অন্ধ্ৰ প্ৰদেশৰ কাডাপা জিলাত আজি আকস্মিক বানপানীৰ ফলত কমেও তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জন লোক সন্ধানহীন হৈ আছে। বান্ধ ভাঙি চেয়েৰু নদীৰ পানী উপচি পৰাৰ পিছত কেইবাখনো গাওঁ বানত প্লাবিত হৈছিল।
শুকুৰবাৰে পুৱতি নিশা অন্ধ্ৰ প্ৰদেশত ধাৰাসাৰ বৰষুণ হৈছিল। এই বৰষুণৰ ফলতেই চেয়েৰু নদীৰ পানী উপচি পৰি বানৰ সৃষ্টি কৰে।
বতৰ বিজ্ঞান প্ৰতিষ্ঠানে ইতিমধ্যে দক্ষিণ উপকূলীয় অন্ধ্ৰ প্ৰদেশ আৰু ৰয়ালসীমাৰ বিভিন্ন স্থানত অতি ধাৰাসাৰ বৰষুণৰ সংকেত দিয়াৰ লগতে বেছিভাগ ঠাইত পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ আগজাননী দিছে।
ভগৱান ভেঙ্কটেশ্বৰৰ মন্দিৰ অৱস্থিত তিৰুমালাত হোৱা প্ৰচণ্ড বানপানীৰ ফলত শ শ তীৰ্থযাত্ৰী আৱদ্ধ হৈ পৰে। তিৰুমালা পাহাৰৰ মূল মন্দিৰৰ কাষত থকা চাৰিটা পথ বানপানীত ডুব যায়। নন্দলূৰৰ স্বামী আনন্দ মন্দিৰো বানত ডুব যোৱা দেখিবলৈ পোৱা গৈছে।
প্ৰচাৰ হোৱা ভিডিঅ’বোৰত দেখা গৈছে যে মানুহে বানৰ পৰা পৰিত্ৰাণ পাবলৈ উচ্চ আশ্ৰয়স্থলত উপনীত হ’বলৈ চেষ্টা কৰি আছে।
তিৰুমালা পাহাৰৰ বহুতো গছ বানত উভালি পৰাৰ ফলত অঞ্চলটোৰ সংযোগী পথসমূহ বন্ধ হৈ পৰিছে।

ইতিমধ্যে এনডিআৰএফ আৰু এছডিআৰএফ দলে সাহায্য আৰু উদ্ধাৰ অভিযানত নামি পৰিছে।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৱাইএছ জগন মোহন ৰেড্ডীয়ে বৰষুণত ক্ষতিগ্ৰস্ত জিলাসমূহৰ সংগ্ৰাহকসকলৰ সৈতে এটা ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰে আৰু তেওঁলোকক উদ্ধাৰ আৰু সাহায্য ব্যৱস্থা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে।