• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

Tips for Managing Aches : সুন্দৰীৰ সৌন্দৰ্য্য নষ্ট কৰে শালমইনাই! আহকচোন তাৰ প্ৰতিকাৰৰ বিষয়ে জানো

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 26, 2022 12:24 pm
TIPS FOR MANAGING ACNE
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শালমইনা ছালৰ ভিতৰৰ তৰপ ডাৰ্মিচত থকা তৈল গ্ৰন্থি (ছেবাছিয়াছ গ্ৰন্থি)ৰ বেমাৰ। ই সাধাৰণতে বয়:সন্ধিৰ সময়ৰ পৰা আৰম্ভ হয় আৰু ২৫/৩০ বছৰ বয়সত নাইকিয়া হয়।

এইখিনি সময়ত তৈল গ্ৰন্থিবোৰ বৰ সক্ৰিয় হৈ থাকে। এই গ্ৰন্থিবোৰে Sebum নামৰ এবিধ তেলেতীয়া বস্তু নি:সৰণ কৰে। এই গ্ৰন্থিবোৰ গোটেই গাতে যদিও মুখমণ্ডল, বক্ষস্থল আৰু পিঠিৰ ওপৰভাগত বেছিকৈ থাকে। এই গ্ৰন্থিবোৰ নোমৰ গুৰিত থাকে আৰু ই নি:সৰণ কৰা তৈল পদাৰ্থ নোমৰ গুৰিৰ বিন্ধাইদি ছালৰ বাহিৰলৈ ওলাই আহে।

Apply Now

এই তৈল পদাৰ্থবোৰে নোমবোৰ নৰম আৰু নমনীয় কৰি ৰাখে লগতে ইয়াক চিকমিকিয়া কৰি ৰাখে। আনহাতে তৈল পদাৰ্থই গাৰ ছালক কিছু পৰিমাণে পানী সৰকিব নোৱাৰা কৰি ৰাখে। ই লগতে ছালখনত শুকাই যোৱা বা ফাটি যোৱাৰ পৰা ৰক্ষা কৰে, বিশেষকৈ যেতিয়া ছালখন ৰ’দ তাপ আদিৰ দ্বাৰা আক্ৰান্ত হয়।

তৈল পদাৰ্থই ছালৰ সংস্পৰ্শলৈ অহা বেক্টেৰীয়া আৰু ভেঁকুৰবোৰক নিধন কৰে। গতিকে ছালখন সহজে বেক্টেৰীয়া আৰু ভেঁকুৰজনিত ৰোগৰ দ্বাৰা আক্ৰান্ত নহয়।

তৈল গ্ৰন্থিবোৰ যদিও জন্মতে নিষ্ক্ৰিয় হৈ থাকে, বয়:সন্ধিৰ লগে লগে যৌন হৰ’মনৰ প্ৰভাৱত এইবোৰ সক্ৰিয় হৈ উঠে। এইবোৰ আকৃতিত ডাঙৰ হৈ আহে আৰু বেছিকৈ তৈল পদাৰ্থ নি:সৰণ কৰিবলৈ ধৰে। এই তৈল পদাৰ্থবোৰ ছালখন বেছিকৈ তেলেতীয়া কৰি পেলায়।

আনহাতে আমাৰ ছালত বিভিন্ন ধৰণৰ বেক্টেৰীয়া থাকে। এই বেক্টেৰীয়াবোৰে, বিশেষকৈ Propionebacterium acnes নামৰ এবিধ বেক্টেৰীয়াই লাইপেজ জাতীয় কেতবোৰ এনজাইম উৎপন্ন কৰি তৈল পদাৰ্থত থকা তেল বোৰক হজম কৰি যথেষ্ট পৰিমাণে মুক্ত স্নেহ অম্ল উৎপন্ন কৰে। এই মুক্ত স্নেহ অম্লই, তৈল পদাৰ্থৰ অন্যান্য উপাদান আৰু বেক্টেৰীয়াবোৰৰ লগ হৈ শালমইনাৰ সৃষ্টি কৰে।

