মহাকুম্ভত পদপিষ্ট হৈ বহু লোকৰ মৃত্যু হোৱা ঘটনাক লৈ দাখিল কৰা জনস্বাৰ্থৰ গোচৰ খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে।
মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই এই গোচৰৰ শুনানিত কয় যে মহাকুম্ভত যি ঘটিল সেয়া অত্যন্ত দুৰ্ভাগ্যজনক। একে সময়তে তেওঁ বাদী অধিবক্তাক এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিবলৈ পৰামৰ্শ দিয়ে।
সোমবাৰে উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ পি বি সঞ্জয় কুমাৰৰ বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰে।
মহাকুম্ভ কাণ্ডক লৈ উদ্বেগ প্ৰকাশ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে যি হ’ল সেয়া অতি দুৰ্ভাগ্যজনক। কিন্তু এই গোচৰৰ ন্যায়িক তদন্ত ইতিমধ্যে আৰম্ভ হৈছে। এই বিষয়ত আপুনি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লাগে।’
উচ্চতম ন্যায়ালয়ত আবেদনকাৰীয়ে অনুৰোধ কৰিছিল যে সকলো ৰাজ্যকে প্ৰয়াগৰাজত নিজাকৈ কেন্দ্ৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হওক যাতে নিজৰ ৰাজ্যৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিব পৰা যায়।
তদুপৰি মহাকুম্ভত ঘোষণা বিভিন্ন ভাষাত কৰিব লাগে আৰু জাননী একাধিক ভাষাত প্ৰদৰ্শন কৰিব লাগে। যাতে আন ৰাজ্যৰ পৰা ইয়ালৈ অহা লোকসকলে সেই বাৰ্তাটো পঢ়ি বুজিব পাৰে।
তদুপৰি সকলো ৰাজ্যই যোগী চৰকাৰৰ সহযোগত নিজ নিজ ৰাজ্যৰ পৰা এটা সৰু চিকিৎসা দল কুম্ভলৈ পঠিয়াব লাগে। য’ত নাৰ্চৰ লগতে ডাক্তৰ থাকিব লাগে। যাতে জৰুৰী অৱস্থাত চিকিৎসা কৰ্মীৰ অভাৱ নহয়।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই দুৰ্ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা উচ্চতম ন্যায়ালয়ে প্ৰতিবেদন বিচাৰিব লাগে। যিসকলৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হৈছিল তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা উচিত।
উল্লেখ্য যে যোৱা ২৯ জানুৱাৰীত মহাকুম্ভত বহু লোকৰ মৃত্যু হৈছিল। চৰকাৰী তথ্য অনুসৰি মৃতকৰ সংখ্যা ৩০ জন আৰু আহতসকলৰ সংখ্যা ১০০ৰো অধিক।