবান জনাইছে৷ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষেগৃহত দিনৰ ১০-৩০ বজাৰ পৰা আৰম্ভ হ’ব লগীয়া কৃষক অভিৱৰ্তনত ৰাজ্যৰ ১০টা কৃষক সংগঠন যথাক্ৰমে অসম ৰাজ্যিক কৃষক সভা, নিখিল ভাৰত কৃষক সভা, কৃষক মহাসভা, অসম, কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম খেতিয়ক সন্থা, জীপাল কৃষক শ্ৰমিক সংঘ, সংগ্ৰামী কৃষক শ্ৰমিক সংঘ, অসম কৃষি শ্ৰমিক হিউনিয়ন, জনজাতি অধিকাৰ মঞ্চ, অ’ল ইণ্ডিয়া কিষাণ ক্ষেত মজুৰ সংগঠনে যোগদান কৰিব৷ সংযুক্ত কিষাণ মৰ্চাৰ কেবাগৰাকী কেন্দ্ৰীয় নেতাৰ লগতে অসমৰ বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহায়েও অভিৱৰ্তনত অংশগ্ৰহণ কৰিব৷ উক্ত অভিৱৰ্তন সাফল্য মণ্ডিত কৰি তুলিবলৈ সংযুক্ত কিষাণ মৰ্চা, অসমে কৃষক সমাজকে ধৰি ৰাজ্যৰ সকলো অংশৰ জনসাধাৰণৰ সহায় সহযোগিতা কামনা কৰিছে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm
যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

August 25, 2026 7:10 pm
২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd