• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেন্দ্ৰীয় চৰকাৰৰ নতুন শ্ৰম বিধি কাৰ্যকৰী : ৪৮ ঘণ্টাৰ কাম আৰু সকলোৰে বাবে নূন্যতম মজুৰি নিশ্চিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2026 3:50 pm
120
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীঘলীয়া পাঁচ বছৰৰ অপেক্ষাৰ অন্তত কেন্দ্ৰীয় চৰকাৰে চাৰিখন শ্ৰম ক’ড বা শ্ৰম বিধি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ বাবে নতুন নিয়মাবলী প্ৰকাশ কৰিছে। ইয়াৰ ফলত দেশৰ প্ৰতিগৰাকী শ্ৰমিকৰ বাবে নূন্যতম মজুৰি আৰু সমান সামাজিক সুৰক্ষা নিশ্চিত কৰা হৈছে। ২০১৯ চনৰ মজুৰি সম্পৰ্কীয় ক’ড, ২০২০ চনৰ ঔদ্যোগিক সম্পৰ্ক ক’ড, সামাজিক সুৰক্ষা ক’ড আৰু পেছাগত সুৰক্ষা তথা স্বাস্থ্য সম্পৰ্কীয় ক’ডসমূহ যোৱা বছৰৰ ২১ নৱেম্বৰৰ পৰাই কাৰ্যকৰী হৈছিল যদিও এতিয়া চৰকাৰী গেজেটত ইয়াৰ বিতং নিয়মসমূহ বিজ্ঞপ্তি আকাৰে প্ৰকাশ পাইছে। মুঠ ২৯খন পুৰণি শ্ৰম আইনক একত্ৰিত কৰি অধিক সৰল আৰু যুগোপযোগী কৰি তোলাটোৱে এই নতুন পদক্ষেপৰ মূল লক্ষ্য।

চৰকাৰী সূত্ৰই জনোৱা অনুসৰি এই নতুন নিয়মসমূহৰ জৰিয়তে শ্ৰম আইনৰ পূৰ্ণাংগ ৰূপায়ণ সম্পূৰ্ণ হ’ল। পূৰ্বে কেৱল আইনখন গৃহীত হৈছিল যদিও নিয়ম বা নীতি-নিৰ্দেশনা নথকাৰ বাবে কিছুমান দিশ স্পষ্ট হোৱা নাছিল। যোৱা ৩০ ডিচেম্বৰত জনসাধাৰণৰ মতামতৰ বাবে ইয়াৰ খচৰা প্ৰকাশ কৰা হৈছিল। নতুন বিধিৰ মূল উদ্দেশ্য হৈছে ব্যৱসায়-বাণিজ্য সহজ কৰি তোলা, নতুন কৰ্মসংস্থাপন সৃষ্টি কৰা আৰু প্ৰতিগৰাকী শ্ৰমিকৰ স্বাস্থ্য তথা সামাজিক নিৰাপত্তা সুনিশ্চিত কৰা। যিহেতু শ্ৰম বিভাগটো কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আওতাত পৰে, সেয়েহে সমগ্ৰ দেশতে ইয়াক কাৰ্যকৰী কৰিবলৈ নতুনকৈ নিৰ্দেশনা জাৰি কৰাটো প্ৰয়োজনীয় আছিল।

Apply Now

নতুন শ্ৰম বিধিৰ অধীনত এতিয়াৰে পৰা শ্ৰমিকক নিযুক্তি পত্ৰ দিয়াটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ উপৰিও ৪০ বছৰ বা তাতকৈ অধিক বয়সৰ শ্ৰমিকসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। মহিলা শ্ৰমিকসকলৰ বাবে সমান কামৰ বাবে সমান মজুৰি আৰু বিভিন্ন শ্বিফটত কাম কৰাৰ সুযোগো এই আইনত ৰখা হৈছে। যদি কোনো শ্ৰমিকে কাম হেৰুৱাব লগীয়া হয়, তেন্তে তেওঁলোকক পুনৰ প্ৰশিক্ষণ দি দক্ষ কৰি তুলিবলৈ নেচনেল ৰিস্কিলিং ফাণ্ড গঠন কৰাটোও বাধ্যতামূলক কৰা হৈছে।

কৰ্মসংস্থাপনৰ ক্ষেত্ৰত কামৰ সময়সীমাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে। নতুন নিয়ম অনুসৰি এসপ্তাহত কামৰ সময় সৰ্বাধিক ৪৮ ঘণ্টা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লগতে সপ্তাহত অন্ততঃ এদিন ছুটি বা বিশ্ৰামৰ দিন থকাটো নিশ্চিত কৰিব লাগিব। নিৰ্ধাৰিত সময়তকৈ অধিক সময় কাম কৰিলে শ্ৰমিকক অতিৰিক্ত মজুৰি বা অভাৰটাইম দিব লাগিব বুলিও চৰকাৰী বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে। এনে পদক্ষেপৰ ফলত দেশৰ শ্ৰমিক শ্ৰেণীৰ জীৱন ধাৰণৰ মান উন্নত হ’ব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd