• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৬ ডিচেম্বৰত বোকাখাতত উন্মোচিত হব প্রয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পূৰ্ণাঙ্গ প্রতিমূর্তি

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , December 24, 2020 8:44 pm

2 min read

ZomboDroid 24122020184113

ফটো: নৰ্থইষ্ট নাও।

423
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ সমষ্টিৰ প্রাক্তন বিধায়ক তথা বোকাখাত নির্মাণ গোট নামৰ বেচৰকাৰী সংগঠনৰ সভাপতি জিতেন গগৈৰ উদ্যোগত বোকাখাতত নির্মাণ কাৰ্য চলি থকা প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈৰ ১৫ ফুট উচ্চতাৰ পূৰ্ণাংগ প্রতিমূর্তিটো ২৬ ডিচেম্বৰত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব ৷

২৬ডিচেম্বৰত প্ৰয়াত মুখ্যমন্ত্ৰী জনৰ অন্ত্যেষ্টিক্রিয়াৰ পৰা এমাহ দিন সম্পূর্ণ হব।

সেয়েহে প্রতিমূর্তি উন্মোচন লগতে প্রয়াত প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ এমহীয়া শ্ৰাদ্ধৰো আয়োজন কৰিছে জিতেন গগৈয়ে ৷

২৬ ডিচেম্বৰৰ পুৱা বন্তি প্ৰজ্বলন, প্ৰতিমূৰ্তি উন্মোচন, মাল্যাৰ্পণ আৰু সর্বধর্ম প্রার্থনাৰ লগতে মাংগলিক অনুষ্ঠানো অনুষ্ঠিত হ’ব বুলি বুধবাৰে বোকাখাতত এখন সংবাদ মেলযোগে এই কথা জনাইছে প্রাক্তন বিধায়ক জিতেন গগৈয়ে।

পুত্রবৎ স্নেহেৰে তেওঁক ৰাজনীতিত মার্গ দর্শন কৰোৱা বিশিষ্ট ৰাজনীতিবিদ তৰুণ গগৈৰ প্রতি থকা গভীৰ শ্ৰদ্ধাৰ বাবেই এই প্রতিমূর্তি নির্মাণ কৰা বুলি জিতেন গগৈয়ে জনায়।

বিপৰীতে কংগ্ৰেছৰ ৰাজনীতিৰ প্রতি সামান্যতমো দুর্বলতা নাই বুলি মন্তব্য কৰি জিতেন গগৈয়ে কয় যে মৃত্যুৰ পূর্বলেকে প্রয়াত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আছিল মোৰ পিতা-পুত্ৰৰ সম্পৰ্ক।

বহুবাৰ জিতেন গগৈক কংগ্ৰেছ দলত যোগদান কৰিবলৈকো আহ্বান জনাইছিল তৰুণ গগৈয়ে। জিতেন গগৈয়ে এই আহ্বান প্রত্যাখ্যান কৰিছিল যদিও প্রয়াত মুখ্যমন্ত্ৰীগৰাকীক তেওঁ কেতিয়াও বেয়া পোৱা নাছিল বুলিও কয়।

জিতেন গগৈয়ে কংগ্রেছত যোগদান কৰিব বুলি ওলোৱা খবৰ অস্বীকাৰ কৰি তেওঁ কয় যে মই নিজেই এটা টিকট, মোৰ হাইকমাণ্ড মই নিজেই, নিৰ্বাচনৰ বাবে টিকট বিচাৰি মই কোনো হাইকমাণ্ডক অনুৰোধ কৰিব নালাগে। নিজেই পূর্বৰ দৰে নির্দলীয়ভাৱে প্রতিদ্বন্দ্বিতা কৰি ২০২১ৰ নিৰ্বাচনত পুনৰ বিধায়ক হম। স্বয়ং তৰুণ গগৈয়ে নিমন্ত্রণ জনাওঁতেও মই কংগ্ৰেছত যোগদান নকৰিলোঁ। এতিয়া যোগদান কৰাৰ প্ৰশ্নই নুঠে ৷

ইফালে তৰুণ গগৈৰ মৃত্যুৰ এমাহ নৌহওঁতেই একাংশ কংগ্রেছী নেতাই দল ত্যাগ কৰা কার্যক অকৃতজ্ঞ আৰু সুবিধাবাদী আখ্যা দিয়ে জিতেন গগৈয়ে।

ৰাজ্যখনৰ ভিতৰতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথমতো প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠান আৰু ৰাজহুৱা আদ্যশ্রাদ্ধলৈ সংবাদ মাধ্যমৰ জৰিয়তে সকলো দল-সংগঠন, ভাষা-বৰ্ণ, ধৰ্মকে ধৰি সকলোকে উপস্থিত থাকিবলৈ প্রাক্তন বিধায়ক গৰাকীয়ে আহ্বান জনাইছে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd