স্বামীয়ে দাড়ি নকটাক কেন্দ্ৰ কৰি ভাঙিল এখন সংসাৰ। নকৈ বিয়া কৰাই অনা পত্নীয়ে নিজৰ মৌলবী স্বামীক এৰি পলাই গ’ল স্বামীৰ ভাতৃৰ সৈতে।
মীৰাটৰ উজ্জ্বল গাৰ্ডেন অঞ্চলত সংঘটিত হৈছে এই ঘটনা।
উজ্জ্বল গাৰ্ডেন কলনীৰ বাসিন্দা মৌলবী ছাকিৰৰ সৈতে মাত্ৰ সাত মাহ পূৰ্বে বিয়া হৈছিল আৰ্শী নামৰ মহিলাগৰাকীৰ। বিয়াৰ কিছুদিন পিছতে আৰ্শীয়ে স্বামীক দাড়ি কটাবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ ধৰে।
পত্নীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ পৰিয়ালৰ হেঁচাতহে বিয়া হৈছিল আৰু যদি ছাকিৰে দাড়ি নাকাটে তেন্তে এই সংসাৰ টিকি নাথাকিব।
ইয়াকে লৈ দুয়োৰে মাজত বিবাদৰ সৃষ্টি হয়। যাৰ ফলত সংসাৰলৈ নামি আহে তিক্ততা। তাৰমাজতে ছাকিৰৰ সৰি ভায়েকৰ লগত সম্পৰ্ক গঢ়ি উঠে আৰ্শীৰ।
অৱশেষত ৩ ফেব্ৰুৱাৰীত দুয়ো একেলগে অন্তৰ্ধান হয়।
ইফালে ছাকিৰে পত্নীৰ সন্ধান নাপায় থানাত নিৰুদ্দেশৰ গোচৰ দাখিল কৰে। জানিব পৰা মতে, এতিয়া আৰ্শীয়ে ছাকিৰৰ পৰা পাঁচ লাখ টকা দাবী কৰিছে।মীৰাটৰ আৰক্ষী অধীক্ষক আয়ুষ বিক্ৰমে এই সন্দৰ্ভত তদন্ত অব্যাহত আছে আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিছে।