কাশ্মীৰত ৰাতিপুৱাই সেনা বাহিনীৰ হাতত তিনিজন দুৰ্ধৰ্ষ সন্ত্ৰবাদী নিহত; দুসপ্তাহত ২৫ জন সন্ত্ৰবাদীৰ মৃত্যু

অভিযানকাৰী সেনাবাহিনীৰ দল

জম্মু-কাশ্মীৰত ক’ৰ’নাৰ সংক্ৰমণৰ মাজতে ভাৰতীয় নিৰাপত্তা বাহিনীৰ জোৱানৰ সন্ত্ৰাসবাদী বিৰোধী অভিযান অব্যাহত আছে।

বুধবাৰে ভাৰতীয় সেনা বাহিনী, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ সন্মিলিত অভিযানত তিনিজন সন্ত্ৰাসবাদী নিহত হয়।

জম্মু-কাশ্মীৰৰ ছোফিয়ান জিলাত নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এই তিনিজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়।

উল্লেখযোগ্য যে, বিগত দুসপ্তাহত কাশ্মীৰ ঘাটিত ২৫ জন সন্ত্ৰাসবাদীৰ নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যু হৈছে।

‘‘বিগত দুসপ্তাহত ৯ টা অভিযান চলোৱা হৈছে আৰু এই অভিযানত মুঠ ২৫ গৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে,’’ ডিজিপি দিলবাঘ সিঙে কয়।

ছোফিয়ান জিলাত তিনিজন সন্ত্ৰাদবাদীয়ে আত্মগোপন কৰি থকা আজি ৰাতিপুৱাই নিৰাপত্তাৰক্ষী বাহিনীয়ে খবৰ পায়।

চোৰাংচোৱাৰ খবৰৰ ভিত্তিত নিৰাপত্তাৰক্ষী বাহিনীৰ বিশেষ দল উক্ত স্থানত উপস্থিত হৈ সন্ত্ৰাদবাদী কেইজনক নিহত কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, বিগত সময়ত কাশ্মীৰত সেনা আৰু আৰক্ষী বাহিনীয়ে সন্ত্ৰবাদ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে।

নিৰাপত্তাৰক্ষী বাহিনীয়ে হিজবুল মুজাহিদিনৰ শীৰ্ষস্থানীয় বহু কেইজন কামাণ্ডাৰক নিহত কৰিছে।