covid hotspot কোভিডৰ সংহাৰ, গুৱাহাটী মহানগৰীৰ তিনিটা অঞ্চলক কোভিড হটস্পট ঘোষণা, কি কি অঞ্চল
সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ।
কিছুদিন আগলৈকে গুৱাহাটী মহানগৰীত কোভিড আক্ৰান্ত লোকৰ সংখ্যা তেনেই কম আছিল যদিও শেহতীয়াকৈ সেই সংখ্যা একেজাপে ভালে খিনি বৃদ্ধি পাইছে।
মহানগৰীৰৰ কেতবোৰ বিশেষ অঞ্চলত বিশেষকৈ কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
সেয়ে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰশাসনে মহানগৰীৰ তিনিটা অঞ্চলক কোভিড হটস্পট হিচাবে ঘোষণা কৰিছে।
কোভিড হটস্পট ঘোষণা কৰা গুৱাহাটী মহানগৰীৰ উক্ত তিনিটা অঞ্চল হৈছে ক্ৰমে চানমাৰী, ৰাজগড় আৰু মালিগাঁৱৰ অন্তৰ্গত অঞ্চল।
উল্লেখ্য আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন কোভিড এছ অ’ পি ঘোষণা কৰে। নতুন কোভিড এছ অ’ পি অনুসৰি যিবোৰ স্থানত বিগত এসপ্তাহত কমেও ১০ জন লোক কোভিডত আক্ৰান্ত হৈছে তেনে অঞ্চল সমূহক কণ্টেইমেণ্ট জ’ন ঘোষণা কৰা হ’ব।