আনহাতে, শালমইনা অত্যাধিক পৰিমাণে হ’ব পাৰে, যদি-

১)মুখত আৰু মূৰত তেল ঘঁহা হয় বা তেলযুক্ত প্ৰসাধন ব্যৱহাৰ কৰা হয়।

২)কিছুমান ঔষধ Corticosteroids, Bromides, Lithium, Isoniazid আদি খালে।

৩)অত্যাধিক আবেগ বা মানসিক চাপত ভুগিলে।

৪)অত্যাধিক গৰম আৰু বৰষুণৰ বতৰত ওলালে।

৫)অনবৰত শালমইনাবোৰ নখেৰে খুচৰি থাকিলে।

Also read : Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

শালমইনা হ’লে ল’বলগীয়া যতন সমূহ জানো আহক:-

১) সঘনাই মুখ চাবোন আৰু বিশুদ্ধ পানীৰে ধুব লাগে। সদায় লক্ষ্য ৰাখিব লাগে যে যাতে মুখখন তেলেতীয়া হৈ নাথাকে। যদি তেনে হয়, লগে লগে চাবোন আৰু পানীৰে মুখ ধুব লাগে। অতি কমেও দিনত কামৰ পৰা অহাৰ পিছত, ৰাতি শোৱাৰ সময়ত আৰু ৰাতিপুৱা শুই উঠি মুখখন চাবোনেৰে ধুব লাগে।

তেল আৰু গ্লিচাৰিন থকা চাবোন ব্যৱহাৰ কৰিব নালাগে। পাৰিলে চাবোনৰ সলনি বেচন ব্যৱহাৰ কৰা ভাল। বিশুদ্ধ, জীৱাণুমুক্ত পানীহে মুখ ধোৱা বা গা ধোৱাত ব্যৱহাৰ কৰিব লাগে।

২) মুখ ধোৱাৰ পিছত সদায় পৰিষ্কাৰ টাৱেল বা তেনে ধৰণৰ কোমল কাপোৰৰ দ্বাৰা মুখ মচিব লাগে।

৩) মুখত কেতিয়াও তেল বা গ্লিচাৰিনযুক্ত প্ৰসাধন লগাব নালাগে।

৪) মূৰ আৰু চুলিবোৰ কমেও সপ্তাহত দুবাৰকৈ শ্বেম্পু নতুবা ৰিঠা আৰু বিশুদ্ধ পানীৰে ধুব লাগে।

৫) শালমইনা হ’লে মূৰত বা চুলিত তেল সানিব নালাগে।

৬) শালমইনাবোৰ হাতেৰে খুচৰি থাকিব নালাগে। কিয়নো হাতৰ আঙুলি আৰু নখবোৰ অনুজীৱৰ প্ৰধান উৎস। হাত মাজে মাজে চাবোন আৰু পৰিষ্কাৰ পানীৰ দ্বাৰা চফা কৰিব লাগে আৰু পৰিষ্কাৰ কাপোৰৰ দ্বাৰাহে মচিব লাগে।

৭) চাফ-চিকুণতাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব লাগে। ৰাতি শোৱা বিছনা, পিন্ধা কাপোৰ, থকা কোঠালী, পঢ়া, টেবুল, কাম কৰা ঠাই আদি পৰিষ্কাৰ-পৰিচন্ন হ’ব লাগে।

Also read : Tips for charging smartphones: কেনেদৰে আপোনাৰ স্মাৰ্টফোনটো দ্ৰুততাৰে চাৰ্জ কৰিব? জানি লওক এইকেইটা উপায়

৮) খাদ্য নিৰ্ভেজাল আৰু প্ৰাকৃতিক হব লাগে। ভাতৰ লগত যথেষ্ট পৰিমাণে সতেজ সেউজীয়া শাক-পাচলি খাব লাগে। প্ৰচুৰ পানী আৰু ফল-মুল খাব লাগে। এইবোৰ খাদ্যৰ দ্বাৰা মানুহৰ শৌচ, পেচাব নিয়মীয়া আৰু খোলোচা হয়। ফলত অযথা অস্বস্তি দূৰ হয়।

৯) যিকোনো ধৰণৰ মানসিক চাপ, উৎকন্ঠা আদি এৰাই চলিব লাগে।

Also read : Migraines: মাইগ্ৰেইনৰ সমস্যাত ভূগিছে নেকি? আহকচোন তাৰ বিষয়ে জানি লওঁ কেইটামান গুৰুত্বপূৰ্ণ কথা

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am
চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

September 15, 2026 10:29 am
নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

September 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am
চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd