• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চোৰক পালে মোৰে! চুৰি কৰিবলৈ গৈ মন্দিৰৰ ভিতৰতে শুই পৰিল জাৰত কঁপি থকা চোৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 17, 2020 5:48 pm

2 min read

pic

ফটো: সংগৃহিত।

6.5k
VIEWS
Share on FacebookShare on Twitter

জাৰত কঁপি থাকিলে কি হ’ব পাৰে? সন্তৰ্পনে চোৰ কৰিও ওলাই আহিব নোৱাৰি। তাতেই মন্দিৰৰ ভিতৰৰ গৰম বিচনাৰ উমৰ আকৰ্ষণ কেনেকৈ এৰিব পাৰে। আৰু তাতে যদি  শেষ নিশাৰ টোপনিয়ে আমনি কৰি থাকে?

এনে এক ঘটনাই ঘটিল এইবাৰ। আৰক্ষীয়ে আহি টোপনি ভাঙি দিবলগীয়া হ’ল চোৰৰ। মধ্য প্ৰদেশৰ সাজাপুৰত ঘটিছে এনে এক বিচিত্ৰ ঘটনা।

বাতৰি অনুসৰি, সাজাপুৰৰ লালবাই-ফুলবাই মাতাৰ মন্দিৰত চোৰে ত্ৰিশূলেৰে তলা ভাহি মন্দিৰত প্ৰৱেশ কৰে। তাৰপাছত দেবীৰ অলংকাৰ তথা মন্দিৰৰ আন সা-সামগ্ৰী চুৰি কৰিলে। কিন্তু ভিতৰত এখন বিছনা দেখি জাৰতি কঁপি থকা চোৰজনে অলপ শুই লোৱাৰ কথা ভাৱিলে।

অলপ জিৰণিৰ ভাৱটোৱে লাহে লাহে গভীৰ নিদ্ৰাত পৰিণত হ’ল। পুৱাই মন্দিৰৰ কৰ্মচাৰী আহি চোৰজনক তেতিয়াও শুই থকা দেখা পালে। লগে লগে দিলে আৰক্ষীক খৱৰ। তেতিয়াও গভীৰ নিদ্ৰাত আছন্ন হৈ আছিল চোৰ।

আৰক্ষীয়ে আহি জগাই দিয়াৰ চেষ্টা কৰে যদিও আৰু অলপ শুই ল’বলৈ বিচাৰিছিল চোৰজনে। অৱশ্যে, আৰক্ষীয়ে চোৰৰ এনে অনুৰোধ ৰক্ষা কৰিব পৰা নাছিল।

তেনেকুৱা অৱস্থাতে থানালৈ লৈ যোৱা হয় চোৰক। তাত টোপনি ভাঙিল যদিও বিভ্ৰমত পৰে চোৰ। আনকি নিজৰ নামো পাহৰিলে।

স্থানীয় লোকৰ বহুতেই বিশ্বাস ব্যক্ত কৰিছে যে এয়া দেবীৰে কৃপা যাৰ বাবে চোৰে চোৰ কৰিবলৈ গৈ টোপনিত ঢলি পৰিল। দেবীৰ অলংকাৰ চুৰি কৰিবলৈ চেষ্টা কৰাৰ বাবেই এনে অৱস্থা হ’ল চোৰৰ।

মন্দিৰৰ এজন কৰ্মচাৰীয়ে জানিবলৈ দিয়ে যে ইয়াৰ পূৰ্বেও কেইবাবাৰো মন্দিৰৰ সামগ্ৰী চুৰি কৰাৰ চেষ্টা চলিছিল। ইয়াৰ আগেয়ে যিয়ে মন্দিৰৰ মূল্যবান সামগ্ৰী চুৰি কৰিছিল সেইবোৰ কেইদিনমান পাছত মন্দিৰৰ চৌহদত থৈ গৈছিল।

অৱশ্যে, আৰক্ষীয়ে ধাৰণা কৰিছে যে থানাৰ চাৰিবেৰ দৰ্শন কৰাৰ পাছতে উপায়হীন হৈ চোৰজনে স্মৃতি বিভ্ৰমৰ নাটক কৰিছে। আৰক্ষীয়ে চোৰজনৰ পৰিচয় উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে।

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd