কোন হ’ব গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী? : চৰ্চাত তিনিখন নতুন মুখ

Queen Oja Rupam Hemanga

গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হেমাংগ ঠাকুৰীয়া, ৰূপম গোস্বামী আৰু কুইন ওজা। ফাইল ফটো

লোকসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে কঁকালত টঙালি বান্ধিছে বিজেপিয়ে। গুৱাহাটী লোকসভা সমষ্টিটো ব্যতিক্ৰম নহয়। কিয়নো বৰ্তমান সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰ বয়সৰ চাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা হ্ৰাস পোৱাত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম অধিক চৰ্চালৈ আহিছিল।

কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ থকা লোকসভা সমষ্টিটোৰ বাবে শেহতীয়াকৈ দাবীদাৰ বুলি নিজকে বিবেচিত কৰিছে বিজেপিৰ কেইগৰাকীমান ৰাজ্যিক পৰ্য্যায়ৰ নেতাই। ইপিনে, হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনাৰ কথাটো অধিক চৰ্চিত হৈ থাকিলেও এই সমষ্টিত বৰ্তমান পোহৰলৈ আহিছে অন্য চাৰিগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ নাম। সেইকেইগৰাকী হৈছে ক্ৰমে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ কুইন ওজা, ৰূপম গোস্বামী, হেমাংগ ঠাকুৰীয়া আৰু উপ-সভাপতি প্ৰদীপ ঠাকুৰীয়া।

এই চাৰিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত অন্যতম কুইন ওজা। গুৱাহাটী লোকসভা সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰবল ইচ্ছা থকাৰ কথা নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত উল্লেখ কৰে প্ৰাক্তন অগপ নেত্ৰীগৰাকীয়ে।

ওজাই অগপ দলৰ আৰম্ভণিৰে পৰা ২০১৪ চনলৈকে দলটোৰ সবল নেতৃত্ব বহন কৰি আহিছিল বুলি আমাৰ সাংবাদিকৰ আগত দাবী কৰে। তেওঁ ১৯৯৬-৯৭ চনত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ হিচাপে কাৰ্য্য নিৰ্বাহ কৰিছিল তথা অসম মহিলা পৰিষদৰ ২০১৪ চনলৈকে সাধাৰণ সম্পাদিকা হিচাপে কাৰ্য্য নিৰ্বাহ কৰাৰ লগতে অসম আন্দোলনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল বুলিও আমাৰ আগত কয়।

গুৱাহাটী লোকসভা সমষ্টিৰ দাবীদাৰ ওজাই আৰু কয়, ‘দলৰ ফালৰ পৰা মই বিবেচিত হ’লে মই নিশ্চয় আগবাঢ়িম। মই প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সম্পূৰ্ণ ইচ্ছুক।‘

ইপিনে, ১৯৮৫ চনৰে পৰা সক্ৰিয় ৰাজনীতিত থকা কুইন ওজাই কিদৰে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব সেই সম্পৰ্কেও আমাৰ আগত সদৰী কৰে।

তেওঁ কয়, ‘মই নিস্বাৰ্থভাৱে জনসাধাৰণৰ বাবে উন্নয়ন কৰি যাম, দুৰ্নীতিক কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। ‘উন্নয়ন আৰু দুৰ্নীতিমুক্ত’ এই দুই মূল মন্ত্ৰৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ম।‘

ইপিনে, আন এগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰূপম গোস্বামীয়ো উক্ত সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ইচ্ছুক বুলি আমাৰ আগত উল্লেখ কৰে। ইতিমধ্যে এই সমষ্টিৰ পৰা গোস্বামীৰ নামটোও চৰ্চিত হৈছে।

গোস্বামী বৰ্তমান বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ বাহিৰেও চেম্বাৰ্ছ অব কমাৰ্ছৰ অধ্যক্ষ হিচাপে কাৰ্য্য নিৰ্বাহ কৰি আছে। ইতিমধ্যে তেওঁ দলীয় উচ্চ পৰ্য্যায়ৰ নেতৃত্বক আকৃষ্ট কৰিবলৈ বিভিন্ন ধৰণে চেষ্টা কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, বিজেপিৰ আন এগৰাকী ৰাজ্যিক মুখপাত্ৰ হেমাংগ ঠাকুৰীয়াই হিমন্ত বিশ্ব শৰ্মাৰ পাছতেই তেওঁ গুৱাহাটী সমষ্টিৰ বাবে প্ৰবল দবীদাৰ বুলি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত উল্লেখ কৰে।

‘হিমন্ত বিশ্ব শৰ্মা শক্তিশালী মন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাই যদি গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে, তেন্তে আমি টিকট বিচৰাৰ প্ৰশ্নই উঠিব নোৱাৰে।‘ এইদৰে কয় ঠাকুৰীয়াই।

তদুপৰি ২০১১ চনত হেমাংগই পলাশবাৰী সমষ্টিৰ পৰা বিজেপি দলৰ হৈ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বুলি উল্লেখ কৰাৰ লগতে যথেষ্ট সমৰ্থন থকা বুলিও দাবী কৰে। তেওঁ ১৯৯৭ চনত বিজেপি দলত যোগদান কৰা বুলি সদৰী কৰে।

তেওঁ কয়, ‘মোৰ ঘৰ যিহেতু দক্ষিণ কামৰূপত, গতিকে মোৰ গৃহ সমষ্টি হিচাপে বকো, ছয়গাওঁ আৰু পলাশবাৰী বিধানসভা সমষ্টি আছে বুলি ক’ব পাৰো। মোৰ নামটো চৰ্চাত অহাৰ পাছতে সমষ্টি তিনিটাৰ জনসাধাৰণ উৎফুল্লিত হৈ আছে।‘

ইপিনে, জালুকবাৰী সমষ্টিত তেওঁ বিজেপিৰ বিস্তাৰক হিচাপে থকা বুলি আমাৰ আগত উল্লেখ কৰে।

মন কৰিবলগীয়া যে, গুৱাহাটী লোকসভা সমষ্টিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থিত্ব আগবঢ়াব নে নাই তাৰ নিশ্চিত খবৰ এতিয়াও লাভ কৰিব পৰা নাই বা মন্ত্ৰীজনেও স্পষ্টকৈ এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা উল্লেখ কৰা নাই। এক সুত্ৰৰ পৰা জানিবলৈ পোৱা অনুসৰি মঙ্গলদৈ সমষ্টিৰ সাংসদ ৰমেন ডেকাই গুৱাহাটী লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা কম।

তেনে ক্ষেত্ৰত এই সমষ্টিত কোন হ’ব বিজেপিৰ প্ৰাৰ্থী? সেয়া এতিয়াও সকলোৰে বাবে ৰহস্যৰ বিষয় হৈ পৰিছে।