• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৭টা বিৰোধী দলৰ নেতৃবৃন্দৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বৈঠক সম্পন্ন : অসমৰ চুকে-কোণে সাধাৰণ ৰাইজৰ ঘৰত নিশা কটাব কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2025 9:30 pm
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ অপশাসনৰ ওৰ পেলাই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত কৰিবলৈ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই ৭টা বিৰোধী দলৰ নেতাসকলৰ সৈতে আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

প্ৰায় ২ ঘণ্টাজোৰা বৈঠকৰ অন্তত নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈয়ে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত সভাপতি গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছ দলৰ আহ্বানক্ৰমে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আঞ্চলিক গণ মৰ্চা, চিপিএম, চিপিআই, চিপিআইএমএল আৰু এপিএইছএলচিৰ সভাপতি আৰু ৰাজ্যিক সম্পাদকসকলৰ লগত এলানি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বিজেপি দল আৰু চৰকাৰৰ অন্যায়-অত্যাচাৰৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি-অপশাসনৰ পৰা অসমবাসীক মুক্ত কৰিবলৈ বিজেপি বিৰোধী এখন চৰকাৰ গঠন কৰাৰ বাবে সকলোৱে ঐক্যমতত উপনীত হৈছে। পৰৱৰ্তী সময়ত বিৰোধী দলসমূহৰ মাজত হোৱা আলোচনাৰ কথা অৱগত কৰা হ’ব বুলিও কয় গগৈয়ে।

Apply Now

নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে সকলো বিৰোধী দল একত্ৰিত হৈ অসমত এখন নতুন ৰাইজৰ চৰকাৰ গঠন কৰা হ’ব। আনহাতে, বিধায়ক মনোৰঞ্জন তালুকদাৰ, বিধায়ক অখিল গগৈ, সাংসদ অজিত কুমাৰ ভূঞা, অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজি গোট খোৱা আটাইকেইটা দলে একত্ৰিতভাৱে ২০২৬ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ সঞ্চালনাত অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ সভাকক্ষত অনুষ্ঠিত বৈঠকখনত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ৱাৱধায়ক জিতেন্দ্ৰ সিং, সম্পাদক পৃথ্বিৰাজ সাথে, মনোজ চৌহান উপস্থিত থাকে।

বৈঠকখনত অংশগ্ৰহণ কৰা বিৰোধী দলৰ নেতাসকল হৈছে সাংসদ অজিত কুমাৰ ভূঞা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, চিপিএম দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, চিপিআই দলৰ ৰাজ্যিক সম্পাদক কনক গগৈ, চিপিআইএম দলৰ ৰাজ্যিক সম্পাদক বিবেক দাস আৰু এপিএইছএলচি দলৰ বিক্ৰম হাঞ্চে।

বৈঠকত অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, আৰু ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনেও অংশগ্ৰহণ কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে আজি ৰাজীৱ ভৱনত দিনৰ প্ৰায় ১১ বজাত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পৰিচালনাত অনুষ্ঠিত এই বৈঠকখনত একাধিক সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এক সংবাদমেল অনুষ্ঠিত কৰি কেবাটাও সিদ্ধান্তৰ কথা সদৰী কৰে। গগৈয়ে সদৰী কৰা মতে আজিৰ বৈঠকত ৰাইজৰ সুখ-দুখৰ বুজ ল’বলৈ বুলি ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক এক অভিযান আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ”অসমৰ চুকে-কোণে, গাঁৱে-ভূঞে গৈ কংগ্ৰেছে মানুহৰ সৈতে আলোচনা কৰিব।

লগতে কংগ্ৰেছৰ শীৰ্ষৰ নেতাসকলে বাগানেই হওক বা চৰাঞ্চলেই হওক বা পাহাৰীয়া অঞ্চলেই হওক বা জনজাতি প্ৰধান অঞ্চলেই নহওক কিয় সকলো ঠাইলৈ গৈ সেই ঠাইসমূহৰ সাধাৰণ পৰিয়ালৰ ঘৰত নিশা কটাব।’’- গগৈয়ে কয়। তেওঁ আৰু কয় যে অসমৰ প্ৰতিটো অঞ্চলতে বিশেষ সভা অনুষ্ঠিত কৰা হ’ব। এই সভা কেৱল দলীয় সভা নহ’ব, তালৈ উদাৰমনৰ সমাজ সচেতক লোকসকলকো আমন্ত্ৰণ জনোৱা হ’ব বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।

গগৈয়ে কয়, ”তেওঁলোকৰ পৰা আমি জানিব বিচাৰো যে অৰ্থনৈতিক ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত কেনেধৰণৰ কাম কৰা দৰকাৰ? আমাৰ এই সভাসমূহক ৰাইজৰ বাবে এখন মঞ্চ কৰি তোলা হ’ব। সেই মঞ্চত স্থানীয় বুদ্ধিজীৱী, স্থানীয় সাহিত্যিক, স্থানীয় অৰ্থনীতিবিদসকলক আমন্ত্ৰণ জনাই তেওঁলোকৰ মনৰ কথা আমি শুনিম।’’ অসমত ভোট চুৰি ৰোধ কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰা সম্পৰ্কে আজিৰ বৈঠকত আলোচনা হোৱা বুলিও জানিবলৈ দিয়ে গগৈয়ে। তেওঁ কয় যে অসমত প্ৰায় ২৯ হাজাৰ বুথত ৮০-৯০ শতাংশ বিএলএ নিযুক্তি দিয়া হৈছে। এতিয়া বুথ কমিটি গঠন কৰিবলৈ আৰম্ভ কৰা হৈছে বুলিও কয় গগৈয়ে। ”কামবোৰ খুব সুন্দৰকৈ চলি আছে। এই মাহৰ শেষৰ ফালে গোটেইখিনি বিএলএ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আমি সংকল্প গ্ৰহণ কৰিছো।’’- প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ মন্তব্য।

অনহাতে, অহা ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ সৈতে সংগতি ৰাখি এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিবলৈকো সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এই সন্দৰ্ভত গগৈয়ে সংবাদমেলত কয়, ”অহা ১৮ নৱেম্বৰ,২০২৫ তাৰিখ হৈছে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ ওপজা দিন। তেখেতৰ অবৰ্তমানত উদযাপিত হ’বলগীয়া প্ৰথমটো ওপজা দিনত প্ৰাণৰ শিল্পীগৰাকীক কথা, সুৰ আৰু গীতৰ মাধ্যমেৰে স্মৰণ কৰিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে “কাঞ্চনজংঘা – সংস্কৃতি হওক মৈত্ৰেয়ীৰ মন্ত্ৰ” শীৰ্ষক এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। প্ৰকৃতিৰ প্ৰতি থকা জুবিন গাৰ্গদেৱ‌‌‌ৰ নিভাঁজ প্ৰেম,বিশেষকৈ নাহৰ গছৰ প্ৰতি থকা তেখেতৰ বিশেষ টানৰ প্ৰতি সন্মান জনাই সেইদিনা অসমৰ প্ৰতিটো বুথতে নাহৰ পুলি ৰোপণৰ এক কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে।’’ বৈঠকত গ্ৰহণ কৰা বাকী সিদ্ধান্তসমূহৰ বিষয়ে পৰৱৰ্তী সময়ত সদৰী কৰা হ’ব বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm
উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd