NORTHEAST NOW (Assamese)
দেশ

অন্ধবিশ্বাসৰ ভয়াৱহ পৰিণতি: আৰ্থিক সমস্যা দূৰীকৰণৰ বাবে দুই মহিলাক দিয়া হ’ল বলি, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 11, 2022 8:10 pm
human sacrifice

একবিংশ শতিকাৰ বিজ্ঞানৰ এই চমকপ্ৰদ উন্নয়নৰ দিনতো অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হ’ব পৰা নাই মানৱ সমাজ। অন্ধবিশ্বাসৰ ভয়াৱহ পৰিণতি স্বৰূপেই শেহতীয়াকৈ কেৰালাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে দুগৰাকী মহিলাই। পৰিয়ালৰ আৰ্থিক সমস্যা দূৰ কৰাৰ নামত এই দুই মহিলাক বলি দিছে এহাল দম্পতীয়ে।

কেৰালাৰ এৰ্নাকুলামত সংঘটিত মানৱ বলিৰ দৰে এই নৃশংস কাণ্ডত জড়িত থকাৰ অভিযোগত ইতিমধ্যে তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অন্ধবিশ্বাসৰ বলি হোৱা দুই মহিলাক ৰ’জলিন আৰু পদ্মা বুলি চিনাক্ত কৰা হৈছে।

ভুক্তভোগী দুই মহিলা ক্ৰমে ৰ’জলিন জুন মাহত আৰু পদ্মা ছেপ্টেম্বৰ মাহত নিৰুদ্দেশ হৈছিল। আৰক্ষীয়ে জানিবলৈ দিয়া মতে এগৰাকী এজেণ্টৰ সহায়ত মহিলা দুগৰাকীক অপহৰণ কৰি এহাল দম্পতীয়ে নিজ পৰিয়ালৰ আৰ্থিক সমস্যা দূৰ কৰি ধনী হোৱাৰ কামনাৰে বলি দিয়ে।

আৰক্ষীৰ উদ্ধৃতি মতে দুই মহিলাৰ ডিঙি কাটি বলি দিয়াৰ পিছত মৃতদেহ দুটা টুকুৰা-টুকুৰকৈ ভাগ কৰা হৈছিল আৰু পাথানামথিট্টা জিলাৰ থিৰুভালাৰ বিভিন্ন স্থানত সমাধিস্থ কৰা হৈছিল।

ইতিমধ্যে অপহৰণত জড়িত এজেণ্ট গৰাকীৰ লগতে দম্পতীহালক স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত দম্পতীহালক ভগৱন্ত সিং আৰু লায়লা বুলি চিনাক্ত কৰা হৈছে। আনহাতে তেওঁলোকৰ এজেণ্ট গৰাকীক মহম্মদ চফী বুলি চিনাক্ত কৰা হৈছে।