• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমতো ঘটিল! আৰক্ষী চকীত তিনিগৰাকী মহিলাক উলংগ কৰি নিৰ্মম প্ৰহাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2019 7:01 pm
Jail,_prison_resources1_16a4a16575d_large

প্ৰতিনিধিত্বমূলক চিত্ৰ

2.4k
VIEWS
Share on FacebookShare on Twitter

সংবিধান, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা, মানৱ অধিকাৰ উলংঘা কৰি অসম আৰক্ষীয়ে সোধা-পোছাৰ নামত অভিযুক্তৰ আত্মীয় তিনিগৰাকীকৈ মহিলাক উলংগ কৰি ৰাতি অমানুষিক অত্যাচাৰ চলোৱা এটা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাটো দৰং জিলাৰ। অভিযোগ মতে, দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই এটা গোচৰত অভিযুক্তক বিচাৰি নাপাই অভিযুক্তৰ তিনিগৰাকী ভগ্নীক সোধা-পোছাৰ বাবে চকীলৈ নি উলংগ কৰি ওৰে নিশা প্ৰহাৰ কৰে।

তিনিগৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলা গৰ্ভৱতী আছিল আৰু আৰক্ষীৰ প্ৰহাৰত তেওঁৰ গৰ্ভপাত হয়।

উত্তৰ ভাৰতত সঘনে হোৱা ঘটনাৰ দৰে এই জঘন্য ঘটনাত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক সহায় কৰিছিল বিনীতা বড়ো নামৰ এগৰাকী মহিলা কনিষ্টবলে।

গৰ্ভৱতী মহিলাগৰাকীৰ অনুনয়-বিনয়েও তেওঁলোকৰ নিষ্ঠুৰতাক বাধা দিব পৰা নাছিল। কাতৰ অনুৰোধ সত্ত্বেও তেওঁকো প্ৰহাৰ কৰিবলৈ এৰা নাছিল আৰক্ষী বিষয়াজনে।

সূত্ৰটোৰ মতে, ৯ ছেপ্তেম্বৰত বুঢ়া আৰক্ষী চকীত ৰুজু হৈ থকা এটা গোচৰৰ অভিযুক্তক বিচাৰি আৰক্ষীৰ এটা দল গুৱাহাটীত অভিযান চলাইছিল। কিন্তু আৰক্ষীয়ে অভিযুক্তক বিচাৰি নাপাই তেওঁৰ তিনিগৰাকী ভগ্নীক বুঢ়া আৰক্ষী চকীলৈ লৈ গৈছিল।

আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে তিনিও গৰাকী যুৱতীক অভিযুক্তৰ ঠিকনা বিচৰাৰ নামত পাশৱিক অত্যাচাৰৰ লগতে যৌন নিৰ্যাতনো চলোৱাৰো অভিযোগ উঠিছে। ৯ ছেপ্তেম্বৰৰ নিশা সংঘটিত সেই বৰ্বৰ আক্ৰমণৰ ঘটনাটো আজিহে পোহৰলৈ আহিছে।

উক্ত ঘটনাৰ পিছতেই ১০ ছেপ্টেম্বৰত ভুক্তভুগীৰ পৰিয়ালে আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে দৰং জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত অভিযোগ দাখিল কৰে।

অভিযোগ দাখিলৰ ৭ দিনৰ পাছতো আজি পৰ্যন্ত ভাৰপ্ৰাপ্ত বিষয়াজনৰ বিৰুদ্ধে দৰং আৰক্ষীয়ে কিয় একো ব্যৱস্থা গ্ৰহণ কৰা নাই।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd