গৌৰীসাগৰত দিন দুপৰতে চোৰে লুটিলে লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন

প্ৰতিনিধিত্বমূলক ছবি

আজি দিন দুপৰতে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত মিতং ন-কটানী গাঁৱত সংঘটিত এক চুৰিকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ন-কটানী গাঁৱৰ দিগন্ত গায়ন নামৰ লোকজনৰ ঘৰত চোৰে সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন লুট কৰি নিয়ে।

চুৰিকাণ্ডৰ সময়ত ঘৰত কেৱল দিগন্ত গায়নৰ অসুখীয়া পিতৃ উপস্থিত আছিল। প্ৰাপ্ত তথ্য মতে যোৱা কিছু দিনৰ পৰা পকা কাম চলি থকা গায়নৰ ঘৰত আজি এগৰাকী ব্যক্তিয়ে নিজকে মিস্ত্ৰি বুলি চিনাকি দি বৃদ্ধলোকজনক এডাল পাইপ ধৰিবলৈ কয়। ঘৰৰ বাৰান্দাত অসুখীয়া গায়নে পাইপডাল ধৰি থকা অৱস্থাতে ভিতৰৰ দুৱাৰৰ তলা ভাঙি মিস্ত্ৰী ৰূপী চোৰ দিগন্ত গায়নৰ শোৱনি কোঠাত সোমাই আলমিৰাৰ লকাৰৰ পৰা প্ৰায় ৪ লাখ টকা মূল্যৰ দুটা সোণৰ ছেট আৰু নগদ ২০ হেজাৰ টকা লৈ উধাও হয়।

পিছত দিগন্তৰ পত্নী কৰ্তব্যৰ পৰা ঘৰলৈ অহাত উক্ত চুৰিকাণ্ডৰ কথা পোহৰলৈ আহে। পৰিয়ালৰ লোকে ততাতয়াকৈ গৌৰীসাগৰ আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰ্যন্ত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই।