• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জহি-খহি গৈছে মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীৰ নামনি গেজেৰা উপ-স্বাস্থ্যকেন্দ্ৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
January 9, 2019 9:27 am
Majuli Sub center
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ পয়ালগা স্বাস্থ্য ব্যৱস্থাৰ কথা কৈ অন্ত নপৰে। উপযুক্ত স্বাস্থ্যসেৱাৰ অভাৱত যোৰহাটলৈ প্ৰেৰণৰ পথতে কেইবাজনো ৰোগীয়ে মৃত্যুক সাৱটি ল’ব লগীয়া হোৱাৰ পিছতো চৰকাৰৰ কাণসাৰ নাই।

জিলাখনৰ বিভিন্ন প্ৰান্তত থকা উপ-স্বাস্থ্যকেন্দ্ৰসমূহৰ জৰাজীৰ্ণ তথা পুতৌলগা অৱস্থাই ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগটোৰ নগ্ন স্বৰূপটোকে উদঙাই দিছে।

Apply Now

বিশেষকৈ উজনি মাজুলীৰ অতি দুৰ্গম অঞ্চল নামনি গেজেৰাত ২০০২ চনতে স্থাপিত উপ-স্বাস্থ্য কেন্দ্ৰটো স্বাস্থ্য বিভাগৰ অমনোযোগিতাৰ বাবেই দিনক দিনে পৰিত্যক্ত অৱস্থালৈ গতি কৰাৰ লগতে চৌহদৰ বেৰাও জহি-খহি গৈছে। যাতায়াত-যোগাযোগ, স্বাস্থ্য, শিক্ষাকে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত উজনি মাজুলীৰ এনাইচুক, গেজেৰা, চাউৰেকীয়া, কেং মিলিকে ধৰি মাজুলীৰ দাতিকাষৰীয়া লখিমপুৰ জিলাৰ খজুৱা মিলি, খজুৱা পাতিৰ আদি গাওঁসমূহৰ জনসাধাৰণে প্ৰাথমিক চিকিত্সাৰ বাবে ভৰসা কৰিব পৰা একমাত্ৰ নামনি গেজেৰা উপ-স্বাস্থ্য কেন্দ্ৰটোত প্ৰয়োজনীয় নিম্নতম সুবিধাসমূহো পাবলৈ নাই। ফলত বিভিন্ন সময়ত জনসাধাৰণ অসুবিধাৰ সন্মুখীন হ’ব লগা হয়।

ইয়াৰোপৰি উজনি মাজুলীৰ প্ৰথম স্বাস্থ্য সেৱা কেন্দ্ৰ হিচাপে ১৯৮০ চনতে স্থাপন কৰা নয়াবজাৰ উপ-স্বাস্থ্যকেন্দ্ৰটোও বৰ্তমান মেৰামতিৰ অভাৱত জহি-খহি গৈছে যদিও স্বাস্থ্য বিভাগে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।

উল্লেখযোগ্য যে, নয়াবজাৰ উপ-স্বাস্থ্যকেন্দ্ৰটোৰ অধীনত অঞ্চলটোৰ নয়াবজাৰ, বৰবিল, ফুটচাং, কান্ধুলিমাৰি, বাহনিবাৰী আদি কেইবাখনো গাঁৱৰ জনসাধাৰণে স্বাস্থ্যসেৱাৰ বাবে উক্ত কেন্দ্ৰটোৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। বিশেষকৈ প্ৰসুতি সকলৰ উপৰি শিশুসকলক সময়ে সময়ে বিভিন্ন প্ৰতিষেধক প্ৰদান কৰাৰ বাবে উপ-স্বাস্থ্যকেন্দ্ৰসমূহৰ প্ৰয়োজন অতি জৰুৰী।

কিন্তু দীৰ্ঘদিন ধৰি অৱহেলিত হৈ থকা নয়াবজাৰ উপ-স্বাস্থ্যকেন্দ্ৰটো জৰাজীৰ্ণ হোৱাৰ উপৰি চৌহদৰ ভিতৰখন অস্বাস্থ্যকৰ হৈ পৰাত স্বাস্থ্যসেৱা আগ বঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।

অঞ্চলটোৰ ৰাইজে অতিকৈ পুৰণি উপ-স্বাস্থ্যকেন্দ্ৰ দুটা মেৰামতিৰ লগতে যাৱতীয় সকলো সুবিধা ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে উজনি মাজুলীবাসীয়ে মাজুলী জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগক দাবী জনাইছে।

উল্লেখযোগ্য যে ৰাজ্যৰ তথাকথিত দক্ষ মন্ত্ৰীজনৰ অধীনৰ স্বাস্থ্য বিভাগটোৱে বিগত সময়ছোৱাত নতুন নতুন মেডিকেল কলেজ স্থাপন কৰাৰ কথা ঘোষণা কৰিলেও গাৱঁৰ মানুহৰ প্ৰাথমিক স্বাস্থ্যসেৱা আৰু স্বাস্থ্য সজাগতাৰ ঘাই ভৰসা উপ-স্বাস্থ্যকেন্দ্ৰবোৰৰ স্বাস্থ্যহীনতাই ইয়াৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।

 

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd