• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১২ ফেব্ৰুৱাৰীৰ ধৰ্মঘটত স্তব্ধ হৈ পৰিব অসম : চৰকৰৰ লুণ্ঠনৰাজ আৰু জনবিৰোধী নীতিৰ বিৰোধিতাৰে এই ধৰ্মঘট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2026 8:06 pm
84
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় শ্ৰমিক সংগঠন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ আহ্বানত অহা ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ঐতিহাসিক দেশজোৰা ধৰ্মঘটৰ প্ৰতি অসমৰ বাওঁপন্থী সংগঠনসমূহে পূৰ্ণ সমৰ্থন ব্যক্ত কৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত এছ এফ আই (SFI), ডি ৱাই এফ আই (DYFI), চিটু (CITU), নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি (AIDWA), অসম কৃষি শ্ৰমিক ইউনিয়ন আৰু অসম ৰাজ‍্যিক কৃষক সভাৰ তৰফৰ পৰা এক যৌথ সংবাদমেল সম্বোধন কৰি চৰকাৰৰ কৃষক-শ্ৰমিক-যুৱক-মহিলা আৰু শিক্ষাৰ্থী বিৰোধী চৰিত্ৰক তীব্ৰ সমালোচনা কৰা হয়। ১২ ফেব্ৰুৱাৰীৰ এই প্ৰতিবাদৰ অংশ হিচাপে মটৰ শ্ৰমিক শ্ৰেণীয়ে ৰাজ্যজুৰি ‘চকা বন্ধ’ৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।

সংবাদমেলত নেতৃবৃন্দই উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ স্বাৰ্থ জলাঞ্জলি দি কেৱল নিজৰ কৰ্প’ৰেট বন্ধুসকলৰ স্বাৰ্থত ২৯ খন শ্ৰম আইনক একত্ৰিত কৰি চাৰিখন নতুন ‘শ্ৰম বিধি’ (Labour Codes) প্ৰণয়ন কৰিছে। এই ক’লা আইনে ৩০০ জনলৈকে শ্ৰমিক থকা প্ৰতিষ্ঠানক ‘হায়াৰ এণ্ড ফায়াৰ’ নীতিৰ জৰিয়তে যিকোনো মুহূৰ্ততে শ্ৰমিকক কামৰ পৰা খেদি পঠোৱাৰ একনায়কত্ববাদী ক্ষমতা দিছে। ‘নিৰ্দিষ্ট কালীন নিযুক্তি’ৰ জৰিয়তে স্থায়ী চাকৰিৰ ধাৰণাটোকে বিলুপ্ত কৰি ৮ ঘণ্টাৰ সলনি ১২ ঘণ্টীয়া কৰ্মদিন আৰু অভাৰটাইমৰ কোনো সীমা নথকা ব্যৱস্থাই শ্ৰমিকক মধ্যযুগীয় দাসত্বলৈ ঠেলি দিছে। ইয়াৰোপৰি শ্ৰমিকৰ ভৱিষ্য নিধিৰ (EPF) অৱদান ১২% ৰ পৰা ১০% লৈ হ্ৰাস কৰাটো চৰকাৰী পৃষ্ঠপোষকতাত চলোৱা এক আৰ্থিক ডকাইতি বুলি সংবাদমেলত অভিহিত কৰা হয়।

Apply Now

কৃষি আৰু গ্ৰামীণ অৰ্থনীতিৰ ধ্বংসলীলা

চৰকাৰে মহাত্মা গান্ধী নৰেগা (MGNREGA) আঁচনি বাতিল কৰি তাৰ ঠাইত ‘বিকশিত ভাৰত – নিয়োগ আৰু জীৱিকা অভিযান (গ্ৰামীণ) বিল, ২০২৫’ আনিছে। এই বিলে মজুৰিৰ আৰ্থিক বোজা কেন্দ্ৰৰ ১০০ শতাংশৰ পৰা ৬০:৪০ অনুপাতলৈ সলনি কৰি ৰাজ্যসমূহৰ ওপৰত অতিৰিক্ত বোজা জাপি দিছে। আনহাতে, উচিত মূল্যৰ অভাৱত শদিয়াত কৃষকে নিজৰ উৎপাদিত আলু পেলাই দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। তেনে সময়তে আমেৰিকাৰ পৰা আমদানি কৰা কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত ‘শূণ্য কৰ’ আৰোপ কৰি চৰকাৰে দেশীয় কৃষকৰ কঁকাল ভাঙি দিছে।

ৰাজহুৱা শিক্ষাখণ্ডৰ ধ্বংস

ৰাজ্য চৰকাৰে ঘৃণাৰ ৰাজনীতিৰ পোষকতা কৰি শিক্ষাখণ্ডটোলৈ ভয়াবহ ভাবুকি নমাই আনিছে। বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনতে মাতৃভাষা মাধ্যমৰ প্ৰায় ১০,০০০ খন স্কুল বন্ধ কৰি দিয়া হৈছে। চৰকাৰী শিক্ষাৰ মান হ্ৰাস কৰি শিক্ষকসকলক অনবৰতে পাঠ্যক্ৰম বহিৰ্ভূত কামত নিয়োজিত কৰাৰ ফলত যোৱা বছৰ বিনামূলীয়া নামভৰ্তি কৰা ৯০,০০০ শিক্ষাৰ্থীৰ ভিতৰত ২৮,০০০ শিক্ষাৰ্থীয়ে মাত্ৰ ৬ মাহতে কলেজ ত্যাগ কৰিছে।

নিবনুৱা সমস্যা আৰু দুৰ্নীতিৰ অসাধু চক্ৰ

অসমত আজি মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ ব্যৱসায়ী পৰিয়াল আৰু একাংশ দুৰ্নীতিগ্ৰস্ত আমোলাৰ এক অসাধু চক্ৰই খাটিখোৱা মানুহৰ মাটি কাঢ়ি কৰ্পোৰেট গোষ্ঠীসমূহক গতাই দিছে। চৰকাৰে ১.৩৫ লাখ চাকৰি দিয়াৰ যি দাবী কৰি হৰ্ডিং লগাইছে, সেই সংখ্যাটো অত্যন্ত সন্দেহজনক। সেয়েহে চৰকাৰে নিযুক্তি পোৱা প্ৰতিগৰাকী প্ৰাৰ্থীৰ নাম, ৰোল নম্বৰ আৰু পঞ্জীয়ন নম্বৰসহ এক শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে বুলি সংবাদমেলত দাবী উত্থাপন কৰা হয়।অহা ১২ ফেব্ৰুৱাৰীৰ এই ধৰ্মঘটৰ জৰিয়তে এই সকলো শোষন আৰু লুণ্ঠনৰ বিৰুদ্ধে এক ঐক্যবদ্ধ প্ৰতিৰোধ গঢ়ি তোলা হ’ব। বাওঁ সংগঠনসমূহে ৰাজ্যৰ সমূহ ৰাইজক এই ধৰ্মঘটত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি চৰকাৰৰ একনায়কত্ববাদী চৰিত্ৰৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd