• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৌৰৱ গগৈয়ে নহয়, শ্বহীদৰ নাম ল’বলৈ লাজ পাব লাগে বিজেপি দল আৰু চৰকাৰে : অসম প্ৰদেশ কংগ্ৰেছ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 18, 2024 7:49 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“নিজৰ দলীয় অন্ত:কন্দল আৰু চৰকাৰৰ বিফলতা সমূহ ঢাকিবলৈ গৈ বিজেপি দলৰ নেতা আৰু মন্ত্রী সকলে হাস্যকৰভাৱে কংগ্রেছ দল আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈক ভুৱা কথাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মূল উদ্দেশ্যই হ’ল অসমৰ জনগণক ৰাজ্যখনৰ মূল সমস্যা সমূহ আৰু শাসকীয় দলৰ দলীয় অন্ত:কলহ, বাদ-বিসম্বাদ সমূহৰ পৰা দৃষ্টি অন্য দিশে ধাৱমান কৰা।” – আজি এক বিবৃত্তিযোগে এই কথা প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছে।

প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র ঋতুপর্ণ কোঁৱৰৰ নামত প্ৰকাশিত এই বিবৃত্তিটোত লগতে কোৱা হৈছে, “যোৱাকালিও কেন্দ্রীয় মন্ত্রী মাৰ্ঘেৰিটাই এখন সংবাদমেল সম্বোধন কৰি কৈছে যে সাংসদ গৌৰৱ গগৈয়ে শ্বহীদৰ কথা ক’বলৈ লাজ পাব লাগে। যি যুক্তি অতি হাস্যকৰ। দুগ্ধপুষ্য শিশু এজনেও জানে যে অসমবাসীৰ ওপৰত “কা” জাপি দি অসম আন্দোলনৰ শ্বহীদ সকলক কোনে দ্বিতীয়বাৰ আকৌ হত্যা কৰিলে।কোন দলৰ চৰকাৰ ৰাজ্য আৰু কেন্দ্রত থাকোতে কা আন্দোলনৰ সময়ত ৫ জনকৈ তেজাল অসমীয়া যুৱকক গুলীয়াই হত্যা কৰা হ’ল ? সৰ্বজন গ্ৰহণযোগ্য অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৭১ ক নস্যাৎ কৰি অসমবাসীৰ ওপৰত একপক্ষীয় “কা” জাপি দি ২০১৪ চনলৈকে অহা বিদেশীক স্বদেশী সজাই কোন দল আৰু চৰকাৰে অসম চুক্তিৰ আত্মাকে হত্যা কৰিলে? দাঢ়ি, ক’মা নকটাকৈ অসম চুক্তিৰ ছয় নং দফাৰ ৰূপায়ণ কৰিম বুলি সংসদত প্ৰতিশ্ৰুতি দিয়া কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰূপায়ণৰ নামত কিবা দাঢ়ি,ক’মা এদাল লৰচৰ কৰিলেনে? অসম চুক্তিৰ ছয় নং দফাৰ ৰূপায়ণৰ বাবে অসমৰ বিভিন্ন ক্ষেত্রৰ বিদ্বান ব্যক্তিক লৈ গঠিত পৰামর্শদাতা কমিটিৰ পৰামর্শসমূহ কোন চৰকাৰে ক’ত পেলাই থৈছে তাৰ উত্তৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রীগৰাকীয়ে অসমৰ ৰাইজক দিব পাৰিবনে?”

Apply Now

“যোৱা ১০ বছৰে কেন্দ্রত আৰু ৮ বছৰে ৰাজ্যত শাসনত থকা ডাবল ইঞ্জিনৰ চৰকাৰ থাকোঁতেও অসম চুক্তি ৰূপায়ণৰ নামত কি কৰিলে বিজেপি চৰকাৰে তাৰ উত্তৰ দিব পাৰিবনে ? তাৰ পৰিৱর্তে বিজেপি দল আৰু চৰকাৰে “কা” নামৰ এখন একপক্ষীয় আইন জাপি দি অসম চুক্তিৰ আত্মাকে হত্যা কৰি অসমবাসীক চুড়ান্ত বিশ্বাসঘাতকতা কৰিলে। গতিকে, ইয়াৰ বাবে বিজেপি দল আৰু চৰকাৰেহে লাজ পোৱা উচিত। আচলতে বিজেপি দল আৰু চৰকাৰে অসম চুক্তি আৰু শ্বহীদৰ কথা কোৱাৰ অধিকাৰেই হেৰুৱাইছে।” – বিবৃত্তিত এইদৰেও উল্লেখ কৰে অসম প্ৰদেশ কংগ্ৰেছে।

