নগাঁৱৰ ননৈ হত্যাকাণ্ডৰ তিনি অপৰাধীক কাৰাগাৰলৈ প্ৰেৰণ

Three accused

নগাঁৱৰ ননৈৰ খাটৰ গাঁৱৰ প্ৰাক্তন সেনা জোৱান দীপেন নাথৰ হত্যাৰ লগত জড়িত মূল অভিযুক্ত তিনিজন ফটো : নৰ্থ-ইষ্ট নাও

নগাঁৱৰ ননৈৰ খাটৰ গাঁৱত প্ৰাক্তন সেনা জোৱান দীপেন নাথৰ চাঞ্চল্যকৰ হত্যা কাণ্ডৰ লগত জড়িত থকা অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি অভিযুক্তক মঙলবাৰে নগাঁও কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে দীৰ্ঘদিনীয়া এক ব্যৱসায় কেন্দ্ৰিক সংঘাতৰ বাবে যোৱা ২২ অক্টোবৰৰ সন্ধিয়া দুজনীয়া দুৰ্বৃত্তৰ দলে দীপেন নাথক ঘৰৰ চৌহদতে নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল।

এই সন্দৰ্ভত আৰক্ষীয়ে তৎপৰতা গ্ৰহণ কৰি নগাঁৱৰ ভিন্ন স্থানত অভিযান চলাই যোৱা ২৭ অক্টোবৰত মূল অভিযুক্ত ৰাজীৱ বনিকৰ লগতে প্ৰনৱজ্যোতি নাথ আৰু চুলতান আলীক অস্ত্ৰ-সস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ পিছতে ২৮ অক্টোবৰত তিনিওজন অভিযুক্তকে নগাঁও আদালতত হাজিৰ কৰোৱাত আৰক্ষীয়ে তিনি দিনৰ জিম্মাত লৈছিল। আজি আৰক্ষী জিম্মাৰ ম্যাদ শেষ হোৱাত তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰে।

ইফালে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২, আৰ ডব্লিউ-২৭/৩ আৰ্মছ এক্টৰ অধীনত ৩৬০২/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰিছিল।