NORTHEAST NOW (Assamese)

নায়ক নহয়, খলনায়কৰ চৰিত্ৰত অভিনয় কৰি ২০০ কোটি টকা পাৰিশ্ৰমিক পালে এই অভিনেতাই?

January 24, 2025 3:28 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় চিনেমাৰ আগশাৰীৰ অভিনেতাসকলে প্ৰায়ে ১০০ কোটি পাৰিশ্ৰামিক লয়। কিন্তু ২০০ কোটিৰ সীমাত উপনীত হ’বলৈ সক্ষম হৈছে মাত্ৰ মুষ্টিমেয় কেইজনমানে। কিন্তু নায়কতকৈ খলনায়কে বেছি পাৰিশ্ৰমিক পোৱাটো যথেষ্ট বিৰল। এনে উদাহৰণ ভাৰতীয় চিনেমাৰ ইতিহাসত আগতে কেতিয়াও দেখা যোৱা নাছিল। কিন্তু এইবাৰ কানাড়া ছুপাৰষ্টাৰ যশে অসম্ভৱক সম্ভৱ কৰি তুলিলে।

‘কে জি এফ’ ছিৰিজৰ জৰিয়তে সমগ্ৰ ভাৰততে জনপ্ৰিয়তা অৰ্জন কৰা যশে শেহতীয়াকৈ নীতিশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত ‘ৰামায়ণ’ ছবিত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত ৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰে। এই ছবিখনত অভিনয় কৰাৰ উপৰিও যশ সহ-প্ৰযোজক, আৰু সেইবাবেই অভিনয় পাৰিশ্ৰমিক আৰু ডিষ্ট্ৰিবিউছন শ্বেয়াৰৰ জৰিয়তে তেওঁ ২০০ কোটিৰো অধিক উপাৰ্জন কৰিছে।

এই পৰিসংখ্যাত যশে বহু শীৰ্ষ তাৰকাক অতিক্ৰম কৰি থৈ গৈছে। উদাহৰণস্বৰূপে, প্ৰবীণ অভিনেতা কমল হাছানে শেহতীয়াকৈ কেমিঅ’ চৰিত্ৰত অভিনয় কৰি ২৫-৪০ কোটি টকা উপাৰ্জন কৰিছে। জৱানৰ বাবে ২০০ কোটি টকা পাৰিশ্ৰমিক লোৱা শ্বাহৰুখ খানেও বিগত সময়ত প্ৰায় ১৫০ কোটি টকাৰ আশেপাশে পাৰিশ্ৰমিক লৈছিল। ছলমান খান আৰু আমিৰ খানেও যোৱা কেইবছৰমানৰ ভিতৰত শ্ৰেষ্ঠ ছবিৰ বাবে ১৫০ কোটিতকৈ অধিক লাভ কৰা নাই।

আনকি দক্ষিণৰ ছুপাৰষ্টাৰৰ মাজতো ১২০-১৫০ কোটি টকা লোৱা প্ৰভাসে এতিয়াও ২০০ কোটি টকাৰ মাইলৰ খুঁটিত উপনীত হোৱা নাই।

Related News