NORTHEAST NOW (Assamese)

তেজপুৰত চাঞ্চল্য : ছেক্ৰেড হাৰ্ট স্কুলৰ তিনিজন ছাত্ৰ সন্ধানহীন; বিদ্যালয়ৰ শাস্তিৰ ভয়তে আত্মগোপনৰ সন্দেহ

October 27, 2018 8:56 pm · মণিমালা বৰা
Updated: October 27, 2018 10:32 pm
নিৰুদ্দেশ হোৱা তিনিজন ছাত্ৰৰ দুজন।

তেজপুৰৰ মাজগাওঁস্থিত এখন আগশাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তিনিজনকৈ ছাত্ৰ সন্ধানহীন হোৱাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ নাম ছেক্ৰেড হাৰ্ট স্কুল।

অভিভাৱকে জানিবলৈ দিয়ামতে, ষষ্ঠ শ্ৰেণীৰ ছাত্ৰকেইজন বিদ্যালয়ৰ ছুটীৰ পিছত ঘৰলৈ ঘূৰি যোৱা নাই। তেওঁলোকৰ নাম ক্ৰমে অনিক জ্যোতি পটংগীয়া, প্ৰতীক বাৰিক আৰু চনুকুমাৰ সিং।

ইপিনে ছাত্ৰকেইজনৰ অভিভাৱকে সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও এই মুহূৰ্তলৈকে সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে।

ছাত্ৰকেইজনৰ অভিভাৱকে অভিযোগ কৰিছে যে য়ুনিট টে’ষ্টত নম্বৰ কম পালে বিদ্যালয় কৰ্তৃপক্ষই, বিশেষকৈ অধ্যক্ষ আৰু এগৰাকী শিক্ষয়িত্ৰীয়ে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ ভয় দেখুৱাইছিল। ছাত্ৰকেইজনে ইয়াৰ ভয়তে ঘৰলৈ নাহি আন ক’ৰবাত আশ্ৰয় লোৱাৰ সম্ভাৱনা আছে।

ছাত্ৰকেইজনৰ অভিভাৱক এতিয়াও চৰম দুশ্চিন্তাত সময় কটাইছে। কোনোবাই ছাত্ৰকেইজনৰ সন্ধান পালে খবৰ দিবলৈ আহ্বান জনাইছে।

শেহতীয়া বাতৰি মতে ছাত্ৰকেইজনক এজন জ্যেষ্ঠ ব্যক্তিয়ে এঠাইত দেখা পাই সদৰ আৰক্ষী থানাত গতাই দিছে। সদৰ আৰক্ষীয়ে ইতিমধ্যে অভিভাৱকৰ সৈতে যোগাযোগ কৰিছে।

Related News