বিজেপি-আৰএছএছৰ চক্ৰবেহুত ৰাহুল! অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত তেওঁৰ বিৰুদ্ধে গোচৰৰ তালিকা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ উপাধিৰ ওপৰত কৰা মন্তব্যৰ বাবে এখন আদালতে দোষী সাব্যস্ত কৰি কাৰাদণ্ড প্ৰদান কৰিছে। তাৰেই খেও ধৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল কৰা হৈছে। সেই সিদ্ধান্তৰ পিছতে শাসক- বিৰোধী দুটা বিপৰীত মেৰুত অৱতীৰ্ণ হৈছে।

আনহাতে, ৰাহুলৰ সাংসদ পদ বাতিল কৰাৰ বাবে শাসকীয় দলে যৌক্তিকতা দাবী কৰিলেও সন্মিলিত বিৰোধীৰ অভিযোগত প্ৰতিহিংসাৰ ৰাজনীতিৰ দাবী উঠিছে।

কিন্তু ৰাহুল গান্ধীৰ বিৰুদ্ধে এইটোৱে প্ৰথম আৰু একমাত্ৰ গোচৰ নহয়, দেশৰ বিভিন্ন ৰাজ্যত তেওঁৰ বিৰুদ্ধে আছে একাধিক গোচৰ। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল বেছিভাগ গোচৰেই দাখিল কৰিছে বিজেপি-আৰএছএছৰ কোনো নেতা, কৰ্মী বা সংগঠনে। ৰাহুল গান্ধীৰ গোচৰৰ দীঘলীয়া তালিকাখন চাওকচোন।

লগতে পঢ়ক: ভাৰত জোড়ো যাত্ৰা আৰু আদানী কেলেংকাৰীৰ মূল্য দিবলগীয়া হৈছে ৰাহুল গান্ধীয়ে! অভিযোগ কংগ্ৰেছৰ

২০২৩ বৰ্ষৰ শেহতীয়া ঘটনাটোত, কংগ্ৰেছ নেতাজনক গুজৰাটৰ চুৰাটৰ এখন আদালতে দোষী সাব্যস্ত কৰিছে। তেওঁক দুবছৰৰ কাৰাদণ্ডও দিয়া হৈছে। ফলস্বৰূপে, ৰাহুলে সাংসদৰ পদ হেৰুৱায়। অৱশ্যে চুৰাট আদালতে মোডীৰ উপাধি সন্দৰ্ভত আপত্তিজনক মন্তব্যৰ পৰিপ্ৰেক্ষিতত আদালতৰ ৰায়ৰ বিৰুদ্ধে আপীল দাখিল কৰিবলৈ ৰাহুলক ৩০ দিন সময় দিছে। গুজৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছিল।

২০১৯ চনত ৰাহুলক পাটনাৰ আদালতে মানহানিৰ গোচৰত জামিন প্ৰদান কৰিছিল। গোচৰটো এজন বিজেপি নেতাৰ দ্বাৰা দাখিল কৰা হৈছিল। তাতো, তেওঁ কথিতভাৱে ৰাজহুৱা সভাত থিয় হৈ ৰাইজক প্ৰশ্ন কৰিছিল যে ব্যক্তিজন মোডী উপাধি থাকিলেই চোৰ হয়?

সেইদৰে, ২০১৯ চনতে আহমেদাবাদৰ এখন আদালতে ৰাহুলক জামিন প্ৰদান কৰিছিল। ২০১৬ চনৰ নৱেম্বৰত বিমুদ্ৰাকৰণৰ সময়ত ৰাহুলে অভিযোগ কৰিছিল যে আহমেদাবাদৰ জিলা সমবায় বেংক অবৈধ মুদ্ৰা স্থানান্তৰৰ সৈতে জড়িত আছিল। বেংকে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

লগতে পঢ়ক: নীৰৱতা ভংগ কৰিলে ৰাহুলে! সাংসদ পদ বাতিলৰ পিছত যুঁজ দিয়াৰ বাৰ্তা কংগ্ৰেছ নেতাগৰাকীৰ

আনহাতে, ২০১৯ চনতে মুম্বাইৰ এখন আদালতে আৰ এছ এছৰ দ্বাৰা দাখিল কৰা মানহানিৰ গোচৰত ৰাহুল গান্ধীক জামিন প্ৰদান কৰিছিল। অভিযোগ অনুসৰি ৰাহুলে সাংবাদিক গৌৰী লঙ্কেশৰ হত্যাকাণ্ডক বিজেপি-আৰ এছ এছৰ মতাদৰ্শৰ সৈতে সম্পৰ্কিত কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত, আৰ এছ এছে ৰাহুলৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে।

২০১৬ চনত গুৱাহাটীৰ এখন আদালতে মানহানিৰ গোচৰত ৰাহুলক জামিন প্ৰদান কৰে। গোচৰটো আৰ এছ এছৰ দ্বাৰা দাখিল কৰা হৈছিল। ২০১৫ চনৰ ডিচেম্বৰত গান্ধীয়ে অভিযোগ কৰিছিল যে আৰ এছ এছে তেওঁক অসমৰ বৰপেটা সত্ৰত প্ৰৱেশ কৰাত বাধা দিছিল। আৰ এছ এছে অভিযোগসমূহ অস্বীকাৰ কৰিছিল আৰু ৰাহুলৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।

সেইদৰে, ২০১৬ চনতে মহাৰাষ্ট্ৰৰ ভিৱান্দিৰ এখন আদালতে এজন আৰ এছ এছ কৰ্মীৰ দ্বাৰা দাখিল কৰা গোচৰত তেওঁক জামিন প্ৰদান কৰিছিল। ৰাহুলৰ ওপৰত অভিযোগ আছিল যে তেওঁ মহাত্মা গান্ধীক আৰ এছ এছে হত্যা কৰিছিল বুলি কৈছিল। উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে ৰাহুল গান্ধীয়ে আদালতত নিজৰ পক্ষ প্ৰমাণ কৰিব লাগিব।

লগতে পঢ়ক: আপোনাৰ দৰে কাপুৰুষ, ক্ষমতালোভী একনায়কত্ববাদীৰ আগত…! সৰৱ প্ৰিয়ংকা গান্ধী

আনহাতে, ২০১৫ চনত ৰাহুল নেচনেল হেৰাল্ড গোচৰত জামিনত আছে। ২০১৫ৰ ডিচেম্বৰত ৰাহুল আৰু তেওঁৰ মাতৃ ছোনিয়া গান্ধীক আদালতে জামিন প্ৰদান কৰে। নেচনেল হেৰাল্ড গোচৰটো বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে দাখিল কৰিছিল।