• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে বাঘৰ মৃত্যুৰ হাৰ! নাই পৰ্যাপ্ত কৰ্মী আৰু সুবিধা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2026 4:19 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বাঘ সংৰক্ষণৰ যি গৌৰৱোজ্জ্বল আন্তঃৰাষ্ট্ৰীয় সফলতা, তাৰ প্ৰতি এক গুৰুতৰ ভাবুকি নামি আহিছে। মানুহ আৰু বাঘৰ মাজত বৃদ্ধি পোৱা সংঘাত আৰু একে সময়তে বন বিভাগত পৰিলক্ষিত হোৱা কৰ্মচাৰীৰ চৰম অভাৱৰ ফলত সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষিত পৰিসীমাৰ বাহিৰত বাঘৰ মৃত্যুৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। এই উদ্বেগজনক পৰিস্থিতিয়ে দেশৰ বন্যপ্ৰাণী সংৰক্ষণৰ ভৱিষ্যতক লৈ এতিয়া গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।

ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণ (NTCA)-ৰ তথ্য অনুসৰি, বিগত পাঁচ বছৰত ভাৰতত মুঠ ৭২৫টা বাঘৰ মৃত্যু হৈছে। ইয়াৰে প্ৰায় আধা অৰ্থাৎ ৩৭০টা বাঘৰ মৃত্যু হৈছে সংৰক্ষিত বনাঞ্চলৰ বাহিৰত। বৰ্তমান ভাৰতৰ প্ৰায় ৩০ শতাংশ বাঘ সংৰক্ষিত এলেকাৰ বাহিৰত বিচৰণ কৰে, য’ত সিহঁতে পথ দুৰ্ঘটনা, বিদ্যুৎস্পৃষ্ট হোৱা, বিষ প্ৰয়োগ আৰু মানুহৰ সৈতে হোৱা সংঘৰ্ষৰ দৰে চৰম বিপদৰ সন্মুখীন হ’বলগীয়া হয়।

Apply Now

২০২৫ চনত ভাৰতত মুঠ ১৬৬টা বাঘৰ মৃত্যু হৈছে, যিটো শেহতীয়া বছৰসমূহৰ ভিতৰত দ্বিতীয় সৰ্বাধিক। এই পৰিসংখ্যা ২০২৪ চনৰ ১২৬টা মৃত্যুৰ তুলনাত উল্লেখযোগ্যভাৱে অধিক। বিশেষজ্ঞসকলৰ মতে, বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মানুহ-বাঘৰ সংঘাতো বৃদ্ধি পাইছে। অৰণ্য এলেকা সংকুচিত হোৱাৰ ফলত বহু বাঘ খাদ্য বা আশ্ৰয়ৰ সন্ধানত গাঁৱৰ জনবসতি আৰু খেতিপথাৰৰ কাষলৈ ওলাই আহে, যাৰ ফলত সংঘাতৰ আশংকা তীব্ৰতৰ হৈ পৰিছে।

আন এক গুৰুত্বপূৰ্ণ সমস্যা হৈছে বন বিভাগত কৰ্মচাৰীৰ অভাৱ। বহুতো বাঘ সংৰক্ষিত বনাঞ্চলত প্ৰতি পাঁচটা পদৰ ভিতৰত এটা পদ খালী হৈ আছে। কিছুমান সংৰক্ষিত এলেকাত সুৰক্ষা কৰ্মীৰ অভাৱ ৪০ শতাংশ পৰ্যন্ত হৈছেগৈ। কমেও ২০টা বাঘ সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰৰ বিৰুদ্ধে যুঁজিবলৈ পৰ্যাপ্ত বনকৰ্মী নাই।

ইয়াৰ উপৰিও, বাঘৰ মৃত্যুৰ কাৰণ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত ফৰেনছিক লেবসমূহতো বিশেষজ্ঞ আৰু কাৰিকৰী কৰ্মচাৰীৰ অভাৱ দেখা গৈছে। ইয়াৰ ফলত নমুনা পৰীক্ষাত বিলম্ব ঘটে আৰু বহু ক্ষেত্ৰত চোৰাং চিকাৰীয়ে পলায়ন কৰিবলৈ সক্ষম হয়। তথ্য অনুসৰি, চোৰাং চিকাৰৰ সৈতে জড়িত অপৰাধমূলক গোচৰ ২০২৪ চনৰ ৬৭টাৰ পৰা বৃদ্ধি পাই ২০২৫ চনত এতিয়ালৈকে ১৪০টালৈ বৃদ্ধি পাইছে।

নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক এনটিচিএৰ এজন শীৰ্ষ বিষয়াই কয় যে “আমি অতি সীমিত সম্পদেৰে কাম কৰি আছো। ফৰেনছিক লেবত কৰ্মচাৰীৰ অভাৱৰ বাবে নমুনা বিশ্লেষণত বিলম্ব হয়, যাৰ ফলত চোৰাং চিকাৰৰ গোচৰত দ্ৰুত ব্যৱস্থা লোৱাটো কঠিন হৈ পৰে।” এই জটিল পৰিস্থিতিৰ মাজতে চৰকাৰে মানুহ-বাঘৰ সংঘাত হ্ৰাস কৰিবলৈ কিছু পদক্ষেপ গ্ৰহণ কৰিছে যদিও মূল সমস্যাটো, অৰ্থাৎ বন বিভাগত পৰ্যাপ্ত কৰ্মচাৰী নিযুক্তিৰ দিশটো সম্পূৰ্ণৰূপে সমাধান হোৱা নাই।

উল্লেখ্য যে উন্নত সংৰক্ষণ ব্যৱস্থা আৰু কঠোৰ নীতিৰ ফলত ২০০৬ চনত প্ৰায় ১,৫০০তকৈ কম থকা ভাৰতৰ বাঘৰ সংখ্যা বৰ্তমান ৩,০০০ৰো অধিকলৈ বৃদ্ধি পাইছে। তথাপিও, বৰ্তমানৰ এই সমস্যাসমূহ অব্যাহত থাকিলে সেই অগ্ৰগতি বিপন্ন হ’ব পাৰে বুলি বিশেষজ্ঞসকলে সকীয়াই দিছে।

বন্যপ্ৰাণী সংৰক্ষণ সংগঠনসমূহে দাবীস কৰিছে যে, চৰকাৰী খালী পদসমূহ অতি সোনকালে পূৰণ কৰাৰ ল’গতে অধিক বন কৰ্মীক উন্নত প্ৰশিক্ষণ প্ৰদান কৰিব লাগে। তদুপৰি পথ আৰু বিদ্যুৎ লাইন আদিৰ পৰা বাঘক সুৰক্ষিত ৰাখিবলৈ কৰিডৰ আৰু বিশেষ সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিব লাগে।

পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ নকৰিলে ভাৰতৰ বাঘ সংৰক্ষণৰ সফল কাহিনী এক মৰ্মান্তিক পৰিস্থিতিলৈ ৰূপান্তৰিত হ’ব পাৰে বুলি তেওঁলোকে সঁকিয়নি প্ৰদান কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm
৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

June 24, 2026 11:40 am
ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

June 24, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd