TikTok surpasses Google চলিত বছৰত আটাইতকৈ জনপ্ৰিয় ৱেবছাইট হিচাপে Google ক অতিক্ৰম TikTokৰ

tiktok12

TikTok surpasses Google চলিত বছৰৰ আটাইতকৈ জনপ্ৰিয় ৱেবছাইট হিচাপে গুগলক অতিক্ৰম কৰিছে টিকটকে। ৱেব ছিকিউৰিটি তথা পাৰফৰ্মেন্স সংস্থা ক্লাউডফ্লেয়াৰৰ শেহতীয়া তথ্যই এই কথা নিশ্চিত কৰিছে।

সংস্থাটোৱে ক্লাউডফ্লেয়াৰ ৰাডাৰ টুল ব্যৱহাৰ কৰি ডাটা ট্ৰেক কৰি এই তথ্য লাভ কৰা বুলি জানিবলৈ দিছে।

বিগত বৰ্ষৰ ছেপ্টেম্বৰত আৰম্ভ কৰা এই টুলৰ জৰিয়তে লাভ কৰা তথ্যত যোৱা বছৰত ক্লাউডফ্লেয়াৰৰ তালিকাৰ সপ্তম স্থানত আছিল টিকটক।

Also Read: ৰাধাৰ ৰূপত অশ্লীল নৃত্য! ছানী লিয়নিৰ নতুন গানৰ ভিডিঅ’ত ধৰ্মীয় আবেগক আঘাত হনাৰ অভিযোগ

বাৰ্ষিক পৰ্যালোচনা কৰা ব্লগ প’ষ্টত ক্লাউডফেয়াৰে লিখা মতে চলিত বছৰৰ ১৭ ফেব্ৰুৱাৰীত এদিনৰ বাবে টিকটক শীৰ্ষস্থানত উঠিছিল।

আনহাতে, মাৰ্চ আৰু মে মাহতো বহুকেইদিনৰ বাবে শীৰ্ষস্থানত আছিল টিকটক ৱেবছাইট। কিন্তু ১০ আগষ্টৰ পাছৰে পৰা অধিকাংশ দিন টিকটক ৱেবছাইট শীৰ্ষত আছে। তাৰমাজত কেইদিনমানৰ বাবে ১নম্বৰ স্থানত থাকিলেও অক্টোবৰ-নৱেম্বৰ মাহত শীৰ্ষস্থান অক্ষুন্ন ৰাখিছিল টিকটকে।

ইপিনে, ২০২১ বৰ্ষত গুগলৰ পাছত জনপ্ৰিয়তাৰ তালিকাত আছে ফেচবুক, মাইক্ৰ’ছফট, এপ’ল, এমাজন, নেটফ্লিক্স, ইউটিউব, টুইটাৰ আৰু হোৱাটছএপ।

Also Read: দক্ষিণ আফ্ৰিকা ভ্ৰমণত ধোনীৰ ৰেক’ৰ্ড ভংগৰ সুযোগ ঋষভ পণ্টৰ

ক্লাউডফেয়াৰৰ আটাইতকৈ জনপ্ৰিয় ড’মেইন হিচাপে স্থান লাভ কৰাৰ সমান্তৰালকৈ আটাইতকৈ জনপ্ৰিয় ছচিয়েল মিডিয়া ছাইট হিচাপেও ফেচবুকক অতিক্ৰম কৰিছে টিকটকে।