ইয়াৰ উপৰিও বিবৃত্তিত কব কংগ্ৰেছে কয় – “গৌৰৱ গগৈ বা কংগ্রেছ দলক নীতিবচন দিয়াৰ পূৰ্বে বিজেপি দলে নিজৰ গাত চিকুত মাৰি চাওক। মাৰ্ঘেৰিটা ডাঙৰীয়াই আগতে দলীয় মুখপাত্র হিচাবে সংবাদ মেল সম্বোধন কৰি যিহকে মন যায় তাকে কৈছিল, এতিয়া এজন ৰাজ্যিক মন্ত্রী হ’লেও কেন্দ্রীয় মন্ত্রী।  গতিকে অলপ তথ্যসমূহ অধ্যয়ন কৰি গাম্ভীর্যপূর্ণ সংবাদ মেল সম্বোধন কৰিবলৈ অনুৰোধ জনাইছো। নিজকে নিজে হাঁহিয়াতৰ পাত্ৰ নকৰিব। মন্ত্রী পদৰ মৰ্যাদা ৰাখক।”

লগতে বিবৃত্তিত উল্লএখ আছে “অৱশ্যে মাৰ্ঘেৰিটা ডাঙৰীয়াৰ মৰ্মবেদনাও আমি বুজিব পাৰিছোঁ। এইকেইদিন চৌদিশে মাথো নবিজেপি-পুৰণি বিজেপিৰ সংঘাতৰ বাতৰি। তাৰ মাজতে আকৌ দলৰে কোনোবাই “দল টানিলো আমি আৰু মাগুৰ খাইছে বেলেগে” ধৰণৰ মন্তব্য দিয়া বুলিও শুনিবলৈ পাইছো!অৰ্থাৎ ক’ৰবাত জুই লাগিছে, নহ’লে এনেয়ে ধোঁৱা নোলায়। গতিকে এই ধোঁৱা সমূহৰ লগতে বিজেপি চৰকাৰৰ চুড়ান্ত বিফলতা সমূহ ঢাকিবলৈ বিজেপি দল আৰু মন্ত্রীয়ে অলপ অপচেষ্টা কৰিবই। বিজেপি দলে যিমানেই অপচেষ্টা নকৰক লাগিলে আমি বিৰোধী ৰাজনৈতিক দলসমূহে ৰাইজৰ সহযোগত বিজেপি দলৰ চৰকাৰৰ দুৰ্নীতি,ছিণ্ডিকেট,ঋণগ্রস্ততা তথা মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা, নিবনুৱাক সংস্হাপন দিব নোৱাৰা, বান-গৰাখহনীয়া ৰোধৰ বাবে কেন্দ্রৰ পৰা পাপ্য পুঁজি আনিব নোৱাৰা আদি বিফলতাসমূহ উত্থাপন কৰি যাম আৰু লোকসভাতো বিৰোধী দলৰ উপ দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে অসমৰ প্ৰধান বিষয়সমূহ সদনত সাৱলীলভাৱে উপস্থাপন কৰি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি যাব।হাতীয়ে কণা ফৰ্মুতিলৈ কেৰেপ নকৰে।”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

August 24, 2026 6:03 pm
ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

August 24, 2026 5:37 pm
মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

August 24, 2026 5:28 pm
দৰিদ্ৰ পৰিয়াললৈ বছৰি ৩টা বিনামূলীয়া গেছ চিলিণ্ডাৰ, কিন্নৰ সকলৰ বাবে বিনামূলীয়া বাছ সেৱা : ঘোষণা বিজয়ৰ

দৰিদ্ৰ পৰিয়াললৈ বছৰি ৩টা বিনামূলীয়া গেছ চিলিণ্ডাৰ, কিন্নৰ সকলৰ বাবে বিনামূলীয়া বাছ সেৱা : ঘোষণা বিজয়ৰ

August 24, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

August 24, 2026 6:03 pm
ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

August 24, 2026 5:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd