• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনে জীৱনলৈ অন্ধকাৰ নমাই অনা ৰাজ্যৰ দুজন যুৱকৰ জীয়া কাহিনী : দিলে আত্মহত্যাৰ ভাবুকি

হয় চৰকাৰে সম্পূৰ্ণ লকডাউন দি আত্মহত্যা কৰিবলৈ দিয়ক; নহ'লে লকডাউন খুলি দিয়ক : লকডাউনে কৰ্মহীন কৰা যুৱক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 20, 2020 5:52 pm
index.jpg12

পুলক তালুকদাৰ আৰু বুলবুল আলি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীত ২১ দিনীয়া লকডাউনৰ অন্তত আজিৰে পৰা আনলক-১ আৰম্ভ হৈছে যদিও এতিয়া যেন এই আনলক-১ও অভিশাপ স্বৰূপ হৈ পৰিছে কিছুসংখ্যকৰ বাবে।

কিছু কিছু ক্ষেত্ৰত শিথিলতা আনিছে যদিও সেই শিথিলতায়ো তেওঁলোকক পুনৰ কৰ্মস্থ কৰি তোলাত প্ৰাচীৰ হৈ থিয় দিছে কিছুমান কাৰকে।

Apply Now

গুৱাহাটীৰ উজানবজাৰত ভাড়া থকা এজন নলবাৰীৰ যুৱক। তেওঁৰ নাম পুলক তালুকদাৰ।

এখন যাত্ৰীবাহী মেজিক আৰু এখন ola কেবৰ জৰিয়তে দুটাকৈ পৰিয়াল পোহপাল দি আহিছিল পুলকে।

কিন্তু যোৱা ২৩ মাৰ্চৰ পৰা আৰম্ভ কৰি আজিলৈকে মাজত ২-৩ দিন বাদ কৰি ভাড়া মাৰিব পৰা নাই বাহনকেইখনে।

কিয়নো লালমাটিৰ পৰা আদাবাৰীলৈ ৫০ শতাংশ যাত্ৰী লৈ ভাড়া মাৰিলে তেওঁৰ তেল ভৰাবলৈকে ধনে নুজুৰে বুলি আমাৰ সাংবাদিকৰ আগত কয়। সেই ধনেৰে গাড়ীচালকক দৰমহা দিবলৈকো নাটনি হয় বুলি তেওঁ উল্লেখ কৰে।

“চৰকাৰে অলা-উবেৰ, চিটিবাছৰ চালক আৰু মালিকৰ অৱস্থা ভালদৰে জানে। চাৰিমাহ গাড়ীখন ঘৰতে বহাই চালকক দৰমহা দি থাকিবলৈ মোৰ হাতত ইমনো ধন নাই বা আমি সম্ভ্ৰান্ত নহয়। ola টো এদিন গাড়ীখনৰে মই ভাড়া মাৰিছিলো মাত্ৰ ১৭৫ টকা পালো তাৰ পৰা আকৌ ৩১ শতাংশ OLA কোম্পেনীক দিব লাগে। লাভক চাৰি লোকচান বেছিকৈ হোৱাত মই OLA কেব চলোৱা বাদ দিলো। ” পুলকে আমাৰ সাংবাদিকৰ আগত এইদৰে কয়।

চৰকাৰলৈ দাবী জনাই পুলকে কয় “হয় চৰকাৰে সম্পূৰ্ণ লকডাউন দি আত্মহত্যা কৰিবলৈ দিয়ক; নহ’লে লকডাউন একেবাৰে খুলি দিয়ক। আমি যাতে পুনৰ স্ব-নিৰ্ভৰশীল হৈ চলিব পাৰো। লকডাউন-আনলকৰ নামত চৰকাৰে ভেকো-ভাওনা বন্ধ কৰক।”

ইয়াৰোপৰি, ইমানদিনে গাড়ী চলাব নোৱাৰা বা উপাৰ্জনৰ পথ বন্ধ হৈ থকাৰ বাবে চৰকাৰৰ পৰা ক্ষতিপূৰণ বিচাৰে পুলকে।

