DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উদযাপন কৰিবলৈ পাহৰিলে পৰ্যটন বিভাগে

উত্তম শইকীয়া by উত্তম শইকীয়া
January 26, 2020 6:55 am
Tourist loadge.1

পৰ্যটন দিৱসতো খালী হৈ থকা কাজিৰঙাৰ এটি নিবাস। ফটো: নৰ্থইষ্ট নাও

1.6k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ অৰ্থনীতিত পৰ্যটনৰ গুৰুত্বৰ বাবে ইতিবাচক সজাগতাৰ বাবে সমগ্ৰ ভাৰতৰ পৰ্যটন ক্ষেত্ৰতে শনিবাৰে ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উদযাপন কৰা হৈছে যদিও এই ক্ষেত্ৰত অৱহেলিত হৈ ৰ’ল বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৷

পৰ্যটনৰ বিকাশৰ বাবে প্ৰিয়ংকা চোপ্ৰাৰ লগত লক্ষ লক্ষ টকা ব্যয় কৰা পৰ্যটন বিভাগ যেন এতিয়া ঘোৰ নিদ্ৰাত।

কাজিৰঙাত পৰ্যটন বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় থকাৰ পাছতো ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উদযাপন নোহোৱাতো অতি পৰিতাপৰ বিষয় ৷

ইফালে পৰ্যটন বিভাগৰ কাজিৰঙাৰ কহঁৰাত আছে জুপুৰী ঘৰ, অৰণ্য, কুঞ্জবন, বনশ্ৰী, বনানিৰ উপৰিও অগৰাতলিতো আছে পৰ্যটন নিবাস ৷

শনিবাৰে ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ দিনা এই পৰ্যটন নিবাস সমুহৰ জৰাজীৰ্ণ ৰূপে উদঙাইছে অসমৰ পৰ্যটন বিভাগৰ কাণ্ড জ্ঞানহীন ফোপোলা স্বৰূপ ৷

পৰিচালনা আৰু মেৰামতিৰ অভাৱত বন্ধ আৰু জহিখহি গৈছে এই বিভাগীয় পৰ্যটন নিবাস বোৰ ৷

বন্ধ হৈ আছে জুপুৰী নামৰ আৱাসতো ৷ বিগত দুটা বছৰেও সম্পূৰ্ণ নহল বোকাখাতত পুনৰ নিৰ্মান কৰি থকা প্ৰশান্তি নামৰ নিৱাসটোও ৷ কহঁৰাৰ দুটাকৈ পৰ্যটন নিৱাস ইতিমধ্যে জহি-খহি শেষ হ’ল ৷

দেশৰ লগতে ৰাজ্য পৰ্যটনৰ ক্ষেত্ৰলৈ কাজিৰঙাৰ অৱদান অনস্বীকাৰ্য ৷ বিভাগীয় তথ্য মতে বিগত ২০১৭-১৮ পৰ্যটন বৰ্ষত ৮,৫৩৭ জন বিদেশী পৰ্যটকৰ লগতে ১,৭৯,১৭৩ দেশীয় পৰ্যটক আহিছিল আৰু সংগৃহীত হৈছিল ৫,৬০,২২,২৯৫ টকাৰ ৰাজহ ৷

২০১৮-২০১৯ বৰ্ষত কাজিৰঙালৈ আহিছিল ৭,৪৪৩ জন বিদেশী আৰু ১,৬৮,৭৩৮  জন দেশী পৰ্যটক আৰু ৪,৮২,৪২,২২৯ টকাৰ ৰাজহ সংগৃহীত হৈছিল ৷

চলিত বৰ্ষৰ এতিয়ালৈকে ৬,৬৮৭জন বিদেশীৰ বিপৰীতে ৯৬,১৪৯ জন দেশী পৰ্যটকৰ বিপৰীতে সংগৃহীত হৈছে ২,৮১,৮৪,৮৫২ টকাৰ ৰাজহ ৷

ইয়াৰ পাছতো কাজিৰঙাত ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ কোনো ধৰণৰ কাৰ্যসুচী ৰূপায়ণ নতৰাতো বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ৷

পৰ্যটনৰ বিজ্ঞাপনৰ বাবে কোটিৰ ঘৰত ৰাজকোষৰ ধন ব্যয় কৰা অসমৰ পৰ্যটন বিভাগটোৰ এনে কাৰ্যই আচৰিত কৰিছে সকলোকে ৷ ই পৰ্যটনৰ সৈতে জড়িত স্থানীয় লোকসকলকো ক্ষুভিত কৰি তুলিছে ৷

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd