• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দ্বিতীয়বাৰৰ বাবে দিছপুৰত অধিষ্ঠিত হ’ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ : ফণীন্দ্ৰ নাথ শৰ্মা

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 16, 2020 11:02 am

3 min read

দ্বিতীয়বাৰৰ বাবে দিছপুৰত অধিষ্ঠিত হ’ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ : ফণীন্দ্ৰ নাথ শৰ্মা

ফটো : নৰ্থ-ইষ্ট নাও

274
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে শিৱসাগৰত বিজেপিৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰৰ যুৱদলত অনুষ্ঠিত হোৱা বিজেপি দলৰ এই সভাত জিলাখনৰ বিভিন্ন দল-সংগঠনৰ লগতে কেইবাটাও ৰাজনৈতিক দলৰ সহস্ৰাধিক লোকে বিজেপি দলৰ সদস্যপদ গ্ৰহণ কৰে।

বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ উদ্যোগত শিৱসাগৰ যুৱদলত কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰফুল্ল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সভাত কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম সংগ্ৰামী মঞ্চ, আটাছু, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা, ঐক্য সেনা অসমৰ লগতে কংগ্ৰেছ, অগপ আৰু চিপিআই দলৰ সহস্ৰাধিক সদস্যই বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

যোগদান সভাত অংশগ্ৰহন কৰি বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই কয় যে অহা বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১০০ প্লাচ আসন দখল কৰি দিছপুৰত চৰকাৰ গঠন কৰিব।

উন্নয়ন আৰু প্ৰগতিৰ বাবেই ৰাজ্যৰ জনসাধাৰণে দ্বিতীয়বাৰৰ বাবে বিজেপি দলক দিছপুৰত অধিষ্ঠিত কৰিব বুলি উল্লেখ কৰি শৰ্মাই দলৰ সকলো বিষয়ববীয়া আৰু নেতা-কৰ্মীক একো একোজন কাৰ্য্যকৰ্তা হিচাপে দলৰ কাম কৰি যাবলৈ আহ্বান জনায়।

তেওঁ কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত বিজেপি চৰকাৰে শাসনত অহাৰ পাছতে কৃষকসকলৰ আয় দুগুণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছিল। কৃষকসকলে যাতে তেখেতসকলৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰে, তাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে নতুনকৈ কৃষি আইনৰ ব্যৱস্থা কৰিছে।

কৃষি আইনৰ বাবে দালাল আৰু মধ্যভোগীৰ কমিছন নাইকিয়া হৈ পৰিব আৰু কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিব।

কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰফুল্ল বড়াই আদৰণি ভাষণ প্ৰদান কৰি যোগদান কৰা ব্যক্তিসকলক দললৈ আদৰণি জনায়।

জিলা সমিতিৰ তৰফৰ পৰা শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুৱঁৰীয়ে আদৰণি ভাষণ আগবঢ়োৱা যোগদান সভাত অংশগ্ৰহন কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন কুমাৰ গগৈয়ে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ আৰু উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ অসমৰ সৰ্বস্তৰৰ লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰে।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত সকলো জাতি-জনগোষ্ঠীৰ সম-উন্নয়নৰ যাত্ৰাত প্ৰতিগৰাকী ব্যক্তিক অংশীদাৰ হবলৈ সাংসদ গগৈয়ে আহ্বান জনায়।

সাংসদ গগৈয়ে ৰাজ্যৰ বিজেপি চৰকাৰৰ চাৰে চাৰিবছৰীয়া উন্নয়নমূলক কামসমূহৰ খতিয়ান আৰু উন্নয়নমূলক আঁচনি সমূহৰ বিষয়ে অৱগত কৰি আগন্তুক নিৰ্বাচনৰ বাবে সকলো কাৰ্য্যকৰ্তাক দুগুণ উৎসাহেৰে দলীয় কাম-কাজ চলাই নিবলৈ আহ্বান জনায়।

ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই বৰ্তমান বিজেপিৰ লগত প্ৰত্যাহ্বান জনাব পৰা কোনো দল নাই বুলি উল্লেখ কৰি উন্নয়ন আৰু বিকাশৰ বাবেই দ্বিতীয়বাৰৰ বাবে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব বুলি মন্তব্য কৰে।

কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰফুল্ল বৰাই কৃষক আন্দোলনক ৰাজনৈতিক চক্ৰান্ত আখ্যা দিয়ে।

ৰাজ্যিক মন্ত্ৰী যোগেন মহনে সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস নিতীৰে বিজেপি দলে আৰম্ভ কৰা পৰিবৰ্তন আৰু উন্নয়নৰ যাত্ৰাত সকলোকে সহযাত্ৰী হ’বলৈ আহ্বান জনায়।

এই অনুষ্ঠানত দলৰ বিভিন্ন শীৰ্ষ পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd