অসম চৰকাৰৰ ইটোৰ পিছত সিটোকৈ গ্ৰহণ কৰিছে অসমীয়া বিৰোধী সিদ্ধান্ত। এইবাৰ বৰাকত অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহ বন্ধ কৰি দিয়াৰ ম সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। শিক্ষাৰ্থী নথকাৰ অজুহাত দেখুৱাই বৰাকৰ বিদ্যালয়সমূহত কৰ্মৰত অসমীয়া ভাষাৰ অৱশিষ্ট ২১০ গৰাকী শিক্ষকক অন্য ঠাইলৈ বদলিৰ সিদ্ধান্ত লৈছে ৰাজাৰ শিক্ষা বিভাগে। চৰকাৰৰ চূড়ান্ত অনীহাই সমগ্ৰ মাতৃভাষা মাধ্যমটোকে ঠেলি দিছে বিপদৰ মাজলৈ। সংলগ্নকৰণৰ নামত বন্ধ কৰি দিয়া হৈছে ইখনৰ পিছত সিখন অসমীয়া জাতিৰ ৰাজহাড় সদৃশ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ।
এইবাৰ অতি কৌশলেৰে অসমীয়া ভাষাক উৎখাত কৰিবলৈ চৰকাৰে প্ৰহণ কৰা সিদ্ধান্তই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। ৰাজ্যভাষা অসমীয়াক স্বয়ং চৰকাৰেই বৰাক উপত্যকাৰ পৰা চিৰদিনলৈ বিদায় দিব বিচৰা কাণ্ডই সৃষ্টি কৰিছে ৰহস্যৰ।
বৰাক উপত্যকাত চৰকাৰে ৰাজ্যভাষা অসমীয়াক প্রচাৰ প্ৰসাৰৰ বাবে পৃষ্ঠপোষকতা কৰাতো দূৰৈৰে কথা, নি:শেষ কৰাৰহে ষড়যন্ত্ৰ গ্ৰহণ কৰিছে জাতি মাটি ভেটিৰ কথা কোৱা অসম চৰকাৰে।
লক্ষণীয়ভাৱে বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে প্ৰহণ কৰি আহিছে এটাৰ পিছত আনটো মাতৃভাষাবিৰোধী সিদ্ধান্ত। যষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীক গণিত বিজ্ঞান বিষয়ত ইংৰাজী জাপি দিয়াৰ পৰা আৰম্ভ কৰি অসম লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষা আঁতৰোৱালৈকে অসমীয়া ভাষাৰ ওপৰত ইটোৰ পিছত সিটো মাধমাৰ সোধাইছে বিজেপি চৰকাৰে। ইয়াৰ উপৰিও পৰ্যাপ্ত আন্তঃগাঁথনি, উপযুক্ত শিক্ষক, অন্যান্য সা সুবিধাৰে অভাৱৰ বাবে অসমীয়অ মাধ্যমত অভাৱনীয়ভাবে হ্ৰাস পাইছে শিক্ষাৰ্থীৰ সংখ্যা। ইয়াৰ অচিলা লৈ ইখনৰ পিছত সিখনকৈ বিদ্যালয় বন্ধ কৰি সংলগ্নকৰণৰ নাটক ৰচনা কৰিছে শিক্ষা বিভাগ তথা বিজেপি চৰকাৰে। ফলত চিৰদিনৰ বাবে বন্ধ হৈ পৰিছে একো একোখন অসমীয়া মাধ্যমৰ শিক্ষনূষ্ঠান। এইবাৰ বৰাকত বাস কৰা খিলঞ্জীয়া লোকসকলৰ সন্তানে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়াৰ সুযোগো কাঢ়ি নিলে এইখন চৰকাৰে। মুঠৰ ওপৰত বৰাকৰ পৰা অসমীয়া ভাষা উছন কৰাৰ আঁচনি গ্ৰহণ কৰিলে বিজেপি চৰকাৰে।