আমি এতিয়া আহিছো যোৰহাট টিয়কৰ বুলবুল আলি নামৰ বিশেষভাবে সক্ষম যুৱকজনৰ লকডাউনে নমাই অনা অন্ধকাৰৰ বিষয়ে পাঠক ৰাইজক অৱগত কৰিবলৈ।

যিজন যুৱকে চকুৰে দিনে পোহৰে ভালদৰে দেখা নাপাই যদিও তাৰ মাজতে অন্য লোকৰ ঘৰে ঘৰে গৈ কাপোৰৰ ব্যৱসায় কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছিল।

যোৰহাটত লকডাউন চলি থকাৰ মাজতে প্ৰেচাৰ ষ্ট্ৰক হৈ যুৱকজনৰ পিতৃ চেহিদুৰ আলিৰ দেহৰ সো অংশ সম্পূৰ্ণৰূপে বিকল হৈ গ’ল।

দেশজুৰি লকডাউন ঘোষণা কৰাৰ ১৫ দিন পূৰ্বৰে পৰা যুৱকজনৰ ব্যৱসায় বন্ধ হৈ পৰিছিল। কিয়নো ৰাজ্যজুৰি তেতিয়াৰে পৰা বিৰাজ কৰিছিল ক’ৰ’নাৰ আতংকই।

যুৱকজনৰ গাৰ ৰং বিদেশী পৰ্যটকৰ দৰে হোৱাৰ বাবে কোনো গাঁও অঞ্চলত কাপোৰ বিক্ৰীৰ বাবে বুলবুল গ’লে মানুহবোৰে ঘৰৰ দুৱাৰ জপাই দিয়াৰ লগতে ক’ৰ’না আহিছে পলা পলা বুলি সকলোৱে চিঞঁৰিবলৈ আৰম্ভ কৰিলে।

যাৰ পৰিপ্ৰেক্ষিতত বুলবুলৰ ক্ষুদ্ৰ ব্যৱসায়ৰ পথ বন্ধ হৈ পৰিল আৰু এতিয়া এসাজ ভাত খাই আন এসাঁজলৈ চিন্তা কৰিবলগীয়া হৈছে।

লকডাউনৰ যোৱা ৪ মাহে কৰ্ম বিমুখ হৈ থকাৰ বাবে বুলবুলৰ পত্নী আৰু ফুলকুমলীয়া ডেৰ বছৰীয়া কন্যা সন্তান আৰু ৰোগীয়া পিতৃ-মাতৃৰে সৈতে জীৱন নিৰ্বাহ কৰিবলৈ বহু সমস্যাৰ সন্মুখীন হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে তেওঁ কালি এক ফেচবুক লাইভৰ জৰিয়তে পৰিয়ালৰ সকলো লোকে একেলগে আত্মহত্যা কৰাৰ বাহিৰে অন্য উপায় নাই বুলি হুংকাৰ দিয়ে।

আনকি পিতৃ JMCH ত চিকিৎসাধীন হৈ থকাৰ সময়তো স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বুলবুলৰ বন্ধুৱে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কোনোধৰণৰ সঁহাৰি অথবা সহায় সহযোগ নকৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

“আমাৰ ঘৰত একো নোহোৱাৰ নিচিনা অৱস্থা হৈ আছে। চৰকাৰলৈ এটাই অনুৰোধ আমাৰ জীৱন চলাই নিবলৈ কিবা এটা ব্যৱস্থা কৰি দিয়ক। মোৰ দৰে হাজাৰ হাজাৰ লোক আছে যি পৰিয়াল পোহপাল দিব পৰা নাই। হয়তো এটা সংস্থাপন দিয়ক নহ’লে আমি পূৰ্বতে চলাৰ দৰে সুবিধা কৰি দিয়ক।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ ভয়ংকৰ গণ সংক্ৰমণ ৰোধ কৰাৰ বাবে বিভিন্ন জিলাত লকডাউন দিবলৈ চৰকাৰে বিচাৰিছে যদিও এতিয়া এই লকডাউন যেন জীৱন সংগ্ৰামৰ পথৰ হেঙাৰ হোৱাৰ উপৰিও এতিয়া অভিসাপস্বৰূপ হৈ পৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd