যোৱা ৩ জানুৱাৰীত আদালতত অন্ত পৰিলে তিনিটা দশক ধৰি চলা এটা গোচৰ। ড্ৰাগছ গোচৰত প্ৰমাণ নষ্ট কৰাৰ অপৰাধত দোষী সাব্যস্ত হ’ল কেৰালাৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী এণ্টনি ৰাজু। আদালতে তেওঁক তিনি বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছে আৰু ইয়াৰ লগে লগে তেওঁ বিধায়ক পদো হেৰুৱাবলগীয়া হৈছে।
কিন্তু সকলোতকৈ আচৰিত কথাটো হ’ল এই সুদীৰ্ঘ আইনী যুঁজৰ কেন্দ্ৰবিন্দুত আছিল এখন নীলা ৰঙৰ পুৰণি অন্তৰ্বাস।
এই ঘটনাটো ঘটিছিল ১৯৯০ চনত। ত্ৰিশ বছৰ আগতে ত্ৰিবান্দ্ৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এণ্ড্ৰু চেলভাট’ৰ চাৰ্ভেলী নামৰ এজন অষ্ট্ৰেলিয়ান নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই সময়ত তেওঁ পিন্ধি থকা অন্তৰ্বাসৰ গোপন পকেটৰ পৰা আৰক্ষীয়ে ৬১.৫ গ্ৰাম হেচিচ নামৰ ড্ৰাগছ উদ্ধাৰ কৰিছিল।
১৯৯২ চনত চেচন কোৰ্টে তেওঁক দোষী সাব্যস্ত কৰি ১০ বছৰৰ সশ্রম কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমনা বিহে। সেই গোচৰটোত তেতিয়া এণ্টনি ৰাজু এজন কনিষ্ঠ অধিবক্তা হিচাপে জড়িত আছিল আৰু তাৰ পিছৰ পৰাই আৰম্ভ হয় এক নাটকীয় কাহিনীৰ।
১৯৯১ চনত কেৰালা উচ্চ ন্যায়ালয়ত এই ৰায়ৰ বিৰুদ্ধে আবেদন জনাই চাৰ্ভেলীৰ অধিবক্তাসকলে দাবী কৰিছিল যে আৰক্ষীয়ে প্ৰদৰ্শন কৰা অন্তৰ্বাসটো চাৰ্ভেলীৰ নহয়। আদালতৰ ভিতৰতে সেই অন্তৰ্বাসটো পিন্ধাই পৰীক্ষা কৰা হৈছিল আৰু দেখা গৈছিল যে অন্তৰ্বাসটোৰ জোখ বহুত সৰু। সেই যুক্তিৰ ওপৰত ভিত্তি কৰিয়েই চাৰ্ভেলীয়ে মুক্তি লাভ কৰে।
অৱশ্যে সেই সময়ৰ বিচাৰকগৰাকীয়ে সন্দেহ প্ৰকাশ কৰি লিখিছিল যে এই ক্ষেত্ৰত প্ৰমাণৰ সৈতে হেৰফেৰ কৰাৰ সম্ভাৱনা নথকা নহয়। পৰৱৰ্তী সময়ত চাৰ্ভেলীয়ে অষ্ট্ৰেলিয়ালৈ ঘূৰি গৈ আন এটা গোচৰত কাৰাবাস খাটি থকাৰ সময়ত এজন সহবন্দীৰ ওচৰত স্বীকাৰ কৰিছিল যে তেওঁ ভাৰতত টকা দি প্ৰমাণ নষ্ট কৰি সাৰি আহিছে।
ইণ্টাৰপোলৰ জৰিয়তে এই খবৰ ভাৰতত আহি পোৱাৰ পিছত তদন্তকাৰী বিষয়া কে কে জয়মোহনৰ সন্দেহ দৃঢ় হয়। কাৰণ গ্ৰেপ্তাৰৰ সময়ত সেই অন্তৰ্বাস চাৰ্ভেলীৰ গাতে আছিল। তদন্তত পোহৰলৈ আহে যে নিয়ম উলংঘা কৰি সেই অন্তৰ্বাসটো আদালতৰ পৰা এণ্টনি ৰাজুৰ হাতলৈ যোৱাৰ সুযোগ দিয়া হৈছিল। প্ৰায় চাৰি মাহ ধৰি সেই বস্ত্ৰ তেওঁৰ হাততে আছিল আৰু ফৰেনচিক ৰিপৰ্টে ধৰা পেলায় যে সেই সময়ছোৱাতে হাতৰ চিলাইৰ দ্বাৰা অন্তৰ্বাসটোৰ জোখ সৰু কৰা হৈছিল। ১৯৯৪ চনত এন্টনী ৰাজু আৰু আদালতৰ এজন কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু হয়।
ইয়াৰ মাজতে ৰাজু মন্ত্ৰী আৰু বিধায়ক হ’বলৈ সক্ষম হৈছিল যদিও আইনৰ হাতৰ পৰা বাচিব নোৱাৰিলে। ১৯ জন সাক্ষী আৰু সুদীৰ্ঘ আইনী প্ৰক্ৰিয়াৰ অন্তত আদালতে ৩ জানুৱাৰীত চূড়ান্ত ৰায়দান কৰে। মাত্ৰ এটা পুৰণি অন্তৰ্বাসৰবাবেই আজি এণ্টনি ৰাজুৰ দৰে শক্তিশালী ৰাজনীতিবিদৰ ৰাজনৈতিক কেৰিয়াৰৰ পতন ঘটে।





