• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাপৰত ভয়াবহ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল একে গাওঁৰে তিনি যুৱকৰ, অঞ্চলজুৰি শোকৰ ছাঁ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
April 7, 2022 8:20 pm
WhatsApp Image 2022-04-07 at 8.01.01 PM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা নিশা সংঘটিত এক ভয়াবহ তথা শোকাবহ পথ দুৰ্ঘটনাই জোকাৰি গ’ল সমগ্ৰ চাপৰ অঞ্চল। চাপৰ চহৰৰ মৌৱাটাৰী অঞ্চলৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা ট্ৰাক কনটেইনাৰত তীব্ৰবেগী পালছাৰ ২২০ মটৰ চাইকেল এখনে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত মটৰ চাইকেলখনত থকা তিনিওজন আৰোহী যুৱকে শোকাবহভাৱে মৃত্যক সাবটিব লগীয়া হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

ডব্লিউ বি ৬৫ডি ৬৮১০ নম্বৰৰ কনটেইনাৰখনত খুন্দা মৰাৰ ফলত থিতাতে প্ৰাণ যোৱা যুৱক তিনিজন ক্ৰমে সূৰ্য্য অধিকাৰীৰ পুত্ৰ কংকণ অধিকাৰী (২৭), ভূপেন ৰায়ৰ পুত্ৰ জিতু ৰায় (৩০) ,প্ৰয়াত সুৰেশ ৰায়ৰ পুত্ৰ মমেন ৰায় (গাৰো ,৩৫)। মৃত তিনিও জনেৰে ঘৰ চাপৰ চহৰৰ সত্যপুৰ (ৱাৰ্ড নং ৮) ত। 

ভয়াবহ দুৰ্ঘটনাই এইদৰে একে গাঁৱৰে তিনিজনকৈ যুৱকৰ প্ৰাণ কাঢ়ি লোৱা ঘটনাই গাঁওখনত অবৰ্ণনীয় এক শোকাকূল পৰিৱেশৰ সৃষ্টি কৰিছে।

Apply Now

লগতে পঢ়ক: একেলগে প্ৰায় ২০টা কুকুৰৰ আক্রমণ; ভনীয়েকক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে ৮ বছৰীয়া শিশুৱে!

প্ৰণিধানযোগ্য যে ইয়াৰে মৃত কংকণ অধিকাৰীৰ বিবাহ হোৱা এমাহো সম্পুৰ্ণ হোৱা নাই। যোৱা ১০ মাৰ্চত তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। মাহ-হালধিৰ গোন্ধ মাৰ নৌযাওঁতেই এইদৰে অকাল বৈধব্যক আঁকোৱালি লবলগীয়া হৈ দিশহাৰা হৈ পৰিছে সদ্যবিবাহিতা পত্নী অংকণাই।

আনহাতে, একমাত্ৰ পুত্ৰক অকালতে হেৰুৱাই ভাৰাক্ৰান্ত পিতৃ। দুটি ফুল কুমলীয়া সন্তানৰ পিতৃ মমেন আৰু ঘৰখনৰ ভৰসা জিতুৰ অকাল মৃত্যুৱে তিনিখনকৈ ঘৰৰ সপোন তথা আশাকো অকালতে মোহাৰি নিলে।

উল্লেখ্য যে নিশা ১০-৩০ মান বজাত সংঘটিত ভয়াবহ দুৰ্ঘটনাটোৰ পাছতে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে। চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতি আৰক্ষীৰ দলসহ ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত পতিত তিনিওকে উদ্ধাৰ কৰি প্ৰথমে চাপৰ চিকিৎসালয় আৰু পিছত চাপৰ থানালৈ আনে।

আজি মৰণোত্তৰ পৰীক্ষাৰ অন্তত তিনিওৰে মৃতদেহ আৰক্ষীয়ে পৰিয়ালক চমজাই দিয়াৰ পাছতে গাঁওখনত কান্দোনৰ ৰোল উঠে। এই হৃদয় বিদাৰক ঘটনাই প্ৰতিগৰাকীৰে চকু সেমেকাই তোলা পৰিলক্ষিত হয়।

লগতে পঢ়ক: বুচাত নিহত ৯০ শতাংশ নাগৰিকক ৰাছিয়ান সেনাই গুলীয়াই হত্যা কৰাৰ দাবী স্থানীয় মেয়ৰৰ

এই তিনি যুৱকৰ অকাল মৃত্যত অসম  চৰকাৰ বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংঘী,  ই এম্ তথা যুব নেতা জিবেশ ৰায়, ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণী কান্ত ৰায়, যুব সমাজসেৱক লেখক সাজিদ হুছেইন, বিশিষ্ট কবি ধীমান দাস, চাপৰ প্ৰেছ ক্লাব, ‘আক্ৰাছু’ ৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক কৰ্ণ ৰায়, প্ৰাক্তন বিধায়ক প্ৰশান্ত বৰুৱা, সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ প্ৰাক্তন সভাপতি ত্ৰিদ্বীপ পতি সিংহ, সমাজকৰ্মী হৰকুমাৰ ৰায় , ডাঃ দেবানন্দ অধিকাৰী, ধুবুৰী জিলা সাহিত্য সভাৰ কোষাধ্যক্ষ হেৰম্ব কলিতা, সমাজকৰ্মী নজৰুল ইছলাম, গণেশ দাস (বিলাসীপাৰা)কে ধৰি বহু দল সংগঠন তথা ব্যক্তি বিশেষে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। 

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd