বিশ্বৰ এক নম্বৰৰ চাবোনেৰে ধুলেও আজমলৰ গাৰ পৰা বিজেপিৰ গোন্ধ নাযায়

ভূপেন বৰা, জিতেন্দ্ৰ সিঙকে ধৰি অসমৰ প্ৰায়বোৰ কংগ্ৰেছী নেতাই বিজেপিৰ বেতনভোগী চাকৰ।

“বিশ্বৰ এক নম্বৰৰ চাবোনেৰে ধুলেও আজমলৰ গা পৰা বিজেপিৰ গোন্ধ নাযায়” – এই মন্তব্য প্ৰদান কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে।

শেহতীয়াকৈ বিজেপিৰ লগত থকা গোপন মিত্ৰতা তথা বিজেপিৰ বি টীম হিচাপে কাম কৰাৰ অভিযোগত আন আন বিৰোধী ৰাজনৈতিক দলৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে AIUDF ৰ নেতা তথা সাংসদ বদৰুদ্দিন আজমল।

লগতে পঢ়কঃ এতিয়াৰে পৰা মহানগৰবাসীৰ বাবে বাধ্যতামূলক হ’ব চিচি টিভি কেমেৰা

সমাগত লোক সভাৰ নিৰ্বাচনৰ বাবে কুচকাৱাচ চলাইছে মহা জোঁট আৰু মিত্ৰ জোঁটে। এই সময়তে আজমলে আকৌ কংগ্ৰেছৰ কাষ চাপি মিত্ৰতা কৰিবলৈ খুজিছে যদিও আজমলে আগবঢ়োৱা হাতত হাত মিলাবলৈ বিচৰা নাই কংগ্ৰেছ দলে।

উল্লেখ্য যে যোৱা অসম বিধান সভাৰ নিৰ্বাচনত বিজেপিক উফৰাই পেলোৱাৰ উদ্দেশ্যেৰে কংগ্ৰেছৰ লগত অতি বিশ্বাসেৰে মিত্ৰতা স্থাপন কৰিছিল বদৰুদ্দিন আজমলে। কংগ্ৰেছেও ৰাইজৰ বিভিন্ন গালি শপনিক আওকাণ কৰি আজমলৰ লগত মিত্ৰতা অব্যাহত ৰাখিছিল। কিন্তু বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছে পৰাজয় বৰণ কৰাৰ পিছত এই কথা কংগ্ৰেছী সকলৰ মাজত স্পষ্ট হৈ পৰিলে যে বদৰুদ্দিন আজমলৰ ৰাজনীতিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আছে গোপন বুজাবুজি। ইয়াৰ পিছৰে পৰা কংগ্ৰেছে চকুপাৰি দেখিব নোৱাৰা হ’ল বদৰুদ্দিন আজমলক।

লগতে পঢ়কঃ এশতকৈও অধিক মহিলাক ধৰ্ষণ, ধৰ্ষণৰ ভিডিঅ’ৰে পিছত ব্লেকমেইল: অৱশেষত কাৰাদণ্ডৰে দণ্ডিত স্বয়ম্ভু গডমেন জেলেবী বাবা

ইমানৰ পিছতো কংগ্ৰেছৰ কাষ চাপিব খোজা আজমলক কংগ্ৰেছে আদৰি নলৈ বিজেপিৰ এজেন্ট বুলিহে সমালোচনা কৰিলে। ইয়াৰ পিছতেই ক্ষুব্ধ হৈ পৰিল আজমল।

যোৱা বুধ বাৰে সংবাদ মেল আয়োজন কৰি আজমলেও ক’লে যে – ভূপেন বৰা, জিতেন্দ্ৰ সিঙকে ধৰি অসমৰ প্ৰায়বোৰ কংগ্ৰেছী নেতাই বিজেপিৰ বেতনভোগী চাকৰ।

লগতে পঢ়কঃ ঠাণ্ডা দিনত ভৰিত মোজা পিন্ধি শোৱে নেকি? তেন্তে জানি লওঁক এইকেইটা কথা 

কংগ্ৰেছক উদ্দেশি আজমলৰ এই সংবাদমেলৰ পিছতেই ক্ষান্ত হৈ নাথাকিল অসম প্ৰদেশ কংগ্ৰেছৰ নেতা সকল। লগে লগেই কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে ক’লে – “সকলোৱে জানে যে এইবাৰ ধুবুৰীত AIUDF ৰ ভেটি থৰক বৰক হৈছে। সেইবাবেই আজমলে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ উদ্বাউল হৈ পৰিছে।  কিন্তু এ আই চি চি য়ে ইতিমধ্যে আজমলৰ লগত কংগ্ৰেছৰ কোনো মিত্ৰতা নহয় বুলি কোৱাৰ পিছতেই আজমলে এ পি চি চি নেতাৰ বিৰুদ্ধে প্ৰলাপ বকিছে।”

লগতে পঢ়কঃ এইবাৰ গুগুলতকৈও অত্যাধুনিক প্ৰযুক্তি আনিছে মাইক্ৰ’চফ্ট-এ

আনহাতে দলৰ আন আন বিষয়-ববীয়া সকলৰ লগতে কংগ্ৰেছৰ বিধায়ক কাজিৰ হুছেইন শিকদাৰেও আজমলৰ বিৰুদ্ধে এইদৰে মন্তব্য আগবঢ়াইছে যে – “বিশ্বৰ এক নম্বৰৰ চাবোনেৰে ধুলেও আজমলৰ গা পৰা বিজেপিৰ গোন্ধ নাযায়”।

ইপিনে এই ঘটনাৰ পিছতে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা জয়ৰাম ৰমেশে বিজেপিৰ মুখপাত্ৰ হিচাপে অভিহিত কৰিছে বদৰুদ্দিন আজমলক।

লগতে পঢ়কঃ নিকৃষ্ট মানসিকতা ! ভগ্নীক চুমা খোৱাকলৈ ৰাহুলক অসংস্কৃত আখ্যা গেৰুৱা বাহিনীৰ