বাংগালুৰুৰ উপকণ্ঠৰ মায়াচন্দ্ৰাত মঙলবাৰে এখন দ্ৰুতবেগী বাহনে মহতিয়াই নিয়াৰ ফলত অসমৰ তিনিজন প্ৰব্ৰজনকাৰী শ্ৰমিক নিহত হৈছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি, অসমৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে কামৰ পিছত সোমবাৰে নিশা তেওঁলোকৰ ঘৰলৈ উভতি গৈ থকাৰ সময়তে ঘটনাটো সংঘটিত হৈছিল। বাহনখনে খুন্দিওৱাৰ পিছতে শ্ৰমিককেইজনৰ ঘটনাস্থলীতে মৃত্যু হয়।
লগতে পঢ়ক: প্ৰসিদ্ধ আমেৰিকান অভিনেত্ৰী-সংগীত শিল্পী জৰ্জিয়া হ’ল্টৰ দেহাৱসান
মৃতকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। স্থানীয় পথচাৰীসকলে ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল।
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মৃতদেহবোৰ ছিন্ন-ভিন্ন হৈ পৰিছিল আৰু ৰাস্তাটোত দেহৰ অংগবোৰ ছিটিকি পৰিছিল।
আটিবেল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছিল আৰু মৃতদেহবোৰ আটিবেল চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰিছিল।
লগতে পঢ়ক: ধৰা পৰিল জিকা ভাইৰাছৰ প্ৰথমটো ঘটনা; সমগ্ৰ কৰ্ণাটকত জাৰি কৰা হৈছে সতৰ্কতা
প্ৰাথমিক অনুসন্ধানত কোৱা হৈছে যে বাহনখন হিট এণ্ড ৰান গোচৰত জড়িত আছিল। অপৰাধ সংঘটিত কৰাৰ পিছত চালকজনে ক্ষতিগ্ৰস্ত বাহনখন এৰি ঘটনাস্থলীৰ পৰা পলাই গৈছিল। আৰক্ষীয়ে চালকজনৰ সন্ধান আৰম্ভ কৰিছে।
তেওঁলোকে মৃত ব্যক্তিসকলৰ বিষয়ে স্থানীয় লোকসকলৰ পৰা তথ্য সংগ্ৰহ কৰা আৰম্ভ কৰিছে। পৰৱৰ্তী অনুসন্ধান চলি আছে।