মহানগৰীৰ পাঞ্জাবাৰীত আজি দুপৰীয়া সংঘটিত হোৱা এক গুলীচালনাৰ ঘটনাত আহত ৰঞ্জিত বৰাৰ মৃত্যু ঘটাৰ ঘটনাই সমগ্ৰ ৰাজ্য খনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।দুৰ্বৃত্তৰ গুলীত আহত বৰাক জিএমচিএইচলৈ নিয়াৰ পথতেমৃত্যু হয়।
পাঞ্জাবাৰীত দুৰ্বৃত্তৰ গুলীচালনাত গুৰুতৰভাৱে আহত হৈছিল বৰা। পূৰৱী ডায়েৰীৰ বিতৰক আছিল নিহত ৰঞ্জিত বৰা।
বেংকত ধন জমা কৰিবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই বৰাক লক্ষ্য কৰি গুলীচালনা কৰিছিল। পাঞ্জাবাৰী পথৰ শিল্পগ্ৰামৰ সমীপত সংঘটিত হৈছিল ঘটনাতো।
পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ মূৰত গুলী লাগিছিল। দুৰ্বৃত্তই বৰাক গুলী কৰি তেওঁৰ লগত থকা ৫ লাখ টকা লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
প্ৰত্যক্ষদৰ্শীৰ মতে দুৰ্বৃত্তৰ দলটোত তিনিজন লোক আছিল। ঘটনাটোৱে অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে।
ইপিনে মহানগৰীত লোকচক্ষুৰ সন্মুখতে ঘটা এনে হত্যাকাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তৃণমূল কংগ্ৰেছৰ অসম শাখাই। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়:’আজি পূৰবী ডেইৰীৰ এগৰাকী বিষয়াক দিন দুপৰতে দুৰ্বৃত্তই ৰাজপথত গুলীয়াই হত্যা কৰা ঘটনাক আমি অসম তৃণমূল কংগ্ৰেছ দলে গৰিহণা দিছো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো।
চৰকাৰে আৰক্ষী শক্তিশালী হোৱা বুলি দাবী কৰাৰ বিপৰীতে মহানগৰীত দিনক দিনে অপৰাধজনিত কাৰ্যকলাপ বৃদ্ধি পাই অহাটো আমি বৰ উদ্বিগ্নতাৰে লক্ষ্য কৰিছো। এই কথাই আৰক্ষীৰ দুৰ্বলতাক উদঙাই দিছে। আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অপৰাধীয়ে আজি দুন দুপৰতে হত্যাকাণ্ড সংঘটিত কৰিবলৈ সাহস কৰিছে। বিগত সময়ছোৱাত মহিলাৰ চেইন কাঢ়ি নিয়াৰ ঘটনাও সঘনাই হোৱা দেখি আহিছো, কিন্তু কোনো এটা ঘটনাত জড়িতক কৰায়ত্ব কৰিব পৰা নাই।
আমি আজিৰ ঘটনাটো সন্দৰ্ভত উচিত তদন্ত কৰি দোষীক বিচাৰি উলিয়াই উপযুক্ত শাস্তি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছো।’