২২ তাৰিখ সোমবাৰে অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আয়োজন কৰা হয় বিশাল অনুষ্ঠানৰ। দেশৰ ধনাঢ্যসকলৰ পৰা আৰম্ভ কৰি চেলিব্ৰেটি, ৰাজনীতিবিদ, প্ৰাক্তন ক্ৰিকেটাৰক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল। উপস্থিত আছিল বহুতেই। কালিৰ অনুষ্ঠানত আমন্ত্ৰিতসকলৰ ভিতৰত আছিল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন আৰু বৰ্তমানৰ ন্যায়াধীশসকলো।
২০১৯ চনত ৰাম মন্দিৰৰ গোচৰত ৰায়দান দিয়া পাঁচজন ন্যায়াধীশকো কালিৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল। অৱশ্যে কালি ৪ জন প্ৰাক্তন মুখ্য ন্যায়াধীশকে ধৰি ১৩ জন অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অযোধ্যালৈ গৈছিল যদিও ৰাম মন্দিৰৰ ৰায়দান কৰা ৫ জন ন্যায়াধীশৰ ভিতৰত ৪ জনেই অযোধ্যালৈ যোৱা নাছিল।
লগতে পঢ়কঃ আজি গুৱাহাটীৰ মাজেৰে পাৰ হ’ব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা
২০১৯ চনৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে ৰাম মন্দিৰ নিৰ্মাণৰ সপক্ষে ঐতিহাসিক ৰায়দান কৰে। সৰ্বসন্মতিক্ৰমে এই ৰায়দান কৰা হৈছিল। বিচাৰপীঠত আছিল তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, প্ৰাক্তন মুখ্য ন্যায়াধীশ এছ এ ববডে, অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যপাল আব্দুল নাজিৰ আৰু প্ৰাক্তন ন্যায়াধীশ তথা বৰ্তমানৰ এন চি এল এ টিৰ অধ্যক্ষ অশোক ভূষণ।
এই পাঁচজনৰ ভিতৰত কেৱল ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) অশোক ভূষণে কালিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অযোধ্যালৈ গৈছিল। অৱশ্যে তেওঁৰ বাহিৰেও আন ১২জন অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰাম মন্দিৰলৈ এই অনুষ্ঠানলৈ গৈছিল।
জানিব পৰা মতে, কালি উচ্চতম ন্যায়ালয়ৰ কামত ব্যস্ত আছিল মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়। অন্ধ্ৰৰ ৰাজ্যপাল হিচাপে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীত যোগদান কৰে প্ৰাক্তন মুখ্য ন্যায়াধীশ নাজিৰে। আনহাতে, ৰাম মন্দিৰৰ ৰায়দানৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ হৈ থকা ৰঞ্জন গগৈ কালি অসমৰ নিজৰ ঘৰতে আছিল।
লগতে পঢ়কঃ প্ৰবল প্ৰতিবাদৰ মাজতে ইজৰাইলৰ সংসদত ধুমুহাৰ সৃষ্টি কৰিলে পণবন্দীসকলৰ আত্মীয়ই
উল্লেখ্য যে ৰঞ্জন গগৈৰ সৈতে বিজেপিৰ ঘনিষ্ঠতাক লৈ বিৰোধীয়ে বাৰে বাৰে উদ্বেগ প্ৰকাশ কৰি আহিছে। উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাজ্যসভাৰ মনোনীত সদস্য হৈছিল ৰঞ্জন গগৈ। শেহতীয়াকৈ তেওঁক অসমৰ শ্ৰেষ্ঠ অসামৰিক সন্মানেৰে সন্মানিত কৰা হয়। কিন্তু কালিৰ অনুষ্ঠানত তেওঁ উপস্থিত নাছিল।
ইপিনে, ৰাম মন্দিৰৰ বিচাৰপীঠত থকা প্ৰাক্তন মুখ্য ন্যায়াধীশ ববডেও নাগপুৰৰ নিজৰ ঘৰত থকাৰ খবৰ পোৱা গৈছে। সেইদৰে, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, আৰু দেশৰ এটৰ্নী জেনেৰেল আৰ ভেংকটৰমণিক আমন্ত্ৰণ জনোৱা হৈছিল যদিও কালিৰ অনুষ্ঠানত উপস্থিত নাছিল।
আনহাতে, দেশৰ চাৰিগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশকে ধৰি ১৩গৰাকী অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে কালিৰ অনুষ্ঠানলৈ যায়। খবৰ অনুসৰি প্ৰাক্তন মুখ্য ন্যায়াধীশ এন ভি ৰমনা, প্ৰাক্তন মুখ্য ন্যায়াধীশ ইউ ইউ ললিত, প্ৰাক্তন মুখ্য ন্যায়াধীশ জে এছ খেহাৰ, প্ৰাক্তন মুখ্য ন্যায়াধীশ ভি এন খাৰে, প্ৰাক্তন ন্যায়াধীশ তথা বৰ্তমানৰ এন চি এল এ টিৰ অধ্যক্ষ অশোক ভূষণ, প্ৰাক্তন ন্যায়াধীশ তথা বৰ্তমানৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ অৰুণ মিশ্ৰই অংশগ্ৰহণ কৰে।
লগতে পঢ়কঃ আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, তিনি স্থানৰ পৰা উদ্ধাৰ ৮ জনৰ মৃতদেহ; অভিযুক্ত ‘সন্ধানহীন’
সেইদৰে, কালিৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত আছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আদৰ্শ গোৱেল, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ভি ৰামাসুব্ৰমনিয়ম, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিল দাভে, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিনীৰ সৰণ, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ কৃষ্ণ মুৰাৰী, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জ্ঞান সুধা মিশ্ৰ আৰু অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মুকুন্দকাম শৰ্মা।