মহানগৰীৰ বিভিন্ন স্থানত বাঁহী, ঢোল বজাই সংগ্ৰহ কৰিছে বান সাহায্য

উৎকট গৰমকো নেওচি মানৱতাৰ খাতিৰত ওলাই আহিছে এওঁলোক

These guys are collecting donation for flood victims in Assam

উৎকট গৰম, উৎকট গৰমকো নেওচি মানৱতাৰ খাতিৰত ওলাই আহিছে এওঁলোক৷

এওঁলোকৰ লক্ষ্য বান সাহায্য সংগ্ৰহ কৰা। মহানগৰীৰৰ বিভিন্ন স্থানৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত এক ব্যতিক্ৰমী পন্থাৰে জনসাধাৰনৰ পৰা গ্ৰহন কৰিছে সাহায্য৷

ৰাজ্যৰ বানাক্ৰান্ত লোকক সহায় কৰাৰ উদ্দেশ্যেৰে ৰাতিপুৱাৰে পৰা নেহৰু পাৰ্ক, দীঘলীপুখুৰী, ৰাধিকা পাৰ্ক, আমবাৰী আদি অঞ্চলসমূহত বাঁহী বজাই, ঢোল বজাই সাংস্কৃতিক মাধ্যমেৰে সংগ্ৰহ কৰিছে বান সাহায্য৷

জুবিন গাৰ্গৰ সহযোগত, চিৰঞ্জীৱ কাশ্যপৰ নেতৃত্বত সৃষ্টি হোৱা প্ৰতিধ্বনি সাংস্কৃতিক গোষ্ঠীৰ এই ব্যতিক্ৰমী পদক্ষেপ৷

প্ৰতিধ্বনি গোটৰ সদস্য ভাস্কৰ জ্যোতি দাস, হৃষিয়ংগম হাজৰিকা, দিপাংকৰ মেধী মহানগৰীৰ বিভিন্ন স্থানত বাঁহী, ঢোলেৰে সুৰৰ লহৰ তুলি ৰাজপথেৰে যোৱা প্ৰতিজন লোক আপ্লুত হৈ ৰাজপথৰ হৃদয়বান লোক সকলে তেওঁলোকক দি গৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ অনুদান৷

বান সাহায্য সংগ্ৰহ কৰা ভাস্কৰ জ্যোতি দাসে কয় ‘আমাৰ উদ্দেশ্য হ’ল বানপীড়িত সকলৰ বাবে কিছু সাহায্য সংগ্ৰহ কৰা। আমাৰ গোটত ১৫জন সদস্য আছে। কৰ’নাৰ ভয়াবহতাৰ বাবে আমাৰ সদস্য সকলে নিজৰ অঞ্চলতে সাহায্য সংগ্ৰহ কৰিছো সেই সকল মানুহৰ বাবে যিসকলে জীৱনৰ বাবে যুঁজি আছে। বাঁহী, ঢোল লৈ মানুহক কৰ’নাৰ এই সন্ত্ৰাসৰ সময়ত মনোৰঞ্জন দিয়াৰ লগতে সাহায্যও সংগ্ৰহ কৰিছো’।

অকল নগদ ধনেৰে নহয়, বেংকৰ যোগেদিও প্ৰদান কৰিব পাৰে বান সাহায্য৷ বেংকযোগে বান সাহায্য প্ৰদান কৰিবলৈ নাম Chiranjeeb Deka, একাউন্ট নম্বৰ 3294739838, ifsc CBINO280004ৰ যোগেদি প্ৰেৰন কৰিব পাৰে আৰ্থিক সাহায্য।