• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গান্ধী জয়ন্তীত দিচপুৰত অনশনত বহিল হাজাৰ হাজাৰ বেতন বঞ্চিত অপ্ৰাদেশীকৃত শিক্ষক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 2, 2018 1:25 pm
0305894f-3e05-491f-8450-436cd4a40d15

দিচপুৰ লাষ্টগেটত অনশনৰত শিক্ষক। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই যোৱা ১২ চেপ্টেম্বৰৰ দিনা অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ সৈতে আলোচনাত বহি শিক্ষক কৰ্মচাৰীসকলৰ দাবীসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি যেন ফুটুকাৰ ফেনত পৰিণত হ’ল।

সেয়েহে ২ অক্টোবৰৰ দিনটো বিদ্যালয়ত উদযাপন কৰিবলৈ এৰি দিচপুৰ লাষ্টগেটত প্ৰতীকি অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰে শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই।

Apply Now

উল্লেখ্য যে উক্ত আলোচনাকালত ১০ দিনৰ ভিতৰত কাৰ্য্য বিৱৰণী দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও ১০ দিন পাৰ হৈ যোৱাৰ পাছতো কোনোধৰণৰ কাৰ্য্য বিৱৰণী নিদিয়াত হতাশ হৈ পৰে শিক্ষক কৰ্মচাৰীসকল।

আনহাতে, বিধানসভাৰ অধিবেশন চলি থকাৰ সময়তে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য বিদেশ ভ্ৰমণত ব্যস্ত থকাত ক্ষোভ উজাৰে শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে ।

তেওঁ কয়, “চলিত বিধান সভা অধিবেশনত ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ আইন ২০১৭’ ব্যাপক সংশোধনীৰ জৰিয়তে প্ৰাদেশিকীৰণৰ মুখ দেখিবলৈ বাট চাই থকা শিক্ষক কৰ্মচাৰীক নিৰাশ কৰি শিক্ষা মন্ত্ৰী নিজে লণ্ডন ভ্ৰমণত ব্যস্ত হৈ আছে।”

তদুপৰি প্ৰাদেশিকীকৰণ আইন ২০১১’ সংশোধনী ২০১২ আৰু ২০১৩ ৰ অধীনত ৮৮৩২ খন শিক্ষানুষ্ঠানত কৰ্মৰত ৪১,৬৫৮ গৰাকী শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰাৰ পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে উক্ত আইনখন বাতিল কৰাত সেইসকল শিক্ষক কৰ্মচাৰীক প্ৰদেশিকীকৰণ আইন ২০১৭’ ৰ অধীনলৈ আনি  পদসমূহ সুৰক্ষিত কৰি দা-দৰমহা প্ৰদান কৰি আহিছে বুলি তেওঁ আমাক জানিবলৈ দিয়ে।

“উক্ত নীতি অনুসৰি একেই আইনৰ অধীনত প্ৰাদেশিকীকৰণৰ বাবে যোগ্যতা প্ৰদান কৰি ৬৬০৮ খন শিক্ষানুষ্ঠানৰ ৩৩৬৬৮ গৰাকী শিক্ষক কৰ্মচাৰীৰ ওপৰত চক্ৰান্তমূলকভাৱে প্ৰাদেশিকীকৰণ আইনৰ আসোঁৱাহ পূৰ্ণ ধাৰা- উপ ধাৰা জাপি দিয়াৰ ফলত প্ৰাপ্য মৰ্যাদাৰ পৰা শিক্ষক কৰ্মচাৰীসকল বঞ্চিত হ’ল,” আনোৱাৰ হুছেইনে এইদৰে কয়।

আনহাতে, একাংশ শিক্ষকক নিৰ্দিষ্ট বিষয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ অজুহাত দেখুৱাই প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত কৰি সুদীৰ্ঘ ২৫/৩০ বছৰে বিনা বেতনে কাম কৰা শিক্ষকসকলক শিক্ষা বিভাগে নাজল নাথল অৱস্থা কৰি আহিছে বুলি অভিযোগ কৰে শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে।

তেওঁ লগতে কয়, “বিনা বেতনে কাম কৰাৰ ফলত একাংশ শিক্ষকে বিনা চিকিৎসাই মৃত্যুবৰণ কৰাৰ লগতে একাংশই মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যাৰ পথ বাচি লৈছে।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd