NORTHEAST NOW (Assamese)

কাজিৰঙাৰ কঁহৰা বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ; প্ৰতিদ্বন্দ্বিৰ সৈতে হোৱা যুঁজত মৃত্যু

April 16, 2020 10:05 am · উত্তম শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ মিহিবিলৰ পাৰত বুধবাৰৰ দিনা বনকৰ্মীয়ে এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰে।
বিলখনৰ পাৰতে প্ৰায় তিনিদিনমান পূৰ্বে বাঘটোৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

মৃত বাঘটোৰ দেহৰ পিছ অংশ ইতিমধ্যেই অন্য বাঘে ভক্ষণ কৰা বুলি বন কৰ্মীয়ে জানিবলৈ দিয়ে।

বুধবাৰে বিয়লি হাতী চৰাবলৈ অহা বনকৰ্মীয়ে বাঘটো প্ৰত্যক্ষ কৰাৰ পাছত নিশা অন্য বাঘে মৃত বাঘটো ভক্ষণ কৰিবলৈ অহা দেখা পায়।

ইফালে আজি পুৱা মিহিবিলৰ পাৰতেই কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশুচিকিৎসক ডাঃ প্ৰাণজি বসুমতাৰী আৰু কৰবেটট ফাউণ্ডেশ্যনৰ পশু চিকিৎসক ডাঃ নবীন পাণ্ডেয়ে বাঘটোৰ মৰণোত্তৰ পৰীক্ষা কৰে।

পূৰ্ণ প্ৰাপ্ত বয়স্ক প্ৰায় ১০ বছৰীয়া মতা বাঘটোৰ পাৰস্পৰিক যুঁঝত মৃত্যু হোৱা বুলি মৰণোত্তৰ পৰীক্ষাৰ পাছত প্ৰকাশ কৰে।

ইফালে বাঘে বাঘক খোৱা ঘটনা অতি বিৰল যদিও কাজিৰঙাত নিজৰ বিচৰণ ভূমিকলৈ হোৱা সংঘৰ্ষৰ বাবেই এনে ঘটনা হোৱাৰ প্ৰমাণ আছে বুলি জনায় কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই।

আনহাতে আজি পুৱাই বনবিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এ কে যাদৱ, কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰৰ উপস্থিতি মৃত বাঘটো ঘটনাস্থলতে দাহ কৰা হয়।

Related News