• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্দয় পত্নী! বিৰিয়ানি খুৱাই হত্যা কৰিলে স্বামীক, আদালতত সাক্ষী দিলে বৰপুত্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2023 9:29 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মূলৰ ব্ৰিটিছ ব্যৱসায়ী সুখজিৎ সিঙৰ প্ৰিয় খাদ্য আছিল বিৰিয়ানী। পত্নী ৰমনদীপ কৌৰ মানে যেতিয়া তেওঁলৈ বিৰিয়ানীৰ প্লেট এখন আগবঢ়াই দিছিল, নিসন্দেহে প্ৰিয় খাদ্য তৃপ্তিৰে ভক্ষণ কৰিছিল সুখজিৎ সিঙে।

কিন্তু, সেই বিৰিয়ানীত মিহলি হৈ আছিল টোপনিৰ বড়ি। বিৰিয়ানি খাই নিদ্ৰাত ঢলি পৰিল সুখজিৎ। টোপনিত ঢলি পৰা সুখজিতক পত্নী ৰমনদীপ আৰু শৈশৱৰ বন্ধু গুৰপ্ৰীত সিঙে মুখত আঁঠুৱা ভৰাই মূৰত হাতুৰীৰে মৰিয়াই মৰিয়াই হত্যা কৰে।

Apply Now

হত্যাকাণ্ডৰ আঁৰত আছিল দুটা উদ্দেশ্য – এক, ৰমনদীপ আৰু গুৰপ্ৰীতৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক। দুই, সুখজিতৰ বিপুল পৰিমাণৰ সম্পত্তি।

২০১৬ চনৰ ২ ছেপ্টেম্বৰত দিল্লীৰ সুখজিতৰ মাতৃৰ ঘৰত সংঘটিত হৈছিল এই ঘটনা। 

শেহতীয়াকৈ আদালতে স্বামীক হত্যাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে ৰমনদীপক। আনহাতে গুৰপ্ৰীতকো দিছে যাৱজ্জীৱন কাৰাদণ্ড।

এই গোচৰৰ আটাইতকৈ চাঞ্চল্যকৰ দিশটো হ’ল ৰমনদীপ আৰু সুখজিতৰ ডাঙৰ পুত্ৰ অৰ্জুনে পিতৃক হত্যা কৰাৰ অভিযোগত মাতৃৰ বিৰুদ্ধে সাক্ষ্য দিছিল।

আৰক্ষীৰ মতে, ৰমনদীপে ঘৰতে বনোৱা বিৰিয়ানী মছলাৰ সৈতে টোপনিৰ বড়ি মিহলাই লৈছিল। সেই বিৰিয়ানীখন সুখজিত আৰু তেওঁলোকৰ সৰু পুত্ৰ আৰ্য্যই খাইছিল। কিন্তু ডাঙৰ পুত্ৰ অৰ্জুনে সেই বিৰিয়ানী খোৱা নাছিল। 

ৰাতি হঠাতে দেউতাকৰ শব্দত তেওঁক সাৰ পাই উঠিছিল অৰ্জুন। তেওঁ আদালতত কয় যে মাতৃ ৰমনদীপ ৰাতি পিতৃ সুখজিতৰ কাষতে শুইছিল। 

ভাষ্য অনুসৰি, মাজনিশা সাই অৰ্জুনে মাকে দেউতাকৰ মুখত আঠুৱা এখন ধৰি থকা দেখিছিল। ইয়াৰ পিছত আহিছিল গুৰপ্ৰীত। মাকে দেউতাকৰ হাত দুখন ধৰিলে, গুৰপ্ৰীতে হাতুৰীৰে মূৰত খুন্দা মাৰিলে। তাৰ পাছত ৰমনদীপে দাৰে সুখজিতৰ ডিঙি ফালি পেলালে। অত্যধিক ৰক্তক্ষৰণৰ ফলত সুখজিতৰ মৃত্যু হয়।

এই ঘটনাৰ পিছতেই আৰক্ষীয়ে ৰমনদীপৰ ঘৰৰ সমীপৰ জোপোহাৰ পৰা হত্যাত ব্যৱহৃত দাখন উদ্ধাৰ কৰে। তাৰ পিছত ৰমনদীপক গ্ৰেপ্তাৰ কৰা থয়। তেওঁক সোধা-পোছা কৰাৰ পিছত গুৰপ্ৰীতৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা জানিবলৈ পালে আৰক্ষীয়ে। ডুবাইলৈ যোৱাৰ পথত গুৰপ্ৰীতক দিল্লী বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয়। 

ৰায় ঘোষণা কৰাৰ সময়ত ন্যায়াধীশগৰাকীয়ে কয় যে ৰমনদীপ এই শাস্তি পোৱাৰ যোগ্য। কাৰণ তাই নিজৰ স্বামীক হত্যা কৰিবলৈ তাই আৰু সন্তানক ড্ৰাগছ খুৱাইছিল। গুৰপ্ৰীতৰ লগত থাকিবলৈ লোৱাৰ উপৰিও জীৱন বীমাৰ বিশাল ধন আৰু লণ্ডন আৰু ভাৰতৰ সুখজিতৰ সম্পত্তিও দখল কৰিব বিচাৰিছিল। ন্যায়াধীশগৰাকীয়ে এই গোচৰটোক ‘বিৰলতকৈ বিৰল’ বুলি অভিহিত কৰে। 

ব্ৰিটেইনৰ আদালতৰ এই সিদ্ধান্ত অনুসৰি সুখজিত আৰু ৰমনদীপৰ দুই পুত্ৰ এতিয়া সুখজিতৰ পৰিয়ালৰ সৈতে থাকিব।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd