NORTHEAST NOW (Assamese)

দুই লক্ষধিক ভক্তৰ আখৰী দোৱাৰে শিৱসাগৰ ইজতেমাৰ সফল সমাপ্তি

January 9, 2019 7:36 am · পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ জিলাৰ সিংহদুৱাৰ বৰপথাৰত আয়োজিত ইজতেমাৰ এটা দৃশ্য।
৬ জানুৱাৰিৰ পৰা তিনিদিনিয়াকৈ অনুষ্ঠিত হোৱা শিৱসাগৰ ইজতেমাৰ ৮জানুৱাৰিত সামৰণি পৰে। বিশ্ব শান্তি কামনা আৰু মানৱ জাতিৰ উন্নতিৰ উদ্দেশ্যে ৬ জানুৱাৰিৰ পৰা শিৱসাগৰ জিলাৰ সিংহদুৱাৰ বৰপথাৰত আয়োজিত এই বিশাল ইজতেমাত আজি দুপৰীয়া ১১.৩০ বজাত অনুষ্ঠিত হোৱা আখৰী দোৱাত শিৱসাগৰৰ লগতে যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা লক্ষাধিক ভক্তই  অংশ গ্ৰহণ কৰে।
আখৰী দোৱাত অংশ লবলৈ সিংহদুৱাৰ ইজতেমাস্থলীত  পুৱতি নিশাৰ পৰাই হাজাৰ হাজৰ ভক্তৰ সোঁত ববলৈ ধৰে। প্ৰায় দুই লক্ষাধিক ভক্তৰ সমাগম ঘটা এই আখৰী দোৱাত ভাৰতৰ লগতে সমগ্ৰ বিশ্বত শান্তি কামনা কৰাৰ লগতে অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে উন্নতি, সু স্বাস্থ্য কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰে। হাইদৰাবাদৰ উলেমা মুফটি আব্দুল বাহাৰ চাহাবে সিংহদুৱাৰ ইজতেমাৰ আখৰী দোৱা কৰাৰ পাছতেই অন্ত পৰে তিনিদিনীয়া ইজতেমাৰ।
উল্লেখ্য যে ইচলামধৰ্মীসকলৰ ধৰ্মীয় সমাৱেশ ইজতেমাৰ বাবে তিনিদিন ধৰি শিৱসাগৰৰ বগীদ’ল, সিংহদুৱাৰ, মেটেকা, পানীচকী, মেছাগড় অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশ হৈ পৰিছিল। সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হৈ পৰিছিল এই বিস্তৃত অঞ্চল। ইজতেমাৰ লাইখুঁটা পোতাৰ দিনৰে পৰা বহু হিন্দু লোকে বিনা পাৰিশ্ৰমিকত শ্ৰমদান কৰিছিল। আখৰী দোৱাত অংশ লবলৈ অহা প্ৰতিজন ভক্তক  নিজৰ ঘৰত যানবাহন ৰখাৰ সুবিধা কৰি দিয়াৰ লগতে বিশুদ্ধ খোৱা পানী, চাহ মিঠায়েৰে আপ্যায়ন কৰিছিল অঞ্চলটোৰ লোকসকলে। এই ইজতেমা শিৱসাগৰ, যোৰহাট আৰু ডিমাপুৰ জিলাৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছিল।

Related News